প্ৰথমে কিশোৰীক ধৰ্ষণ, তাৰ পাচত গাঁৱৰ যুৱকক হত্যা; ন্যায়ৰ দাবীত জ্বলিছে ধেমাজি - ABSU protest
Hiranmoy Khaklari murder case : এবছুৰ উদ্যোগত ধেমাজিত প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰায় তিনিঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰে ৷ তাৰ ভিতৰত হিৰন্ময় খাকলাৰী হত্যাকাণ্ডৰ প্ৰসংগ অন্যতম ৷

Published : May 23, 2024 at 9:39 AM IST
জোনাই, 23 মে’: বিগত কিছুদিনৰ পৰা ধেমাজি জিলাত ঘটি থকা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল এবছু ৷ সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত বুধবাৰে পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে এবছুৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি চিমেন নদীৰ সমীপত এই কাৰ্যসূচীৰ সামৰণি মাৰে ৷
প্ৰায় তিনিঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰে ৷ তাৰ ভিতৰত আছিল- দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী হত্যাকাণ্ডত জড়িত ধন আলী তালুকদাৰ, শ্বেখাবৰ আলী, পাৰমিনা বেগম আৰু কিশোৰী ধৰ্ষণকাৰী ধন আলী তালুকদাৰ, বাহাৰ আলী, ৰহমান আলীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী অন্যতম ৷
লগতে পঢ়ক: ন-বোৱাৰীক হত্যাৰ অভিযোগ; চিতাৰ পৰা উঠাই নিলে আধাজ্বলা মৃতদেহ - Murder For Dowry
এবছু নেতা বডোছা ব্ৰহ্ম, ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো, উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক উদাং বি বডোছাৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা এবছু কৰ্মীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ নিখিল বড়ো ছাত্ৰ সন্থা জিন্দাবাদ, হত্যাকাৰীক ফাঁচী দিয়ক, দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী হত্যাকাৰী আৰু কিশোৰী ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, ভক্তভোগী পৰিয়ালক উচিত ন্যায় প্ৰদান কৰক, কিশোৰী ধৰ্ষণকাৰী নিপাত যাওঁক, আমাৰ দাবী মানিবই লাগিব, বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতলৈ হস্তান্তৰ কৰক আদি শ্ল’গান আওৰাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়োৱে কয় যে, বিগত ৩ মে’ত দুধনৈত অনুষ্ঠিত ৰংজালি বৈসাগু উৎসৱৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি দুজনী কিশোৰী ঘৰলৈ আহি থকা অৱস্থাত টাঙাবাৰীত ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীয়ে ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ যায় ৷
লগতে পঢ়ক: গোলাঘাটৰ ১ নং ভোলাগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা - Brutal Murder
এই ঘটনাত জড়িত থকাৰ অভিযোগত এটা যুৱকৰ দলে ধন আলী তালুকদাৰক বিচাৰি টাঙাবাৰীত উপস্থিত হোৱাৰ সময়তে লোকজনৰ পৰিয়ালৰ লগতে গাঁৱখনৰ একাংশ লোকে যুৱকৰ দলটোৰ হিৰন্ময় খাকলাৰী, জ্যেষ্ঠ ভাতৃ অমিয় খাকলাৰী আৰু নৰেন্দ্ৰ খাকলাৰী নামৰ তিনিজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণত হিৰন্ময় খাকলাৰীৰ অৱস্থা গুৰুতৰ হোৱা বাবে গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বিগত ১৭ মে’ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় যুৱকজনে ৷
ইতিমধ্যে কিশোৰী ধৰ্ষণকাৰী আৰু হিৰন্ময় খাকলাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীকেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আইনৰ সুৰুঙাৰে যাতে দোষী সাৰি নাযায়, তাৰ বাবে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়াভাৱে ফাষ্টট্ৰেক আদালতত চলাবলৈ এবছুয়ে দাবী জনাই দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ লগতে হিৰন্ময় পৰিয়ালক 20 লাখ টকা আৰু ধৰ্ষিতা কিশোৰীৰ পৰিয়ালক 5 লাখ টকাকৈ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ।
লগতে পঢ়ক: বোৱাৰীয়েকক মৰিয়াই মৰিয়াই মাৰি পেলালে আদিত্য চেতিয়াই - Murder In Dibrugarh

