ETV Bharat / state

গোলাঘাটৰ ১ নং ভোলাগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা - Brutal Murder

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:06 PM IST

Sensational Murder In Golaghat : খুমটাই সমষ্টিৰ অন্তৰ্গত 1 নং ভোলাগুৰি অঞ্চলত নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ ঘটনাৰ মূল অভিযুক্ত ধনীৰাম চব্বৰক আটক কৰে ঢেকীয়াল আৰক্ষীয়ে ৷

Sensational Murder In Golaghat
হত্যাকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)
১ নং ভোলাগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

গোলাঘাট, 13 মে’ : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত 1 নং ভোলাগুৰি অঞ্চলত নৃশংস হত্যাকাণ্ড ৷ দেওবাৰে নিশা এজন যুৱকক প্ৰহাৰ কৰি হত্যা কৰিলে চুবুৰীয়া এজন যুৱকে ৷ 1 নং ভোলাগুৰিৰ সন্তোষ চব্বৰক (18) দাৰে ঘপিয়াই, লাঠিৰে মৰিয়াই প্ৰতিবেশী ধনীৰাম চব্বৰ ওৰফে প্ৰবীনে নামৰ ব্যক্তিজনে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

মৃত যুৱকজনৰ পৰিয়ালৰ অভিযোগ অনুসৰি একে চুবুৰীৰে ধনীৰাম চব্বৰে সন্তোষক ঘৰৰ পৰা মাতি নি কোনো কথাত কাজিয়াত লিপ্ত হয় ৷ কাজিয়াই চূড়ান্ত ৰূপ লোৱাত ধনীৰাম চব্বৰে সন্তোষ চব্বৰক দা আৰু লাঠীৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ ঘটনাৰ পাচতে সন্তোষক চব্বৰক সংকটজনক অৱস্থাত ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় সন্তোষ চব্বৰে ৷

ইয়াৰ পাচতে ঢেকীয়াল আৰক্ষী চকীত সন্তোষৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷ লগে লগে ঘটনাৰ মূল অভিযুক্ত ধনীৰাম চব্বৰক আটক কৰে ঢেকীয়াল আৰক্ষীয়ে ৷ আনহাতে মূল অভিযুক্ত ধনীৰামৰ ককায়েক থানুৰাম চব্বৰক আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ সন্তোষৰ পিতৃ-মাতৃয়ে দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে ৷ সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ উল্লেখ্য যে ধনীৰামে দা আৰু পাইপ জাতীয় সামগ্ৰীৰে মূৰ আৰু শৰীৰৰ বিভিন্ন স্থানত প্ৰহাৰ কৰাৰ বাবে মৃত্যু হয় সন্তোষৰ ৷ ইফালে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে সন্তোষৰ পিতৃ-মাতৃ ৷ সন্তোষ অঞ্চলটোৰ এজন অমায়িক স্বাভাৱৰ যুৱক আছিল বুলিও স্থানীয় গাওঁবুঢ়াই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : মৃত্যুৰ সৈতে যুঁজি ১২ দিনৰ অন্তত হাৰ মানিলে গুলীবিদ্ধ বাবা শ্যামে - Golaghat Firing News

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.