ETV Bharat / state

মৃত্যুৰ সৈতে যুঁজি ১২ দিনৰ অন্তত হাৰ মানিলে গুলীবিদ্ধ বাবা শ্যামে - Golaghat firing news

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:34 AM IST

Updated : May 13, 2024, 10:45 AM IST

Man dies in Police Firing : গোলাঘাট আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা বাবা শ্যাম নামৰ লোকজনৰ অৱশেষত মৃত্যু হ’ল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷

golaghat mental patient baba shyam dies after 13 days of  battle with golaghat police firing
আৰক্ষীৰ গুলীত মৃত্যু (ETV BHARAT ASSAM)
আত্মীয়ৰ ভাষ্য (ETV BHARAT ASSAM)

গোলাঘাট, 13 মে’ : অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে গোলাঘাট আৰক্ষীৰ গুলীত আহত হোৱা বাবা শ্যাম নামৰ লোক জনে । বিগত ১২ টা দিন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাচত দেওবাৰে মৃত্যুক আঁকোৱালি লয় বাবা শ্যামে । পৰিয়াল তথা স্থানীয় ৰাইজৰ মতে মানসিক ৰোগী আছিল বাবা শ্যাম । এই ঘটনাৰ পাচতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কুমাৰপট্টিত ।

দেওবাৰে নিশা বাবা শ্যামৰ মৃতদেহ গোলাঘাটৰ বাসগৃহত উপস্থিত হোৱাৰ লগে-লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । তাৰ পাচতে স্থানীয় ৰাইজৰ সহযোগত গোলাঘাটৰ মুক্তিধাম শ্মশানত তেওঁ শেষকৃত্য সম্পন্ন কৰা হয় ।

ইফালে বাবা শ্যামৰ পৰিয়াল তথা ৰাইজৰ প্ৰশ্ন আৰক্ষীক গুলীওৱাৰ অধিকাৰ কোনে দিলে ? বাবা শ্যামক গুলীওৱাৰ পৰিৱৰ্তে জেইলত ভৰাই নথলে কিয় ? কি হ’ব বাবা শ্যামৰ পৰিয়াল তথা সন্তানৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ন্যায়ৰ দাবী তুলি পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব চৰকাৰক ল’বলৈ আহ্বান জনাই স্থানীয় ৰাইজে ।

অৱশ্যে আৰক্ষীৰ গুলীত নে অন্য কিবা কাৰণত বাবা শ্যামৰ মৃত্যু হৈছে নে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আনহাতে এই সমগ্ৰ ঘটনাৰ বিষয়ে গোলাঘাট আৰক্ষীয়ে বৰ্তমানলৈকে কোনো স্পষ্ট মতামত দিয়া পৰিলক্ষিত হোৱা নাই ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, ৩০ এপ্ৰিলৰ দিনৰ ভাগত গোলাঘাটৰ কুমাৰপট্টিত চোকা অস্ত্ৰৰে দুগৰাকী লোকক আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছিল বাবা শ্যামৰ বিৰুদ্ধে । তাৰ পাচতে স্থানীয় লোকে গোলাঘাট সদৰ আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষীৰ এটা দল ।

আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতে বাবা শ্যামে আৰক্ষীৰ লোকক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷ তাৰ পাচতে আৰক্ষীয়ে দুই জাঁই গুলীবৰ্ষণ কৰাত গুলীবিদ্ধ হৈছিল বাবা শ্যাম । আৰক্ষীয়ে ততাতৈয়াকৈ আহত বাবা শ্যামক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল বাবা শ্যামক ।

সেই তেতিয়াৰ পৰাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল বাবা শ্যাম ৷ অৱশেষত বিগত ১২ টা দিন অন্তত মৃত্যু হয় শ্যামৰ ৷

লগতে পঢ়ক : মোৰ ল’ৰাটোক আৰক্ষীয়ে গুলীয়ালে... দুৰ্ভগীয়া মাতৃৰ কান্দোন - Golaghat firing news

Last Updated : May 13, 2024, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.