ETV Bharat / state

মোৰ ল’ৰাটোক আৰক্ষীয়ে গুলীয়ালে... দুৰ্ভগীয়া মাতৃৰ কান্দোন - Golaghat firing news

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 3:28 PM IST

police firing a mental patient in Golaghat
মোৰ ল’ৰাটোক আৰক্ষীয়ে গুলীয়ালে... দুৰ্ভগীয়া মাতৃৰ কান্দোন

Golaghat firing news : গোলাঘাটত পুনৰ গৰজিল আৰক্ষীৰ অস্ত্ৰ ৷ বাবা শ্যাম নামৰ এজন লোকক আৰক্ষীয়ে ভৰিত গুলীওৱাৰ ঘটনা সংঘটিত হৈছে ৷

গোলাঘাট, 30 এপ্ৰিল : গোলাঘাট জিলাৰ কুমাৰপট্টি অঞ্চলত মঙলবাৰে আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছে । আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাবা শ্যাম নামৰ এগৰাকী লোক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গোলাঘাট নগৰৰ কুমাৰপট্টি অঞ্চলৰ বাবা শ্যাম নামৰ এজন লোকে পুৱাৰে পৰা বিভিন্ন লোকক কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ কৰি আছিল । বাবাই ৰিতু বৰা নামৰ এগৰাকী মহিলাক আক্ৰমণৰ চেষ্টা কৰাত মহিলাগৰাকীয়ে স্বামী সঞ্জীৱ বৰাক খবৰ দিয়ে ৷ ততালিকে তেওঁ ঘৰত উপস্থিত হোৱাত পাচফালৰ পৰা এডাল ৰ’ডেৰে প্ৰহাৰ কৰে লোকজনে ।

লগে লগে স্থানীয় ৰাইজে আহত সঞ্জীৱ বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷ আৰক্ষীয়ে এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে-লগে আৰক্ষীকো প্ৰহাৰ কৰিবলৈ আগবাঢ়ি আহে বাবা শ্যামে ।

মোৰ ল’ৰাটোক আৰক্ষীয়ে গুলীয়ালে... দুৰ্ভগীয়া মাতৃৰ কান্দোন

আৰক্ষীয়ে বাৰম্বাৰ বাবা শ্যামক বাধা প্ৰদান কৰিছিল যদিও পুনৰ বাবা নামৰ লোকজনে এডাল ৰ’ডেৰে আৰক্ষীক প্ৰহাৰ কৰিবলৈ লওঁতেই আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে এজাঁই গুলী শূন্যলৈ আৰু আন এটা গুলী বাবা শ্যামৰ ভৰিলৈ বুলি লক্ষ্য কৰি নিক্ষেপ কৰে ৷ লোকজনৰ হাতত থকা ৰ’ডত লাগি গুলীটো মুখমণ্ডলত লাগে ৷

এই ঘটনাৰ পাচতে ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ বাবা শ্যামক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে বাবা শ্যাম এগৰাকী মানসিক ৰোগী বুলি মন্তব্য কৰিছে মাতৃয়ে ৷ পুত্ৰৰ শৰীৰত গুলী লগা দেখি মাতৃয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ সম্প্ৰতি বাবা চিকিৎসাধীন অৱস্থাত আছে ৷

লগতে পঢ়ক: ডাকঘৰৰ পকী ছাদ খহি পৰাত হাহাকাৰ পৰিস্থিতি গ্ৰাহকৰ মাজত - Amguri post office collapses

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.