ETV Bharat / state

মৰিয়নীৰ নিৰুদ্দিষ্ট দুই ছাত্ৰী বিহাৰত উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 12:07 PM IST

parents recover mariani missing students from bihar
মৰিয়নীৰ নিৰুদ্দিষ্ট দুই ছাত্ৰী

Mariani missing students: বিহাৰত উদ্ধাৰ হোৱা মৰিয়নীৰ নিৰুদ্দিষ্ট দুই ছাত্ৰী মৰিয়নীত উপস্থিত । মৰিয়নী থানাত উপস্থিত দুই ছাত্রীসহ অভিভাৱক ৷

অভিভাৱকৰ ভাষ্য

যোৰহাট, 24 ফেব্ৰুৱাৰী : আৰক্ষীৰ পদক্ষেপলৈ বাট নাচাই অভিভাৱকে বিহাৰলৈ গৈ উদ্ধাৰ কৰিলে মৰিয়নীৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰী ৷ উদ্ধাৰ কৰি আনিয়েই ছাত্ৰীসহ মৰিয়নী থানাত উপস্থিত হয় অভিভাৱক ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া মৰিয়নী দুই ছাত্ৰী পৰীক্ষাৰ পূৰ্বে অৰ্থাৎ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ অভিভাৱকসহ শুকুৰবাৰৰ নিশা ৰে’ল যোগে মৰিয়নীত উপস্থিত হয় তেওঁলোক ।

তাৎপৰ্যপূৰ্ণ যে দুই ছাত্ৰীক বেংগালুৰুৰ পৰা আহি থকা অৱস্থাত অভিভাৱকে বিহাৰত উদ্ধাৰ কৰে ৷ তেওঁলোকক উদ্ধাৰ কৰিবলৈ অভিভাৱকৰ লগত আৰক্ষী যোৱা নাছিল । অভিভাৱকৰ ভাষ্য অনুসৰি আৰক্ষীয়ে সহায়-সহযোগিতা অগবঢ়াইছিল যদিও কিন্তু তেওঁলোকক আনিবলৈ যোৱা নাছিল ৷ শুকুৰবাৰে দুই ছাত্ৰী পিতৃ-মাতৃৰ সৈতে বিবেক এক্সপ্ৰেছৰ জৰিয়তে মৰিয়নী জংচনত উপস্থিত হয় । মৰিয়নী জংচনৰ পৰা পোনে পোনে অভিভাৱকৰ সৈতে দুই ছাত্ৰীৰ হাজিৰ হয় মৰিয়নী আৰক্ষী থানাৰ আৰক্ষী ওচৰত ।

উল্লেখ্য যে, এই গোটেই ঘটনাটোত নাম সাঙোৰ খাই পৰা বিকিক এক অপৰাধত মৰিয়নী আৰক্ষীয়ে আটক কৰাৰো অভিযোগ আছে ৷ বিকিয়ে মৰিয়নী ত্যাগ কৰি বেংগালুৰুৰ এটা কোম্পানীত কাম কৰি আছিল আৰু দুই নিৰুদ্দেশ হোৱা ছাত্ৰীৰ এগৰাকী লগত সঘন যোগাযোগ আছিল বুলি জানিব পৰা গৈছে ।

আনহাতে বহিঃৰাজ্যৰ পৰা দুই গৰাকী ছাত্ৰীয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি অভিভাৱকলৈ ফোন কৰি বিভ্ৰান্তিকৰ মন্তব্য প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে । এই নিৰুদ্দেশৰ ঘটনাত কোন জড়িত আছে আৰু কি কাৰণ জড়িত আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : মৰিয়নীৰ ছাত্রী নিৰুদ্দেশ: ঘটনাৰে জড়িত তিনি যুৱক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.