ETV Bharat / state

মৰিয়নীৰ ছাত্রী নিৰুদ্দেশ: ঘটনাৰে জড়িত তিনি যুৱক !

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 9:29 PM IST

Students Missing From Mariani : মৰিয়নী পৰা ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই লৈছে অন্য এক মোৰ ৷ তেওঁলোকক বহিঃৰাজ্যলৈ পঠোৱাত মৰিয়নীৰ আন এগৰাকীয়ে সহায় কৰাৰ কথা ফোনযোগে জানিবলৈ দিছিল নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীয়ে ৷

Students Missing From Mariani
মৰিয়নীৰ ঘটনাৰ নতুন মোৰ

মৰিয়নীৰ ছাত্ৰী সন্ধানহীন হোৱা ঘটনাৰ অন্য এক মোৰ

যোৰহাট, 18 ফেব্ৰুৱাৰী : মৰিয়নী পৰা 12 ফেব্ৰুৱাৰী দিনা সন্ধানহীন হোৱা দুই ছাত্ৰীয়ে শনিবাৰে নিশা পিতৃ-মাতৃলৈ ফোন কৰাৰ পিছতে এই ঘটনাই লৈছে অন্য এক মোৰ ৷ সন্ধানহীন হোৱা এগৰাকী ছাত্ৰীয়ে ঘৰলৈ ফোন কৰি 19 ফেব্ৰুৱাৰীত কলিকতাৰ পৰা নিজ ঘৰলৈ উভটিব বুলি জনাইছিল আৰু বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাত ক্ষোভ প্ৰকাশ কৰিছিল ছাত্ৰী দুগৰাকীয়ে ৷

তেওঁলোকক বহিঃৰাজ্যলৈ পঠোৱাত মৰিয়নীৰ আন এগৰাকী ছাত্ৰীয়ে সহায় কৰাৰ কথা ফোনযোগে জানিবলৈ দিছিল নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীয়ে ৷ আনহাতে দুইগৰাকী ছাত্ৰীয়ে ফোনযোগে মৰিয়নীৰ আন এগৰাকী ছাত্ৰীয়ে দুয়োগৰাকীক বহিঃৰাজলৈ যোৱাত সহায় কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিচত সংবাদ মাধ্যমৰ আগত কয় যে, এই ঘটনাৰ লগত যোৰহাটৰ তিনি যুৱক জড়িত আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই তিনি যুৱকৰে সৈতে নিৰুদিষ্ট যুৱতী কেইগৰাকীয়ে 11 ফেব্ৰুৱাৰীৰ দেওবাৰে যোৰহাটৰ এটা হোম ষ্টে’ত দিনটো অতিবাহিত কৰিছিল ৷ লগতে তেওঁলোকে কয় যে নিৰুদিষ্ট ছাত্ৰী দুগৰাকীয়ে মৰিয়নী নিজৰাপাৰৰ জুৱেল ওৰফে বিকিৰ লগত দীৰ্ঘদিনৰ পৰা ফোন যোগে যোগাযোগ ৰাখিছিল ৷ বিকিৰ প্ৰৰোচনাত বাংগালুৰুলৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে, যোৰহাটৰ মৰিয়নীৰ পৰা নিখোঁজ হৈছিল দুগৰাকীকৈ ছাত্ৰী ৷ নিৰুদ্দেশ হোৱা এগৰাকী ছাত্ৰী চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ৷ সোমবাৰৰ পৰা মৰিয়নীৰ নাগাজংকা কল্যাণপুৰৰ ছাত্ৰী দুগৰাকী সন্ধানহীন হৈ আছিল ৷ সোমবাৰে দুই ছাত্ৰীয়ে একেলগে নিজ গৃহৰ পৰা ওলাই গৈছিল । তাৰ পিছৰে পৰা দুয়োৰে কোনো খবৰ পোৱা নাছিল পৰিয়ালে ।

লগতে পঢ়ক : মৰিয়নীত ছাত্ৰী নিখোঁজৰ ঘটনা; আৰক্ষীৰ ভূমিকা সন্দেহজনক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.