ETV Bharat / state

মৰিয়নীত ছাত্ৰী নিখোঁজৰ ঘটনা; আৰক্ষীৰ ভূমিকা সন্দেহজনক !

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 2:19 PM IST

মৰিয়নীৰ পৰা নিখোঁজ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰীসহ আন এগৰাকী ছাত্ৰী ৷ পাঁচ দিন ধৰি সন্ধানহীন ছাত্ৰী দুগৰাকী দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গা এৰা দিয়া স্থিতি বুলি অভিযোগ পৰিয়ালৰ লোকৰ ৷

two-student-missing from mariani Jorhat
মৰিয়নীৰ পৰা নিখোঁজ ছাত্ৰী

মৰিয়নীৰ পৰা নিখোঁজ ছাত্ৰী

যোৰহাট, 17 ফেব্ৰুৱাৰী: গুৱাহাটীৰ নুনমাটিৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰীৰ নিৰুদ্দেশ হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ দুগৰাকী ছাত্ৰী নিখোঁজৰ ঘটনা পোহৰলৈ আহিছে । যোৰহাট মৰিয়নীৰ পৰা দুগৰাকীকৈ ছাত্ৰী নিখোঁজৰ খবৰ পোহৰলৈ আহিছে । চিন্তনীয় কথাটো হ’ল যে নিৰুদ্দেশ হোৱা এগৰাকী ছাত্ৰী চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, সোমবাৰৰ পৰা মৰিয়নীৰ নাগাজংকা কল্যাণপুৰৰ ছাত্ৰী দুগৰাকী সন্ধানহীন হৈ আছে । পাঁচদিনে ছাত্ৰী দুগৰাকীৰ কোনো সন্ধান নোলোৱাত চিন্তাত পৰিছে অভিভাৱক আৰু পৰিয়ালবৰ্গ । জানিব পৰা মতে, সোমবাৰে দুই ছাত্ৰীয়ে একেলগে নিজ গৃহৰ পৰা ওলাই গৈছিল । তাৰ পিছৰে পৰা দুয়োৰে কোনো খবৰ পৰিয়ালে পোৱা নাই । ইয়াৰ পিছতেই ছাত্ৰী দুগৰাকী নিখোঁজ সন্দৰ্ভত দুয়োটা পৰিয়ালে মৰিয়নী আৰক্ষীক এজাহাৰ প্ৰদান কৰিছে যদিও আজি পৰ্যন্ত দুই ছাত্রীৰ সম্ভেদ ওলোৱা নাই বুলি জানিব পৰা গৈছে ।

আৰক্ষীক এজাহাৰ প্ৰদান কৰা হৈছে যদিও বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে প্ৰয়োজনীয় গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ ছাত্ৰী দুগৰাকীৰ সন্ধান উলিওৱাৰ পৰিৱৰ্তে নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকী তথা পৰিয়াল দুটিক ঘটনা সন্দৰ্ভত দোষাৰোপ কৰা বুলি গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ উল্লেখ যে, সন্ধানহীন এগৰাকীয়ে সম্বন্ধীয় বায়েকলৈ বুধবাৰে ৱাটচ এপযোগে এক বাৰ্তা প্ৰেৰণ কৰি লিখিছে, “আমি ভালে আছো । আমাৰ কাৰণে চিন্তা কৰিব নালাগে । আমি ল’ৰাৰ লগত নাই । আমি দুয়োজনী একেলগে ধুনীয়াকৈ আছো ।”

ছাত্ৰী দুগৰাকী কোনো নাৰী দেহ ব্যৱসায়ী তথা দুষ্ট চক্ৰৰ কবলত পৰিছে বুলি আশংকাত ভুগিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: নাৰী দেহ ব্যৱসায়ী চক্ৰক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল দিব্যাংগ মাধৱ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.