নাৰী দেহ ব্যৱসায়ী চক্ৰক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল দিব্যাংগ মাধৱ দাসে
Guwahati missing school girls case: দুই কিশোৰীক পশ্চিম বংগৰ নাৰী দেহ ব্যৱসায়ী চক্ৰক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল দিব্যাংগ মাধৱ দাসে ৷ সবিশেষ আগলৈ-

Published : February 16, 2024 at 9:32 PM IST
গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী : নুনমাটিৰ কিশোৰী ছাত্ৰী সন্ধানহীন ঘটনাৰ আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য লাভ । অপহৃত দুই ছাত্ৰীক পশ্চিম বংগৰ নাৰী দেহ ব্যৱসায়ী চক্ৰক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল মাধৱ দাস বাহিনীয়ে । মিছ কলত মাধৱ দাসে দুয়োৰে লগত চিনাকি হৈ দুই গৰাকীকে পশ্চিম বংগত চাকৰি দিয়াৰ প্ৰলোভন দিছিল ।
ছাত্ৰী দুগৰাকীয়ে চাকৰিৰ প্ৰলোভনত পৰি মাধৱ দাসৰ লগত সৰস্বতী পূজাৰ দিনাই টিহুলৈ পলাই গৈছিল । ধৃত মাধৱ দাস নাৰী দেহ ব্যৱসায়ী লগত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । দিব্যাংগ মাধৱ দাসে বাছত মগনীয়া হিচাপে ধন সংগ্ৰহ কৰোতে চিনাকি হৈছিল বহিঃৰাজ্যৰ নাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত । ইয়াৰ পিচতেই মাধৱ দাসে নিজকে ৰাহুল কাশ্যপ বুলি চিনাকি দি বিভিন্ন কিশোৰী আৰু যুৱতীৰ লগত সম্পৰ্ক স্থাপন কৰি নাৰী দেহ ব্যৱসায়ীৰ লগত জড়িত হৈ পৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
নাৰী দেহ ব্যৱসায়ৰ সৈতে জড়িত কৰিবলৈ সৰস্বতী পূজাৰ দিনা নুনমাটিৰ দুই ছাত্ৰীক কৌশলৰে নি টিহুৰ অৰুণ দাসৰ ঘৰত আৱদ্ধ কৰি ৰাখে মাধৱে । এই কাৰ্যত জড়িত বুদ্ধজিৎ কলিতা আৰু অৰুণ দাসে মাধৱ দাসক সহায় কৰিছিল । মোবাইল ফোনৰ কল লোকেশ্যনৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে টিহুত অভিযান চলাই দুই ছাত্ৰীক উদ্ধাৰ কৰাৰ লগতে দুই অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰু গুৱাহাটীত ভাৰাতীয়া হিচাপে থকা সহযোগী বুদ্ধজিৎ কলিতাক গুৱাহাটী চান্দমাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ।
ধৃত বুদ্ধজিৎ কলিতাৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ মহিনাত, মাধৱ দাসৰ ঘৰ নলবাৰী জিলাৰ ধমধমাত আৰু অৰুণ দাসৰ ঘৰ নলবাৰী জিলাৰ সোণপুৰত । সম্প্ৰতি তিনি অভিযুক্তক নুনমাটি থানাত জেৰা কৰি আছে আৰক্ষীয়ে । জেৰাৰ পৰা ওলোৱা তথ্য অনুসৰি ধৃত দিব্যাংগ মাধৱ দাসে দুই কিশোৰীক হাৰিয়ানা আৰু হায়দৰাবাদ লৈ নিয়াৰ পৰিকল্পনা কৰিছিল । এই নাৰী দেহ চক্ৰৰ লগত আন বহু লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । উল্লেখ্য যে, দিব্যাংগ মাধৱ দাসে পেছাত বাছ আৰু ৰে’লত ভিক্ষাৰীৰ ৰূপত ধন সংগ্ৰহ কৰে আৰু অৰুণ দাস পেছাত এজন ফেৰীৱালা ।
লগতে পঢ়ক : মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দিষ্ট দুই ছাত্ৰীক উদ্ধাৰ টিহুত

