ETV Bharat / sports

ৰভমেন পাৱেলৰ নেতৃত্বত ৱেষ্ট ইণ্ডিজৰ টি-২০ বিশ্বকাপ দল ঘোষণা - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 8:42 PM IST

WI Squad for World Cup : এইবাৰৰ আয়োজক দল ৱেষ্ট ইণ্ডিজে টি-20 বিশ্বকাপ, 2024ৰ বাবে তেওঁলোকৰ 15 জনীয়া দল ঘোষণা কৰিছে । ৱেষ্ট ইণ্ডিজ দলত কেইবাজনো আক্ৰমণাত্মক খেলুৱৈ আছে । উল্লেখ্য যে এইবাৰ আমেৰিকাৰ সৈতে ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে বিশ্বকাপ আয়োজন কৰিছে ।

WI Squad for World Cup
ৱেষ্ট ইণ্ডিজৰ টি-২০ বিশ্বকাপ দল ঘোষণা (IANS Photo)

স্পৰ্টছ ডেস্ক, ৪ মে' : অহা মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আয়োজক দল ৱেষ্ট ইণ্ডিজে নিজৰ দল ঘোষণা কৰিছে । ৱেষ্ট ইণ্ডিজে 15 জনীয়া দলটোত কেইবাজনো অভিজ্ঞ খেলুৱৈক সুযোগ দিছে । আনহাতে, যুৱ খেলুৱৈকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য যে ২ জুনৰ পৰা আৰম্ভ হ'বলগা এই টি-২০ বিশ্বকাপৰ বাবে কেৰিবিয়ান দলটোৱে ৰভমেন পাৱেলক অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে । আনহাতে, আলজাৰি যোছেফক দলটোৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

ইয়াৰ উপৰি দলটোত চিমৰন হেটমায়াৰ, জনছন চাৰ্লছ, ৰোষ্টন চেজ, জেচন হল্ডাৰ, শ্বেই হ'পকো স্থান দিয়া হৈছে । উল্লেখ্য যে চিমৰন হেটমায়াৰে বৰ্তমান আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে । তেওঁ ৰাজস্থানক এখন মেচত এক দৰ্শনীয় বিজয় প্ৰদান কৰিছে । ইয়াৰ উপৰি উপ-অধিনায়ক আলজাৰি যোছেফ আইপিএলৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ সদস্য । আনহাতে, শ্বেই হ'পে দিল্লী কেপিটেলছৰ হৈ খেলি আছে ।

উল্লেখ্য, শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত বিজয়ী হোৱা যুৱ বলাৰ শ্বামাৰ যোছেফকো ৱেষ্ট ইণ্ডিজে নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে । ইয়াৰ উপৰি লক্ষ্ণৌৰ হৈ খেলা বাঁওহতীয়া বেটছমেন নিকলাছ পুৰাণ আৰু কলকাতাৰ অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । ৰাছেলে এই ছিজনত কেইবাটাও বিস্ফোৰক ইনিংছ খেলিছে আৰু তেওঁ ৱেষ্ট ইণ্ডিজৰ এগৰাকী গুৰুত্বপূৰ্ণ অলৰাউণ্ডাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব খেলিব । আনহাতে, দ্বিতীয়খন মেচ ৯ জুনত উগাণ্ডাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব । গ্ৰুপৰ তৃতীয়খন মেচ ১৩ জুনত নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু চতুৰ্থখন মেচ ১৮ জুনত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব । উল্লেখযোগ্য যে কেৰিবিয়ান দলটোৱে এতিয়ালৈকে দুবাৰ টি-২০ বিশ্বকাপ ট্ৰফী জিকিবলৈ সক্ষম হৈছে ।

ৱেষ্ট ইণ্ডিজ দল : ৰভমেন পাৱেল (অধিনায়ক), আন্দ্ৰে ৰাছেল, জনছন চাৰ্লছ, ৰোষ্টন চেজ, জেচন হল্ডাৰ, শ্বেই হ'প, চিমৰণ হেটমায়াৰ, আকিল হুছেইন, ব্ৰেণ্ডন কিং, গুডাকেশ মোতী, নিকলাছ পুৰাণ, শ্বামাৰ যোচেফ, শ্বেৰফানে ৰাডাৰফৰ্ড, ৰোমাৰিঅ শ্বেফাৰ্ড ।

লগতে পঢ়ক :মিচেল মাৰ্শ্বৰ নেতৃত্বত টি-২০ বিশ্বকাপৰ যুঁজত নামিব টীম অষ্ট্ৰেলিয়া; দলত নাই ষ্টিভ স্মিথ - T20 WC 2024

টি২০ বিশ্বকাপত প্ৰযুক্তিৰ চমক; নিউয়ৰ্কত স্থাপন ড্ৰপ-ইন পিটচ - Drop In Pitch In New York

কিয় টি-20 বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে ৰিংকু সিঙে ! - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.