ETV Bharat / sports

টি২০ বিশ্বকাপত প্ৰযুক্তিৰ চমক; নিউয়ৰ্কত স্থাপন ড্ৰপ-ইন পিটচ - Drop in Pitch in New York

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 1:56 PM IST

Drop in Pitches Arrives New York : এইবাৰ অনুষ্ঠিত হ'বলগা টি২০ বিশ্বকাপত এক মাইলৰ খুঁটি স্থাপন হ'বলৈ গৈ আছে । পোন প্ৰথমবাৰৰ বাবে ক্ৰিকেট ফিল্ডত আধুনিক প্ৰযুক্তিৰ চমক উপলব্ধ হ'ব আমেৰিকাত । ক্ৰিকেটৰ এই মহাৰণত ব্যৱহাৰৰ বাবে 10 খন ড্ৰপ-ইন পিটচ বিশাল ট্ৰেইলাৰেৰে পথযোগে আহি নিউয়ৰ্কত উপস্থিত হৈছে । নিউয়ৰ্কৰ নাছাউ কাউণ্টি ক্ৰিকেট ষ্টেডিয়ামত স্থাপন হ'ব এই অত্যাধুনিক পিটচ ।

Drop in Pitches Arrives New York
নিউয়ৰ্কত স্থাপন ড্ৰপ-ইন পিটচ (ICC)

স্পৰ্টছ ডেস্ক, ৪ মে' : মাজত মাত্ৰ এটা মাহৰ অপেক্ষা । ক্ৰিকেট বিশ্ব সাজু হৈছে আন এক মহাৰণৰ বাবে । জুন মাহত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিব ২০২৪ বৰ্ষৰ টি২০ ক্ৰিকেট বিশ্বকাপ । ক্ৰিকেটৰ এই হ্ৰস্ব সংস্কৰণত যেনেদৰে আছে উন্মাদনা, তেনেদৰে আছে শিহৰণো । প্ৰতিটো বলতেই যেন নতুন নতুন ইতিহাসৰ পৃষ্ঠা লুকাই থাকে ক্ৰিকেটৰ এই সংস্কৰণত ।

আনহাতে, এইবাৰৰ টি২০ বিশ্বকাপে অপেক্ষা কৰি আছে প্ৰযুক্তিৰ চমকলৈ । পোন প্ৰথমবাৰৰ বাবে আমেৰিকাত ব্যৱহাৰ হ'বলৈ গৈ আছে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত চ্ৰপ-ইন পিটচ । আগন্তুক আইচিচি টি২০ পুৰুষ বিশ্বকাপৰ বাবে ২০ খনতকৈও অধিক ছেমি-ট্ৰেইলাৰ ট্ৰাকৰ এটা কনভয়ে ১০ খন ড্ৰপ-ইন পিটচ আৰু স্কোৱেৰ পথযোগে নিউয়ৰ্কলৈ পৰিবহণ কৰিছে ।

ক্ৰিকেট ইতিহাসত এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ আগবঢ়া অনুষ্ঠানটোৰ সৈতে নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত নিৰ্মাণৰ গুৰুত্বপূৰ্ণ পৰ্যায়টো আৰম্ভ হৈছে । প্ৰায় 2500 কিলোমিটাৰ দূৰৈত ফ্লৰিডাৰ উষ্ণ জলবায়ুত প্ৰতিপালন কৰা চাৰিখন পিটচৰ সৈতে এয়া আৰম্ভ হৈছে । আনহাতে, যিটো আইকনিক ষ্টেডিয়ামত এই পিটচ স্থাপন কৰা হৈছে, তাত ভাৰতে 5 জুন তাৰিখে টি20 বিশ্বকাপ অভিযান আৰম্ভ কৰিব ।

এডিলেইড অ'ভেল আৰু ইডেন পাৰ্ককে ধৰি সমগ্ৰ বিশ্বত ব্যৱহৃত ড্ৰপ-ইন স্কোৱেৰ প্ৰকাৰটো প্ৰস্তুত কৰাৰ বাবে আইচিচিৰ অফিচিয়েল গ্লোবেল লজিষ্টিক পাৰ্টনাৰ ডিপি ৱৰ্ল্ডে জনোৱা সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হৈছে । আউটফিল্ডখন বিগত সপ্তাহত লেণ্ডটেকৰ দ্বাৰা স্থাপন কৰা হয়, যিয়ে নিউয়ৰ্ক য়াংকিচ আৰু নিউয়ৰ্ক মেটছৰ লগতে ইণ্টাৰ মিয়ামি চিএফৰ সৈতে তেওঁলোকৰ ষ্টেডিয়াম আৰু প্ৰশিক্ষণ ক্ষেত্ৰত কাম কৰিছিল । নাছাউ ষ্টেডিয়ামত চাৰিখনকৈ পিটচ স্থাপন কৰা হ'ব ।

আনহাতে, অনুশীলন সুবিধাৰ বাবে কাষৰতে অতিৰিক্ত ছয়খন নিৰ্মাণ কৰা হ'ব । সমগ্ৰ বিশ্বকাপৰ সময়ছোৱাত এডিলেইড অ'ভেল টাৰ্ফ ছলিউচন দলটো নিউয়ৰ্কতে থাকিব । তেওঁলোকে স্থানীয় খেলপথাৰৰ কৰ্মচাৰীসকলক পিটচ ৰক্ষণাবেক্ষণত সহায় কৰিব, যাতে এক বিশ্বমানৰ পিটচ নিশ্চিত হয় আৰু ইয়াৰ দ্বাৰা এক পাহৰিব নোৱাৰা ক্ৰিকেট মঞ্চ প্ৰদান কৰিব পাৰে ।

"আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভূতপূৰ্ব প্ৰকল্প এটাত এই পিটচবোৰ স্থাপন কৰাটো হৈছে অন্তিম পৰ্যায়ৰ এক অংশ । আমি এই প্ৰকল্পটোৰ বাবে এক বিবেচিত আৰু সুপৰিকল্পিত দৃষ্টিভংগী গ্ৰহণ কৰিছো ৷ নিউয়ৰ্কত আঠখন বিশ্বকাপ খেলৰ বাবে আমাৰ সম্ভৱপৰ সৰ্বশ্ৰেষ্ঠ খেলৰ পৃষ্ঠ নিশ্চিত কৰিবলৈ চেষ্টা কৰিছোঁ ।" আইচিচিৰ হেড অব ইভেণ্টছ ক্ৰিছ টেটলীয়ে কয় ।

তেওঁ লগতে কয়, "আইচিচি পুৰুষ টি২০ বিশ্বকাপ, ২০২৪ আমেৰিকালৈ এক অভিনৱ ৰণনীতিৰে এক অস্থায়ী স্থানত প্ৰতিষ্ঠা হোৱা পিটচৰ সৈতে গুৰুত্বপূৰ্ণ । মই জুন মাহত নাছাউ কাউণ্টিত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতাখন চাবলৈ অধীৰ অপেক্ষাত আছো ।"

উল্লেখ্য যে স্থানীয় টাহোমা 31 বাৰ্মুডা ঘাঁহেৰে নিৰ্মিত পিটচবোৰ এডিলেইড অভেল টাৰ্ফ ছলিউচনআৰু আমেৰিকাৰ ক্ৰীড়া টাৰ্ফ বিশেষজ্ঞ লেণ্ডটেক গ্ৰুপে ফ্লৰিডাত অতি সতৰ্কতাৰে প্ৰতিপালন কৰিছে । বিগত তিনি মাহ ধৰি ইয়াৰ নিৰন্তৰ যত্ন আৰু তত্ত্বাৱধান কৰা হৈছে ।

এই পিটচবোৰ ডিচেম্বৰৰ শেষৰ ফালৰ পৰা ফ্লৰিডাত প্ৰস্তুত কৰা হৈছিল । প্ৰখ্যাত এডিলেইড অ'ভেল হেড কিউৰেটৰ ডামিয়ান হাউগৰ নেতৃত্বত এডিলেইড অ'ভেল টাৰ্ফ ছলিউচনচৰ পৃষ্ঠপোষকতাত এডিলেইড অ'ভেলত এই কৌশল প্ৰয়োগ কৰা হৈছে ।

"আমি নিউয়ৰ্কত এই পিটচবোৰ আহি উপস্থিত হোৱা দেখি উৎসাহিত হৈছো । ফ্ল'ৰিডা ভাল বতৰৰ সৈতে পিটচৰ বাবে আদৰ্শ নাৰ্চাৰী বুলি প্ৰমাণিত হৈছে । আমি এতিয়া নিউয়ৰ্কত এই পিটচবোৰ বহুওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, যাতে আমি সৰ্বোচ্চ মানেৰে ইয়াক সমাপ্ত কৰিব পাৰোঁ ।" ডামিয়ান হাউগে কয় ।

উল্লেখ্য যে নিউয়ৰ্কৰ খেলসমূহ ম্যানহাটানৰ পূবে নাছাউ কাউণ্টিৰ আইজেনহাৱাৰ পাৰ্কত অৱস্থিত 34,000 আসনবিশিষ্ট এখন অত্যাধুনিক মডুলাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ভাৰত, পাকিস্তান, শ্ৰীলংকা, কানাডা, আয়াৰলেণ্ড, বাংলাদেশ, দক্ষিণ আফ্ৰিকা, নেদাৰলেণ্ড আৰু আমেৰিকাকে ধৰি নিউয়ৰ্কত নটা দলে অংশগ্ৰহণ কৰিব । প্ৰথমখন মেচ ২০১৪ চনৰ চেম্পিয়ন শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩ জুনত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :প্ৰত্যাহ্বানক নেওচি আমেৰিকাত ১০ ড্ৰপ ইন পিটচ - Drop In Pitches In US

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.