ETV Bharat / sports

আইচিচিৰ সকলো ফৰ্মেটতে ভাৰত শীৰ্ষস্থানত

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 5:28 PM IST

India in ICC ranking
আইচিচিৰ সকলো ফৰ্মেটতে ভাৰত শীৰ্ষস্থানত

India in ICC ranking: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়ৰ পিচত ভাৰতে আইচিচিৰ সকলো ফৰ্মেটতে শীৰ্ষস্থান লাভ কৰিছে । ৩৮ খন খেলত ১২২ পইণ্টৰ সৈতে টেষ্ট ৰেংকিঙৰ শীৰ্ষত ভাৰত । একদৰে ভাৰতৰ এদিনীয়াত আছে ১২১ পইণ্ট আৰু টি-২০ত ২৬৬ পইণ্ট আছে ।

স্পৰ্টছ ডেস্ক,১০ মাৰ্চ : পুনৰ এবাৰ আইচিচিৰ সকলো ফৰ্মেটতে ১ নম্বৰত স্থান লাভ কৰিলে ভাৰতীয় দলে । ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে শেহতীয়াকৈ সমাপ্ত হোৱা টেষ্ট শৃংখলাত ইংলেণ্ডক ৪-১ত পৰাস্ত কৰি সকলো ফৰ্মেটতে আইচিচি ৰেংকিঙত এক নম্বৰ স্থান লাভ কৰে । শনিবাৰে ধৰ্মশালাৰ এইচপিচিএ ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্টত বেন ষ্টকছৰ নেতৃত্বত ইংলেণ্ড দলৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰে ভাৰতে । লগে লগে আইচিচিয়ে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙত ভাৰতে শক্তিশালী অষ্ট্ৰেলিয়ান দলটোক অতিক্ৰম কৰে ।

হায়দৰাবাদত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত ২৮ ৰাণৰ ব্যৱধানত পৰাজিত হোৱাৰ পিচত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বাকী ৪ খন টেষ্টত জয়ী হোৱাৰ বাবে এই সফলতা অৰ্জন কৰিছে ভাৰতে ।

ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এই জয়ৰ বাবে ৫ পইণ্ট লাভ কৰে আৰু এতিয়া ৩৮ খন খেলত ১২২ পইণ্টৰ সৈতে তালিকাত আগবাঢ়ি আছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত পঞ্চম টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে সমান পইণ্ট থকা অষ্ট্ৰেলিয়া এতিয়া ৩৭ খন খেলত ১১৭ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে আনহাতে ইংলেণ্ড ১১১ পইণ্টৰ সৈতে তৃতীয় স্থানত আছে ।

ইতিমধ্যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰত এতিয়া তিনিওটা ফৰ্মেটতে আইচিচি ৰেংকিঙৰ শীৰ্ষস্থানত আছে । ক্ৰিষ্টচাৰ্চত নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা দ্বিতীয় টেষ্টৰ ফলাফল যিয়েই নহওক ভাৰত শীৰ্ষস্থানতে থাকিব । ৱেলিংটনত ১৭২ ৰাণৰ বিজয়ৰ পিচত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী অষ্ট্ৰেলিয়া দুখনীয়া টেষ্ট শৃংখলাত ১-০ত আগবাঢ়ি আছে । নিউজীলেণ্ডে বৰ্তমান দ্বিতীয় টেষ্টত আগবাঢ়ি আছে আৰু ঘৰুৱা মাটিত ১৯৯৩ চনৰ পিচত প্ৰথম জয় পঞ্জীয়ন কৰাৰ সৰ্বশ্ৰেষ্ঠ সুযোগ আছে ।

এদিনীয়াত, ভাৰতৰ ১২১ পইণ্ট আছে আনহাতে অষ্ট্ৰেলিয়া ১১৮ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে । টি-২০ত ভাৰতৰ ২৬৬ পইণ্ট আছে আৰু ইংলেণ্ড ২৫৬ পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে । ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে ভাৰত বিশ্বৰ এক নম্বৰ টেষ্ট দল আছিল ।

লগতে পঢ়ক :ধৰ্মশালাৰ টেষ্টত ভাৰতৰ বৃহৎ জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.