ETV Bharat / sports

ধৰ্মশালাৰ টেষ্টত ভাৰতৰ বৃহৎ জয়

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 12:57 PM IST

Updated : Mar 9, 2024, 5:01 PM IST

IND vs ENG Test 3rd day
ভাৰতীয় বলাৰ দপদপনি, অশ্বিনৰ ৪ টা উইকেট দখল

IND vs ENG Test 3rd day: ধৰ্মশালাত অনুষ্ঠিত পঞ্চমখন টেষ্টত ইংলেণ্ডক ভাৰতীয় দলে ধুলিসাৎ কৰে । ভাৰতে এটা ইনিংছ আৰু ৬৪ ৰাণত বিজয়ী হয় ।

স্পৰ্টছ ডেস্ক,৯ মাৰ্চ : ধৰ্মশালাত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টেষ্টৰ তৃতীয় দিনা ভাৰতীয় দলটোৱে ইংলেণ্ডক ইনিংছ আৰু ৬৪ ৰাণত পৰাস্ত কৰে । ভাৰতীয় দলৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এই বিজয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় । তেওঁ দ্বিতীয় ইনিংছত ৫ টা উইকেট লাভ কৰি ইংলেণ্ডক ধৰাশায়ী কৰে । এই খেলখনত ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছিল । ইংলেণ্ড প্ৰথম ইনিংছত ২১৮ ৰাণত অলআউট হৈছিল ।

ভাৰতে প্ৰথম ইনিংছত ৪৭৭ ৰাণ সংগ্ৰহ কৰিছিল আৰু ইংলেণ্ডৰ বিৰুদ্ধে ২৫৯ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল । ধৰ্মশালা টেষ্টত এই গুৰুত্বপূৰ্ণ বিজয়ৰ সৈতে ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত ইংলেণ্ডক শৃংখলাটোক ৪-১ত জয়ী হয় ।

ইংলেণ্ডে প্ৰথম ইনিংছত ৫৭.৪ অভাৰত ২১৮ ৰাণ কৰিছিল । জাক ক্ৰাউলিয়ে প্ৰথম ইনিংছত মাত্ৰ অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । এই ইনিংছত কুলদীপ যাদৱে ভাৰতৰ হৈ ৫ টা আৰু ৰবিচন্দ্ৰন অশ্বিনে ৪ টা উইকেট দখল কৰিছিল ।

ভাৰতে প্ৰথম ইনিংছত ১২৪.১ অভাৰত ৪৭৭ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৰোহিত শৰ্মাই ১৬২ টা বলত ১০৩ ৰাণ সংগ্ৰহ কৰে । শুভমন গিলেও ১৫০ টা বলত ১১০ ৰাণ সংগ্ৰহ কৰে । একেদৰে যশস্ৱী জয়ছোৱালে ৫৭, ছৰফৰাজ খানে ৫৬ আৰু দেৱদত্ত পডিক্কলে ৬৫ ৰাণ সংগ্ৰহ কৰে । ছোৱেব বছিৰে ইংলেণ্ডৰ হৈ ৫ টা উইকেট লাভ কৰে ।

ইংলেণ্ডে দ্বিতীয় ইনিংছত ৪৮.১ অভাৰত ১৯৫ ৰাণত আটাইকেইটা উইকেট হেৰুৱায় । ইংলেণ্ডৰ হৈ দ্বিতীয় ইনিংছত কেৱল অভিজ্ঞ বেটছমেন জো ৰুটে হে অৰ্ধশতক অৰ্জন কৰে । তেওঁ ১২ টা চাৰিৰ সহায়ত ১২৮ টা বলত ৮৪ ৰাণ সংগ্ৰহ কৰে । ৰবিচন্দ্ৰন অশ্বিনে ভাৰতৰ হৈ ৫ টা উইকেট দখল কৰে । একে সময়তে কুলদীপ যাদৱ আৰু জছপ্ৰীত বুমৰাহে ২ টাকৈ উইকেট লাভ কৰে । ইংলেণ্ড মাত্ৰ ১৯৫ ৰাণ সংগ্ৰহ কৰি অলআউট হয় আৰু ইয়াৰ লগে লগে ভাৰতে মেচখন ইনিংছ আৰু ৬৪ ৰাণত জয়ী হয় ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

Last Updated :Mar 9, 2024, 5:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.