ভাৰতৰ বিৰুদ্ধে চতুৰ্থ টেষ্টত বলিং আক্ৰমণত নামিব থ্ৰী লায়নছৰ অধিনায়ক বেন ষ্ট’কছ !
Ind vs Eng 4th test: ৰাঁচীত অনুষ্ঠিত হ’ব ভাৰত বনাম ইংলেণ্ডৰ চতুৰ্থখন টেষ্ট মেচ । শৃংখলাত ২-১ ৰ ব্যৱধানত পিছ পৰি থকা ইংলেণ্ডে এতিয়া পুনৰ উভতি ধৰিব বিচাৰিব ঘৰুৱা দলক । এই মেচত অধিনায়ক বেন ষ্ট’কছে বলিং আক্ৰমণত অংশ গ্ৰহণ কৰিব পাৰে ।

Published : February 20, 2024 at 5:23 PM IST
নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰী: ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি আছে পাঁচখনীয়া টেষ্ট মেচৰ এক শৃংখলা ৷ ইতিমধ্য়ে এই শৃংখলাৰ দুখন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ডে এখন খেলত জয়ী হৈ 2-1 ৰ ব্যৱধানত পিচপৰি আছে ৷ ৰাজকোটত অনুষ্ঠিত তৃতীয়খন টেষ্টত ভাৰতৰ হাতত 434 ৰাণৰ ব্যৱধানত অতি শোচনীয়ভাৱে পৰাস্ত হয় ইংলেণ্ড ৷ এতিয়া চতুৰ্থ টেষ্টত হেৰোৱা সন্মান উদ্ধাৰ তথা শৃংখলাত সমতা স্থাপনৰ বাবে নতুন ৰণকৌশল অৱলম্বন কৰিব ইংলেণ্ডে ৷
প্ৰশিক্ষক ব্ৰেণ্ডন মেককালামে বেন ষ্ট’কছক বলিং কৰিবলৈ পৰামৰ্শ দিব বুলি কয় ৷ তেওঁ লগতে স্বীকাৰ কৰে যে বলিঙৰ ক্ষেত্ৰত ষ্টকছৰ আগ্ৰহ ইংলেণ্ডৰ বাবে এক ভাল লক্ষণ । এই ভ্ৰমণত ষ্ট’কছে নেটত নিয়মিত বলিঙৰ অনুশীলন কৰি আছে । আনকি ৰাজকোট টেষ্টৰ পূৰ্বেও ষ্ট’কছক ২০ মিনিট ধৰি বলিঙৰ অনুশীলন কৰা দেখা গৈছিল । অৱশ্যে এই শৃংখলাত বলিঙৰ সম্ভাৱনা সন্দৰ্ভত ষ্ট’কছে কোনো উত্তৰ নিদিলে ।
সোমবাৰে মেককালামে ষ্ট’কছৰ আত্মবিশ্বাসৰ প্ৰশংসা কৰে যদিও তেওঁ নিবিচাৰে যে ষ্ট’কছে অধিনায়ক হিচাপে অপ্ৰয়োজনীয়ভাৱে নিজাকৈ পৰিশ্ৰম কৰক । মেককালামে কয়, ‘‘এয়া ভাল কথা, তেওঁ নিজকে এনে এটা স্থানলৈ লৈ আহিছে য’ত তেওঁ অনুভৱ কৰিছে যে তেওঁ এতিয়া বলিং কৰিব পাৰে । কিন্তু বেনৰ বুদ্ধিমত্তাৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে। যেতিয়ালৈকে তেওঁ বলিং কৰিব পাৰিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী নহয় তেতিয়ালৈকে তেওঁ বলিং নকৰে ।’’
ষ্ট’কছ অল ৰাউণ্ডাৰ হিচাপে ঘূৰি অহাৰ লগে লগে ইংলেণ্ডৰ প্লেয়িং একাদশ ভাৰসাম্যপূৰ্ণ হ’ব পাৰে । প্ৰথম দুখন টেষ্টত মাত্ৰ এজন বেগী বলাৰৰ সৈতে খেলা ইংলেণ্ড দলটোৱে তৃতীয় টেষ্টত দুজন বেগী বলাৰ অন্তৰ্ভুক্ত কৰাৰ বাবে শ্বোৱেইব বছিৰক দলৰ পৰা বাদ দিবলগীয়া হৈছিল ।
শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থখন টেষ্টৰ বাবে হাতত সময় নিচেই কম । ইংলেণ্ডে ৰাঁচীত অলি ৰবিনছনক সুযোগ দিব পাৰে । যদি ষ্ট’কছে বলিং কৰাৰ সিদ্ধান্ত লয় তেন্তে ইংলেণ্ডে দুজন বেগী বলাৰ আৰু চাৰিজন স্পিনাৰৰ সৈতে খেলাটো সম্ভৱ হ’ব পাৰে । টেষ্ট কেৰিয়াৰত এতিয়ালৈকে মুঠ ১৯৭টা উইকেট দখল কৰিছে ষ্ট’কছে ।
২০১৯ চনত ৰাঁচীত অনুষ্ঠিত হোৱা টেষ্ট মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক এটা ইনিংছ আৰু ২০২ ৰাণত পৰাস্ত কৰিছিল । অৱশ্যে মেককালামে কয় যে তেওঁ এতিয়াও খেলপথাৰখন দেখা নাই । ‘‘স্পষ্টভাৱে আমি এতিয়াও পিটচ দেখা নাই ৷ কিন্তু মই ভাবো ইয়াত বল ঘূৰিব । আমাৰ ভাল খেলুৱৈ আছে আৰু তেওঁলোকে প্ৰথম তিনিখন টেষ্টত ভাল প্ৰদৰ্শন কৰিছে । আশা কৰো যে আমি বৰ্তমান যি পৰিস্থিতিত আছো, ভৱিষ্যতে এই ছবিখন নিশ্চয় সলনি হ’ব ।’’ মেককালামে এইদৰে কয় ৷
লগতে পঢ়ক: ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট; ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ৰেকৰ্ড

