ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড চতুৰ্থ টেষ্ট; ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ৰেকৰ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 2:50 PM IST

ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ৰেকৰ্ড
ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ৰেকৰ্ড

Ind Eng 4th Test Ranchi : ৰাঁচীত চতুৰ্থখন টেষ্ট মেচৰ বাবে এতিয়া ভাৰত আৰু ইংলেণ্ড সাজু হ'বৰ হৈছে । ভাৰতীয় দলটোৱে এই মেচখনৰ বাবে ২০ ফেব্ৰুৱাৰীত ৰাঁচীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ পৰিসংখ্যাই কি কয় এবাৰ চাওঁ আহক ।

স্পৰ্টছ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : ইংলেণ্ড আৰু ভাৰতৰ মাজত চলিত পাঁচখন টেষ্টৰ শৃংখলাত ২-১ ব্যৱধানত ভাৰত আগবাঢ়ি আছে । হায়দৰাবাদ টেষ্টত পৰাজয়ৰ পিছত পৰৱৰ্তী দুখন টেষ্ট ক্ৰমে বিশাখাপট্টনম আৰু ৰাজকোটত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত বিজয় সাব্যস্ত কৰিছে । এতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টেষ্ট ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম কমপ্লেক্সত অনুষ্ঠিত হ'ব । এই মেচখনৰ বাবে ভাৰতীয় দলটো ২০ ফেব্ৰুৱাৰীত ৰাঁচীত উপস্থিত হ'ব । উল্লেখ্য যে ৰাঁচীৰ এই ষ্টেডিয়ামত ভাৰত এতিয়ালৈকে অপ্ৰতিৰোধ্য হৈ আছে । অৱশ্যে ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাটোৰ তিনিওখন মেচৰ তিনিওখন ষ্টেডিয়ামতে পূৰ্বে পৰাস্ত হোৱা নাছিল ।

ভাৰতে এতিয়ালৈকে ৰাঁচীত দুখন টেষ্ট মেচ খেলিছে । ইয়াৰে ভিতৰত এখন মেচ ড্ৰ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত ভাৰতে আফ্ৰিকাক পৰাস্ত কৰিছে । ষ্টেডিয়ামটোত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হৈছিল । অৱশ্যে এই মেচখন ফলাফল শূন্যভাৱে সমাপ্ত হয় । মেচখনত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা চেতেশ্বৰ পুজাৰাই ৫২৫ টা বলত ২০২ ৰাণ সংগ্ৰহ কৰি দ্বিশতক অৰ্জন কৰে । আনহাতে, ৰবীন্দ্ৰ জাদেজাই প্ৰথম ইনিংছত ৫ টা আৰু দ্বিতীয় ইনিংছত ৪ টা উইকেট দখল কৰে । চেতেশ্বৰ পূজাৰাক মেচখনত 'প্লেয়াৰ অব দ্য মেচ' বঁটা প্ৰদান কৰা হয় ।

আনহাতে, এই খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতে আফ্ৰিকাক এক ইনিংছ আৰু ২০২ ৰাণত পৰাস্ত কৰে । ভাৰতে প্ৰথম ইনিংছত ৪৯৭ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে । তাৰ পিছত দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ দুয়োটা ইনিংছ খেলিও এই ৰাণ সংখ্যা সংগ্ৰহ কৰিব নোৱাৰিলে । মেচখনত ৰোহিত শৰ্মাই ২১২ ৰাণ সংগ্ৰহ কৰি দ্বিশতক অৰ্জন কৰে আৰু আজিংক্য ৰাহানেয়ে ১১৫ ৰাণ সংগ্ৰহ কৰি শতক অৰ্জন কৰে । ৰোহিত শৰ্মাক মেচখনত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে 'প্লেয়াৰ অব দ্য মেচ' বঁটা প্ৰদান কৰা হয় ।

বৰ্তমান পাঁচখন মেচৰ টেষ্ট শৃংখলাটোত ভাৰত দল ২-১ ব্যৱধানত আগবাঢ়ি আছে । হায়দৰাবাদ টেষ্টত ভাৰতে ২৮ ৰাণত পৰাজয়ৰ সন্মুখীন হ'বলগা হয় । ইয়াৰ পিছত ভাৰতে বিশাখাপট্টনম আৰু ৰাজকোটত চমৎকাৰভাৱে জয়লাভ কৰে ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলা, চতুৰ্থ টেষ্টত বিশ্ৰাম দিয়া হ'ব নেকি বুমৰাহক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.