ETV Bharat / politics

বিৰোধী দলত ঐক্য আছেনে ? কোনে কি কয়

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 6:45 PM IST

Opposition Unity Assam: নিৰ্বাচন পালেহিয়েই যদিও এতিয়াও অব্যাহত আছে বিৰোধী ঐক্যমঞ্চত খেলিমেলি ৷ সেই সন্দৰ্ভত বিভিন্নজনে আগবঢ়াইছে মন্তব্য ৷ ঐক্যমঞ্চৰ দুৰ্বল একতাৰ সন্দৰ্ভত ড৹ হীৰেন গোহাঁইসহ বহুজনে আগবঢ়ালে মন্তব্য ৷

Opposition Unity Assam
বিৰোধী দলৰ ঐক্যতা আছেনে?

বিৰোধী দলৰ ঐক্যতা আছেনে?

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী: শেহতীয়াকৈ বিৰোধী দলৰ ঐক্যত ভাঙোন আৰম্ভ হোৱাৰ সন্দৰ্ভত অসমৰ বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন মন্তব্য আগবঢ়াই আছে । এই সন্দৰ্ভত কংগ্ৰেছ দলৰ নেতৃত্বক একপ্ৰকাৰ দোষাৰোপ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

গুৱাহাটীত শনিবাৰে এই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বৰাই কয় যে বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰি ৰখাৰ দায়িত্ব আছিল কংগ্ৰেছ দলৰ । কাৰণ কংগ্ৰেছ প্ৰধান‌‌ বিৰোধী দল । আকৌ কংগ্ৰেছ দলে এইক্ষেত্ৰত আগবাঢ়ি আহিছিল । কিন্তু কংগ্ৰেছৰ নেতৃত্বৰ‌ ভুলৰ বাবে বিৰোধীক ঐক্যবদ্ধ কৰাত ব্যৰ্থ হৈছে ।

ইপিনে এই সন্দৰ্ভত সাংসদ অজিত কুমাৰ‌ ভূঞাই কয় যে বিৰোধী দলৰ সকলোকে একেলগ কৰাটো সহজ‌ নহয় । বিৰোধী‌ দলসমূহৰ‌‌ মাজত ঐক্য গঢ়ি তোলাৰ বিষয়ে ভবাটো ভুল । কিন্তু তাৰ‌ মাজতে কিছু ৰাজ্যত বিৰোধী ঐক্য গঢ়ি তোলাৰ দিশত আগবাঢ়িছে । বাকী যিবোৰ দলে বিৰোধী ঐক্যত আহিব বিচৰা নাই, তেওঁলোক বিজেপিৰ অত্যাচাৰৰ‌ পৰা‌ সাৰি যাব‌ নোৱাৰিব ।

আনহাতে এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল‌ গগৈয়ে কয় যে বিৰোধী দলৰ ঐক্য এতিয়াও ভাগি যোৱা নাই । এতিয়াও বিৰোধী দলবোৰ ঐক্যবদ্ধ হৈ আছে । ‌নিৰ্বাচনলৈকে এই ঐক্য অটুট থাকিব । বিৰোধী দলৰ ঐক্য দুৰ্বল হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে কয় যে যিবোৰ দল বিজেপিৰ লগত চামিল হৈছে সেই দলসমূহে বিৰোধী ঐক্যত বিশেষ ক্ষতি কৰিব নোৱাৰে । আঞ্চলিক পৰ্যায়ত সেই দলবোৰৰ গুৰুত্ব থাকিব পাৰে ৷ কিন্তু ৰাইজে সেই দলসমূহৰ প্ৰতি সমৰ্থন‌‌ আগবঢ়াব বুলি দিব বুলি ক'ব নোৱাৰি ।

লগতে পঢ়ক: কংগ্ৰেছৰ পৰা বহিষ্কাৰ গোলাঘাট কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.