ETV Bharat / politics

আইন সকলোৰে বাবে সমান; ৰাহুলৰ দৰেই গুৱাহাটীত ৰোড শ্ব' কৰাত অনুমতি নাই প্ৰধানমন্ত্ৰী মোদীৰো - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 7:41 PM IST

Updated : Apr 11, 2024, 9:09 PM IST

BJP election campaign: ১৬ এপ্ৰিলত গুৱাহাটীলৈ আহিলেও প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ নকৰে কোনো ৰোড শ্ব'ত । ডিব্ৰুগড়ত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আইন সকলোৰে বাবে সমান বুলি উল্লেখ কৰি ৰাহুল গান্ধীৰ বাবে যি নিয়ম, বাকী সকলোৰে বাবে সেয়া একেই বুলি তেওঁ মন্তব্য কৰে ।

BJP election campaign
Lok Sabha Election 2024

ৰাহুলৰ দৰেই গুৱাহাটীত ৰোড শ্ব' কৰাত অনুমতি নাই প্ৰধানমন্ত্ৰী মোদীৰো

ডিব্ৰুগড়়, ১১ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে । অসমত অহা ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে দেখা গৈছে ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ ব্যাপক প্ৰচাৰ অভিযান ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপি দলে কেন্দ্ৰীয় নেতাকো নমাইছে নিৰ্বাচনত । ইতিমধ্যে অমিত শ্বাহ, ৰাজনাথ সিং, মনোজ তিৱাৰীৰ দৰে নেতাই আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে অসমত ।

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অহা ১৬ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১৭ এপ্ৰিলত বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে । ১৬ এপ্ৰিলত গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে বাহৰ পতাৰ কথা । গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ এক ৰোড শ্ব' অনুষ্ঠিত হ'ব বুলি চৰ্চা চলিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জনাই যে কোনো ধৰণৰ ৰোড শ্ব' কৰা নহয় গুৱাহাটীত ।

কথা প্ৰসংগত ৰাহুল গান্ধীৰ বাবে যি নিয়ম, বাকী সকলোৰে বাবে সেই একেই নিয়ম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তাৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । কা বিৰোধী আন্দোলনৰ সময়ত পাঁচজন যুৱক শ্বহীদ হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে আবেগিক কথাৰে বিপথে পৰিচালিত নকৰাহেতেন এই পাঁচজন যুৱকৰ মৃত্যু নহ'লহেতেন । গতিকে দুই গগৈক ক্ষমা খুজিবলৈ দাবী জনায় মুখ্যমন্ত্ৰী শৰ্মাই ।

কংগ্ৰেছকো সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ দোহাৰিলে যে এতিয়া ৰাজীৱ ভৱনত বহিবলৈও মানুহ নাই । কংগ্ৰেছৰ পৰা যিমানেই মানুহ বিজেপিলৈ আহে সিমানেই ভাল বুলি উল্লেখ কৰি ভূপেন বৰাৰ ডিঙিতো অচিৰেই বিজেপিৰ গলবস্ত্ৰ জিলিকিব বুলি তেওঁ মন্তব্য কৰে । নাহৰকটীয়াৰ ৰাইজক সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ’ল: কলিতা-মহন্তই এজাউৰি দিলে কংগ্ৰেছক - Lok Sabha Election 2024

Last Updated :Apr 11, 2024, 9:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.