ETV Bharat / politics

কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ’ল: কলিতা-মহন্তই এজাউৰি দিলে কংগ্ৰেছক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 4:31 PM IST

BHABESH KALITA
কংগ্ৰেছ সকলোৱে নিষিদ্ধ কৰিছে বুলি মন্তব্য ভৱেশ কলিতাৰ

Bhabesh Kalita: কংগ্ৰেছক সকলোৱে নিষিদ্ধ কৰিছে বুলি মন্তব্য ভৱেশ কলিতাৰ ৷ ৰাহুল গান্ধী অসমলৈ আহি উন্নয়ন চাই যাবলৈও আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ ৷

কংগ্ৰেছ সকলোৱে নিষিদ্ধ কৰিছে বুলি মন্তব্য ভৱেশ কলিতাৰ

কলিয়াবৰ, 11 এপ্ৰিল: ‘‘ কংগ্ৰেছক এতিয়া সকলোৱে নিষিদ্ধ কৰিছে ৷ কংগ্ৰেছে কি নিষিদ্ধ কৰিব ?’’- কলিয়াবৰত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ কংগ্ৰেছ এতিয়া নচলা দুটকীয়া নোট বুলি কটাক্ষ বিজেপি নেতাগৰাকীৰ ৷

উল্লেখ্য যে এটা দিন পূৰ্বে কংগ্ৰেছ দলে নিষিদ্ধ কৰিছিল অসমৰ দুটাকৈ বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানক ৷ কংগ্ৰেছৰ কোনো সভা-সমিতি অথবা কংগ্ৰেছী নেতাই নিৰ্দিষ্ট সংবাদ প্ৰতিষ্ঠান দুটাৰ সন্মুখত মন্তব্য প্ৰকাশ নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে কংগ্ৰেছ দলকে সকলোৱে নিষিদ্ধ কৰিছে ৷

নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাহুল গান্ধী অসমলৈ অহাৰ সন্দৰ্ভতো মন্তব্য কৰে ভৱেশ কলিতাই ৷ তেওঁ কয়, ‘‘আহক তেওঁ ৷ অসমত কিদৰে উন্নয়ন হৈছে চাই যাওক ৷ অসমত এইমছ হৈছে, ৰাস্তা-ঘাট হৈছে, ব্ৰহ্মপুত্ৰত কেবাখনো দলং হ’ল ৷’’

বৃহস্পতিবাৰে কলিয়াবৰত মিত্ৰদল অগপৰ সৈতে এক যৌথ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে কাজিৰঙাত এতিয়া কংগ্ৰেছৰ নিমাওমাও পৰিৱেশ ৷ উল্লেখ্য যে কলিয়াবৰত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।

অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তক লগত লৈ বিধানসভা সমষ্টিটোত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ভৱেশ কলিতাই । কলিয়াবৰৰ মিছা, ধনেখোৱা আৰু জখলাবন্ধাত কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

নিৰ্বাচনী প্ৰচাৰ সভাখনত ভাষণ দি কেশৱ মহন্তৰ বক্তব্য, ‘‘কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ’ল ৷ এইবাৰ কাজিৰঙাত ৩ লাখতকৈ অধিক ভোটত কামাখ্যা প্ৰসাদ তাছা জয়ী হ’ব ।’’ তদুপৰি নাম উল্লেখ নকৰাকৈয়ে কাৰোবাৰ পৰিয়ালে কলিয়াবৰৰ পৰা ছত্ৰভংগ দিয়া বুলি গৌৰৱ গগৈক কটাক্ষ কৰে বিজেপি সভাপতি ভৱেশ কলিতাই ।

লগতে পঢ়ক: হাইপ্ৰফাইল নেতা অবিহনেই গুৱাহাটী সমষ্টিত দুই মহিলা প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.