ETV Bharat / politics

অৰুণাচলৰ চীন-তিব্বত সীমান্তত অৱস্থিত এটা দুৰ্গম ভোট কেন্দ্ৰলৈ ভোটগ্ৰহণৰ বাবে ৰাওনা নিৰ্বাচনী বিষয়াৰ দল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 2:10 PM IST

Updated : Apr 18, 2024, 2:31 PM IST

Festival of democracy: ১৩,৩৮৩ ফুট উচ্চতাত অৱস্থিত লুগুথাং ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প'লিং-প্ৰিজাইডিং বিষয়াৰ দল । ভাৰত-চীন ভাৰত-তিব্বত সীমান্তত আছে এই ভোটগ্ৰহণ কেন্দ্ৰটো ।

Lok Sabha Election 2024
festival of democracy

লুগুথাং ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়াৰ দল

তেজপুৰ, ১৮ এপ্ৰিল: ভাৰত-চীন ভাৰত-তিব্বত সীমান্তত থকা এটা ভোটগ্ৰহণ কেন্দ্ৰলৈ বুধবাৰে ৰাওনা হয় প'লিং, প্রিজাইডিং বিষয়াসহ সুৰক্ষা বাহিনীৰ লোক । সীমান্তৰ পৰা নাতিদূৰৈত অৱস্থিত এই ভোটগ্ৰহণ কেন্দ্ৰ । প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনো ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব ।

পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মক্টো বিধানসভা সমষ্টিৰ লুগুথাং (Luguthang) ভোটগ্ৰহণ কেন্দ্ৰতো সৰ্বোচ্চ উচ্চতাৰ ভোটকেন্দ্ৰ । এই ভোটকেন্দ্ৰতো ১৩,৩৮৩ ফুট উচ্চতাত অৱস্থিত । এই অঞ্চলত কোনোধৰণৰ সংযোগ ব্যৱস্থা নাই একমাত্ৰ ৱায়াৰলেচ সংযোগৰেহে যোগাযোগ স্থাপন কৰা হয় । ভোট গ্ৰহণৰ বাবে বিষয়া কৰ্মচাৰী আৰু সুৰক্ষা বাহিনীৰ লোক বুধবাৰেই জিলা সদৰ টাৱাঙৰ পৰা ৰাওনা হৈছে, কাৰণ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হ'বলৈ দুদিন সময় লাগে ।

সেইবাবেই ভোট গ্ৰহণৰ বিষয়াসকলে বুধবাৰে প্ৰতিকূল বতৰকোও নেওচি এইদৰে ৰাওনা হয় । মুঠ ৪১ জন ভোটাৰ থকা এই ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ কোনো পথ যোগাযোগ ব্যৱস্থা নাই । পদ পথে যাব লাগে বিষয়া কৰ্মচাৰী সুৰক্ষা বাহিনীৰ লোক । কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বহুতো সীমান্তৱৰ্তী অঞ্চলত মোবাইল ফোনৰ সেৱা যোগান ধৰিছে বিগত বৰ্ষত । কিন্তু এই সেৱা বিশেষভাৱে সেনা বাহিনীৰ লোকৰ বাবেহে । সাধাৰণ জনসাধাৰণৰ মাজত এই ব্যৱস্থা কৰা হোৱা নাই ।

লাগুথাং ভোটকেন্দ্ৰ অতি দুৰ্গম অঞ্চলত অৱস্থিত । টাৱাঙৰ পৰা জং আৰু জঙৰ পৰা খিৰমুও লৈকে গৈ ১২ ঘণ্টা খোজ কাঢ়ি যাব লাগে । ১৯ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত মুঠ ৮,৮৬,৮৪৮ জন ব্যক্তিয়ে ভোটদান কৰিব হিমালয়ৰ পাদ দেশৰ ৰাজ্যখনত । মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪,০১,৬০১ গৰাকী । নিৰ্বাচনত প্ৰথম ভোটাৰক বিশেষ অগ্ৰাধিকাৰ দিয়া দেখা গৈছে । সমান্তৰালভাৱে ৰাজ্যখনৰ ১৮-১৯ বছৰ বয়সৰ ৪৬,১৪৪ জন ভোটাৰ, ৮০ বছৰীয়া ভোটাৰ ৪,২৫৭, আৰু শতবৰ্ষীয় ভোটাৰ ২৩২ গৰাকী আছে ।

মুঠ ২,২২৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ১৫৬ টা মহিলাৰ বাবে, তিনিটা বিশেষভাৱে সক্ষম লোকৰ বাবে আৰু ৪৯ টা যুৱক-যুৱতীৰ বাবে । ৰাজ্যখনৰ লংডিং জিলাৰ পুমাও কেন্দ্ৰত সৰ্বাধিক ভোটাৰ (১,৪৬২), আনহাতে আঞ্জাৱ জিলাৰ হায়ুলিয়াং বিধান সভা সমষ্টিৰ মালেগাওঁত মাত্ৰ এগৰাকী মহিলা ভোটাৰ আছে ।

এইবাৰ নিৰ্বাচন আয়োগে ২০৪ টা নগৰীয়া ভোটকেন্দ্ৰত আৰু ২০২ টা গ্ৰাম্য ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা স্থাপন কৰিছে । লগতে ৭৫০টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিং হ’ব, আৰু ৩৪২টা ভোটগ্ৰহণ কেন্দ্ৰত অফলাইন ভোটদানৰ সুবিধা থাকিব । দূৰণিৰ ভোটকেন্দ্ৰ সমূহলৈ যাবলৈ বতৰৰ পৰিস্থিতি সাপেক্ষে তালি, বিজয়নগৰ, পিপছ’ৰাং, টাক্সিং, আনিনি, টোটিং, আৰু অন্যান্য দুৰ্গম অঞ্চলৰ দৰে ঠাইৰ বাবে হেলিকপ্টাৰ ছৰ্টী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

তুলনামূলকভাৱে ২০১৯ চনত ৯১টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছিল আৰু এই নিৰ্বাচনত মুঠ ১৫৩ গৰাকী মহিলাই পৰিচালনা কৰিব । ৰাজ্যিক নিৰ্বাচন আয়োগে ৪৮০টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাবে চিনাক্ত কৰিছে । এই কেন্দ্ৰ সমূহত ফোন বা ইণ্টাৰনেট সংযোগৰ ব্যৱহাৰ নাই ।

আনহাতে অৰুণাচল প্ৰদেশৰ কেইটামান ভোট গ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে বিষয়া কৰ্মচাৰীৰ দল হেলিকপ্টাৰ যোগে যাত্ৰা কৰিছে । হেলিকপ্টাৰ যোগাযোগ ব্যৱস্থাৰ পিছতো আজি উপস্থিত হ'বলগীয়া দলসমূহ যোৱা ১৬ এপ্ৰিল তাৰিখে পিপসাৰাং ৰাজহ চক্ৰত MI 17 হেলিকপ্টাৰ জৰিয়তে ই ভি এম, ভি ভি পেট আৰু অন্যান্য সামগ্ৰীৰ সৈতে এটা দল ৰাওনা হয় ।

লগতে পঢ়ক: নিৰ্বাচন খেলিব নোৱাৰিব নৱ‌ কুমাৰ শৰণীয়াই ! জাতিগত প্ৰমাণ পত্ৰ অবৈধ‌ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - Naba Sarania Caste Certificate

Last Updated :Apr 18, 2024, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.