ETV Bharat / politics

নিৰ্বাচন খেলিব নোৱাৰিব নৱ‌ কুমাৰ শৰণীয়াই ! জাতিগত প্ৰমাণ পত্ৰ অবৈধ‌ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ - Naba Sarania caste certificate

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 12:43 PM IST

Naba Sarania caste certificate
NABA SARANIA CASTE CERTIFICATE

Naba Sarania caste certificate: ৰাজনৈতিক কেৰিয়াৰত যেন যতি পৰাৰ উপক্ৰম হৈছে নৱ কুমাৰ শৰণীয়াৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰ অবৈধ বুলি ৰায়দান কৰিছে ।

গুৱাহাটী, ১৮ এপ্ৰিল: গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ৰ পিচত সাংসদ নৱ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে । নৱ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰ সন্দৰ্ভত আদালতে আজি দিয়া চূড়ান্ত ৰায়দানত সাংসদগৰাকীৰ জাতিগত প্ৰমাণ পত্ৰ অবৈধ‌ বুলি বিবেচিত হয় । যাৰবাবে এইবাৰ কোকৰাঝাৰৰ পৰা লোকসভা নিৰ্বাচন খেলিব নোৱাৰিব সাংসদ নৱ শৰণীয়াই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া খণ্ড বিচৰাপীঠে শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰৰ বৈধতা নাকচ কৰে ।

উল্লেখ্য যে, অসম চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ জাতিগত নিৰীক্ষণ কমিটীয়ে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন যোৱা ১২ জানুৱাৰীত বাতিল কৰিছিল । নৱ শৰণীয়াই অসম চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । তাৰ পিছত কমিটীখনেও আদালতৰ‌ কাষ চাপিছিল । পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এই নিৰ্দেশত স্থগিতাদেশ দিছিল ।

কিন্তু এই স্থগিতাদেশৰ প্ৰত্যাহ্বান জনাই কমিটীয়ে পুনৰ আদালতত আবেদন কৰে । অৱশেষত যোৱা ৪ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠৰ পূৰ্বৰ অন্তৱৰ্তীকালীন স্থগিতাদেশৰ ৰায় খাৰিজ কৰিছিল ৷

মন কৰিবলগীয়া যে এই জনজাতি প্ৰমাণ পত্ৰৰ আধাৰতে নৱ কুমাৰ শৰণীয়াই জনজাতিসকলৰ বাবে সংৰক্ষিত ২ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা ২০১৪ আৰু ২০২৯ত দুবাৰকৈ নিৰ্বাচনত জয়লাভ কৰি সাংসদ হ'বলৈ সক্ষম হৈছিল ৷ এইবাৰো কোকৰাঝাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ‌ বাবে শৰণীয়া সাজু হৈছিল ।‌

ইফালে শুকুৰবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন । গতিকে এনে পৰিস্থিতিত নৱ শৰণীয়াই এইবাৰ কোকৰাঝাৰ সমষ্টিৰ বাবে মনোনয়ন‌ দাখিল কৰিব নোৱাৰিব ।

লগতে পঢ়ক: বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.