ETV Bharat / politics

মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক লৈ চিন্তা কৰিব নালাগে: ৰ'জলীনা তিৰ্কী - Lok Sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 9:34 PM IST

Lok Sabha Election 2024: খুমটাইৰ চাহ বাগিচা অঞ্চলত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ প্ৰচাৰ অভিযান । উন্নয়নৰ ক্ষেত্ৰত বিজেপি বিফল হোৱাৰ অভিযোগ তিৰ্কীৰ ।

Roselina Tirkey criticised BJP
কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী

কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী

গোলাঘাট, ৮ এপ্ৰিল: নতুনকৈ গঠিত কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙা লোকসভা সমষ্টিত প্ৰচাৰ অভিযান । এফালে যদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু দুগৰাকী কেবিনেট মন্ত্ৰী আৰু তিনিগৰাকী বিধায়কে মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছে, আনফালে কংগ্ৰেছেও কৰিছে তীব্ৰতৰ প্ৰচাৰ । সোমবাৰে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে খুমটাইত উপস্থিত হ'ল কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী ।

  • " class="align-text-top noRightClick twitterSection" data="">

আজি কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে খুমটাইৰ শাওঁতলী, নতুনমাটি আদি কৰি কেইবাখনো চাহ বাগিচাত কাম কৰি থকা শ্ৰমিকসকলৰ সৈতে মতবিনিময় কৰে । ইয়াৰ পিচতেই তেওঁ বিজেপিক তীব্ৰ সমালোচনা কৰি কয়," বিজেপিয়ে জনসাধাৰণক উপহাৰ দিছে যদি কেৱল মূল্যবৃদ্ধি,নিবনুৱা সমস্যা,ভূমিপট্টাৰ সমস্যা আদি ৷ সেয়ে উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপিয়ে নিৰ্বাচনৰ সময়ত ভুৱা অৰুণোদয় প্ৰ-পত্ৰ বিলাবলগীয়া হৈছে ৷ আমাৰ জনসাধাৰণক হিতাধিকাৰী কৰিব নালাগে,সংস্থাপন লাগে ।"

কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়,"মুখ্যমন্ত্ৰী তথা বিজেপিয়ে কংগ্ৰেছক লৈ চিন্তা কৰিব নালাগে,ৰাইজে চিন্তা কৰিব কংগ্ৰেছৰ বাবে ৷" খুমটাইৰ কেইবাখনো চাহ বাগিচাত কাম কৰি থকা শ্ৰমিকসকলৰ লগত বাগিচাৰ মাজতে বাৰ্তালাপ কৰি এইবাৰ কংগ্ৰেছৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় । প্ৰথমবাৰৰ বাবে কংগ্ৰেছে চাহ জনগোষ্ঠীৰ মহিলাক সাংসদৰ বাবে প্ৰাৰ্থিত্ব দিয়াত তেওঁ গৌৰাৱাম্বিত বুলি কয় । তেওঁ জয়ী হ’লে চাহ জনগোষ্ঠীৰ সমস্যাসমূহ সংসদত উপস্থাপন কৰিব বুলি কয় ।

লগতে পঢ়ক:নাচি-বাগি ৰ'জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.