ETV Bharat / politics

নাচি-বাগি ৰ'জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 6:19 PM IST

Lok Sabha Election 2024
নাচি-বাগি ৰ'জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ

Lok Sabha Election 2024: কলিয়াবৰৰ চাহ বাগিচা অঞ্চলত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ প্ৰচাৰ অভিযান অব্যাহত আছে । ১০ বছৰে উন্নয়নৰ ক্ষেত্ৰত বিজেপি চূড়ান্ত বিফল হোৱাৰ অভিযোগ তিৰ্কীৰ ।

নাচি-বাগি ৰ'জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ

কলিয়াবৰ,৫ এপ্ৰিল : নতুনকৈ গঠন হোৱা কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । বৃহস্পতিবাৰে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কলিয়াবৰত উপস্থিত হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী । কলিয়াবৰত উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মিছাৰ দলীয় কাৰ্যালয়ত প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰ'জলীনা তিৰ্কীয়ে কয় যে যোৱা ১০ টা বছৰৰ উন্নয়নৰ ফোপোলা ছবিখন লৈ বিজেপি দল ৰাইজৰ কাষ চাপিব পৰা নাই ।

ৰ'জলীনা তিৰ্কীৰ মতে ৰাইজক জুৰুলা কৰা মূল্যবৃদ্ধিৰ বিষয়ে নিমাত বিজেপি দলৰ প্ৰাৰ্থী তথা নেতা-কৰ্মী । তেওঁৰ মতে নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বিজেপিয়ে । তেওঁ লগতে কয় যে চাহ শ্ৰমিকৰ ৩৫১ টকালৈ মজুৰি বৃদ্ধি নহ'ল । আনহাতে যোৱা ১০ বছৰ চৰকাৰত থাকিও প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি দলে এতিয়া বৃহৎ সভা পাতি চমক দি কংগ্ৰেছ দলৰ বদনাম কৰি ফুৰিব লগা হৈছে বুলিও তিৰ্কীয়ে দাবী কৰে ।

একমাত্ৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাজিত কৰাৰ লক্ষ্যৰে কলিয়াবৰ লোকসভা সমষ্টিটো পুনৰ নিৰ্ধাৰণ কৰি পূৰ্বতে নথকা হোজাই জিলাৰ অংশ বিশেষৰ লগতে নগাঁও লোকসভা সমষ্টিৰ কিছু-কিছু অংশ কাজিৰঙা সমষ্টিৰ অন্তৰ্ভুক্ত কৰিছে বুলিও তেওঁ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । তেওঁৰ মতে এতিয়াও কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ যোগেদিহে উন্নয়ন সম্ভৱ বুলি ৰাইজে বিশ্বাস কৰে । যিকেইটা দল ঐক্যমঞ্চৰ অংশীদাৰ সেই সকলোৱে মিলি বিজেপিৰ বিৰুদ্ধে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে বুলি তেওঁ উল্লেখ কৰে ।

ব্যক্তিগতভাৱে ৰ'জলীনা তিৰ্কীক চিনি নাপালেও ৰাইজে কংগ্ৰেছ দলক চিনি পাই বুলি তেওঁ দাবী কৰে । দলে বা ৰাইজে যিহেতু আগবঢ়াই দিছে সেয়ে সমষ্টিৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাটোৱেই প্ৰধান কাম হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে । বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত তিৰ্কীয়ে কয় যে কংগ্ৰেছে বিজ্ঞাপনমূলক প্ৰচাৰ কৰা নাই ।

ৰ'জলীনা তিৰ্কীৰ মতে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভালৈ তেওঁৰ যোৱাৰ পৰিকল্পনা আছে । এতিয়ালৈকে যোৱা প্ৰতিটো সমষ্টিৰ পৰা তেওঁ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি দাবী কৰে । উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰে তিৰ্কীয়ে শিলঘাট, শাকমুটীয়া চাহ বাগিচা, কেলিডেন চাহ বাগিচা আৰু শালনা চাহ বাগিচাসহ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ।

লগতে পঢ়ক :মাজুলীত তৎপৰ শাসক-বিৰোধী : বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত তিনি মন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.