ETV Bharat / politics

নিৰ্বাচনৰ ভোট নহয় সংখ্যালঘুৰ উন্নয়ন অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান লক্ষ্য - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 3:55 PM IST

Lok Sabha Election 2024: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ মিঞা ৰাজনীতিৰ প্ৰসংগ । মিঞাক লৈ সুৰ সলনি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মিঞাৰ ভোট নালাগে বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ মতে সংখ্যালঘুৰ উন্নয়ন তেওঁৰ প্ৰধান উদ্দেশ্য । সংখ্যালঘু অধ্যুষিত অঞ্চলত তেওঁ ভোট বিচাৰি নাযায় ।

Lok Sabha Election 2024
নিৰ্বাচনৰ ভোট নহয় সংখ্যালঘুৰ উন্নয়ন অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান লক্ষ্য

নেশ্যনেল ডেস্ক,৯ এপ্ৰিল : নিৰ্বাচনত জয়লাভ কৰাটো প্ৰাথমিকতা নহয়, সংখ্যালঘুসকলৰ সামগ্ৰিক বিকাশৰ বাবে বহুবিবাহ আৰু বাল্য বিবাহ বাতিল কৰাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ । এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে তেওঁ এই সমস্যাবোৰক গুৰুত্ব দিছে কিয়নো তেওঁ সংখ্যালঘুসকলৰ ভোটৰ বিপৰীতে সামাজিক পৰিৱৰ্তন বিচাৰে ।

যোৰহাটৰ তিতাবৰত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপি নেতৃত্বাধীন এনডিএয়ে অসমত যুঁজ দি থকা ১৪ খন লোকসভা আসনৰ ভিতৰত ৩ খনত প্ৰতিদ্বন্দ্বিতা হ'ব । আনহাতে বাকী ১১ খন আসনত গেৰুৱা দলে ক্লিন চুইপ কৰিব বুলি তেওঁ দাবী কৰে । ইফালে বিজেপিয়ে 'মিঞা' ভোট নিবিচৰাৰ স্থিতিত তেওঁ অটল থাকে ।

মুখ্যমন্ত্ৰীৰ মতে মিঞা সম্প্ৰদায়ৰ উন্নয়নৰ প্ৰয়োজন । যদি সেই সম্প্ৰদায়ত বহুবিবাহ প্ৰচলিত হয়, তেন্তে কেনেকৈ উন্নয়ন হ'ব ? যদি বাল্য বিবাহ অব্যাহত থাকে তেওঁলোকে কেনেকৈ উন্নতি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে ।

একেদৰে, যদি কন্যাৰ শিক্ষাক গুৰুত্ব দিয়া নহয় বা সম্পত্তিৰ সমান অধিকাৰ দিয়া নহয়, তেন্তে সমাজৰ অন্যান্য অংশৰ তুলনাত 'মিঞা' সম্প্ৰদায়ৰ উন্নতি নহ'ব বুলিও তেওঁ দাবী কৰে । সেয়েহে, সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী ইতিবাচক বুলি উল্লেখ কৰি কয় যে মাদ্ৰাছা শিক্ষা বন্ধ কৰা, শিক্ষাৰ্থীসকলক সাধাৰণ শিক্ষা দিয়া, বহুবিবাহ বন্ধ কৰা, বাল্য বিবাহ বন্ধ কৰা, নাৰী বা মহিলাক সম্পত্তিৰ সমান অধিকাৰ দিয়া তেওঁৰ প্ৰধান গুৰুত্ব ।

তেওঁৰ মতে নিৰ্বাচনৰ সময়ত তেওঁ ৰাজ্যৰ বহু সংখ্যালঘু অধ্যুষিত অঞ্চললৈ ভ্ৰমণ কৰিব কিন্তু তাত ভোটৰ পৰিৱৰ্তে এই বিষয়বোৰৰ ওপৰত হে তেওঁ আলোচনা কৰিব বুলি উল্লেখ কৰে । অৱশ্যে এইবোৰ তেওঁৰ বাবে নিৰ্বাচনৰ বিষয় নহয় । এইবোৰ বিষয়ৰ জৰিয়তে অসমলৈ সামাজিক পৰিৱৰ্তন আনিব পৰা যায় ।

উল্লেখ্য যে যোৱা বছৰৰ অক্টোবৰত নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিজেপিক পৰৱৰ্তী ১০ বছৰৰ বাবে চৰ অঞ্চলৰ 'মিঞা' লোকসকলৰ ভোটৰ প্ৰয়োজন নহ'ব যেতিয়ালৈকে তেওঁলোকে বাল্য বিবাহৰ দৰে পুৰণি প্ৰথাবোৰ বাদ দি নিজকে সংস্কাৰ নকৰে ।

যোৱা মাহত মৰিগাঁৱত এক নিৰ্বাচনী প্ৰচাৰ সভাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি আৰু অধিক শিথিল কৰিছিল আৰু কৈছিল যে সংখ্যালঘুৰ উন্নয়নৰ বাবে কৰা ভাল কামৰ বাবে ৰাজ্যখনৰ আগন্তুক লোকসভা নিৰ্বাচনত 'মিঞা' সম্প্ৰদায়ৰ ছোৱালী, মহিলা আৰু যুৱক-যুৱতীসকলে বিজেপিক ভোট দিব ।

লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰত্যাহ্বানৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ নাভাবে যে ৩ খন আসনৰ বাহিৰে অসমত কোনো প্ৰতিদ্বন্দ্বিতা হ'ব । বিৰোধী ঐক্যমঞ্চ যিয়েই নহওক ইয়াৰ কোনো প্ৰভাৱ নাই বুলি তেওঁ দাবী কৰে । কিয়নো অসমত কোনো বিৰোধী দলৰ কোনো ভোট বেংক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে নিৰ্বাচনী প্ৰচাৰৰ সম্পূৰ্ণ আধাৰ হৈছে নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী হিচাপে তেওঁ ২৬ বাৰ অসমলৈ ভ্ৰমণ কৰিছে । তেওঁ সদায় অসমীয়া গামোচা লগত ৰাখে । তেওঁ কাজিৰঙাত নিশা কটাইছে আৰু শেহতীয়াকৈ তেওঁ লাচিত বৰফুকনৰ এটা বিশাল মূৰ্তি অসমবাসীক উৎসৰ্গা কৰিছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান ভূপেন বৰাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.