ETV Bharat / politics

কৃত্ৰিমতা ভাল নোপোৱা বিজুলী কলিতা মেধিৰ সৈতে বিশেষ সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:52 PM IST

Bijuli Kalita Medhi: লোকসভা নিৰ্বাচন-২০২৪ৰ গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ৷ কি কি ক্ষেত্ৰত এই পৰ্যন্ত ব্যতিক্ৰম প্ৰাৰ্থীগৰাকী ? বিজেপিৰে কিমান দিনৰ সম্পৰ্ক তেওঁৰ ? ইটিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ এক বিশেষ সাক্ষাৎকাৰ ।

Bijuli Kalita Medhi
বিজুলী কলিতা মেধিৰ সৈতে বিশেষ সাক্ষাৎকাৰ

বিজুলী কলিতা মেধিৰ সৈতে বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী, 5 মাৰ্চ: আজিৰ পৰা প্ৰায় তিনি দশকৰ আগতে দেউতাকৰ সৈতে আটা গুলি দেৱালত বিজেপিৰ পোষ্টাৰ মাৰি ফুৰিছিল গুৱাহাটীৰ এগৰাকী স্কুলীয়া ছাত্ৰীয়ে ৷ সেই স্কুলীয়া ছোৱালীজনী আজি বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৷ লোকসভা নিৰ্বাচনত জনসাধাৰণলৈ প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিব নোখোজা এগৰাকী প্ৰাৰ্থী তেওঁ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপিৰ অসমৰ ১১ টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ চৰ্চিত প্ৰাৰ্থীগৰাকী হ’ল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ৷ ‘‘এসময়ত দেউতাৰ মাৰুটি কাৰখনত উঠি ঘৰৰ আটা গুলি পোষ্টাৰ লগাই প্ৰচাৰ চলাইছিলোঁ ৷ দেউতা আৰু স্বামীয়ে দলটোৰ প্ৰতি যি একনিষ্ঠ সেৱা আগবঢ়াইছে সেয়া ওচৰৰ পৰা দেখি আহিছো । সেই নিষ্ঠা সততাৰেই ভৱিষ্যতেও কাম কৰি যাম ৷’’- বুলি মন্তব্য বিজুলী কলিতা মেধিৰ ৷

ই টিভিৰে হোৱা বাৰ্তালাপত কলিতাৰ মন্তব্য যে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিব নোখোজে তেওঁ ৷ বিকাশেই হ’ব তেওঁৰ নিৰ্বাচনী যুঁজৰ মূলমন্ত্ৰ ৷ তৃণমূল পৰ্যায়ৰ পৰা এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আহি আজি লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱা বিজুলী কলিতা মেধি এগৰাকী উচ্চশিক্ষিতা মহিলা ৷

ৰাজনৈতিক-সাংগঠনিক অভিজ্ঞতাৰে পৰিপুষ্ট বিজুলী কলিতা মেধিয়ে গুৱাহাটীৰ হ’লী চাইল্ড স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত ভালেমান দিন জড়িত আছিল শিক্ষকতাৰ সৈতে ।

১৯৯৮ চনতে বিজেপিত যোগদান কৰিছিল যদিও পৰৱৰ্তী সময়ত শিক্ষকতা বাদ দি সক্ৰিয়ভাৱে ৰাজনীতিত যোগদান কৰে ৷ ২০১৩ চনত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ হিচাপে নিৰ্বাচিত হৈ উপ-মেয়ৰৰ দায়িত্বও পালন কৰিছিল বিজুলী কলিতা মেধিয়ে ৷

পৰৱৰ্তী সময়ত বিজেপিৰ ৰাজ্যিক পৰ্যায়ত বিভিন্ন গুৰু দায়িত্ব পালন কৰি আহিছিল বিজুলী কলিতা মেধিয়ে ৷ অসম প্ৰদেশ মহিলা বিজেপিৰ সভানেত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও BJPৰ ক’ৰ কমিটিৰ সদস্যকে ধৰি বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে বিজুলী কলিতা মেধিয়ে ৷

বৰ্তমান বিজেপিৰ ৰাজ্যিক উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিজুলী কলিতা মেধিয়ে আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ বাবে নিজৰ প্ৰচাৰ আৰু ভোটযুদ্ধ যাত্ৰা ৷ এতিয়াৰ ৰাজনীতি ধনসৰ্বস্ব হৈ পৰা বুলি অভিযোগ বাঢ়ি অহাৰ সময়ত তৃণমূল পর্যায়ৰ পৰা অহা একনিষ্ঠ কৰ্মী এগৰাকীয়েও যে প্ৰাৰ্থিত্ব পাব পাৰে তাকেই বিজেপিয়ে বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব দি প্ৰমাণ কৰিলে বুলি চৰ্চিত হৈছে ।

লগতে পঢ়ক: সাংবাদিকক চৰম অপমান পীযুষ হাজৰীকাৰ: বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জন সাংবাদিক সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.