ETV Bharat / politics

চীনৰ প্ৰধানমন্ত্ৰীৰ বাৰ্ষিক সংবাদমেল বাতিল

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 1:58 PM IST

Chinese premier press conference: নেচনেল পিপলছ কংগ্ৰেছৰ বাৰ্ষিক অধিবেশনৰ পূৰ্বে চীনা চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা । প্ৰচলিত পৰম্পৰা অনুসৰি প্ৰধানমন্ত্ৰী লি কিয়াঙে বৈঠকৰ পিচত সংবাদ মাধ্যমক সম্বোধন নকৰে । বিশ্বজুৰি প্ৰতিক্ৰিয়া আৰম্ভ ।

Chinese premier press conference
চীনৰ প্ৰধানমন্ত্ৰীৰ বাৰ্ষিক সংবাদমেল বাতিল

ইণ্টাৰনেশ্যনেল, ৪ মাৰ্চ : চীনা চৰকাৰে সোমবাৰে জনোৱা মতে চৰকাৰে প্ৰধানমন্ত্ৰীৰ বাৰ্ষিক সংবাদমেল বাতিল কৰিছে । সংবাদ মাধ্যমৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়া এইটোৱে একমাত্ৰ সময় আছিল । নেচনেল পিপলছ কংগ্ৰেছৰ মুখপাত্ৰ লৌ কিনলানে আইনসভাৰ বাৰ্ষিক অধিবেশন আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত কয় যে প্ৰচলিত প্ৰথা অনুসৰি প্ৰধানমন্ত্ৰী লি কিয়াঙে বৈঠকৰ পিচত সংবাদ মাধ্যমক সম্বোধন নকৰে ।

লৌৱে লগতে কয় যে কংগ্ৰেছে সাংবাদিকসকলৰ বাবে চৰকাৰী মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলক প্ৰশ্ন কৰাৰ সুযোগ বৃদ্ধি কৰিব । সংবাদমাধ্যমে প্ৰায় ৩,০০০ গৰাকী প্ৰতিনিধিক প্ৰশ্ন কৰিব পাৰিব । কোনো বিশেষ পৰিস্থিতি নাথাকিলে তেন্তে অহা কেইবছৰমানলৈ প্ৰধানমন্ত্ৰীৰ সংবাদমেল অনুষ্ঠিত নহয় ।

অৱশ্যে মুখপাত্ৰগৰাকীয়ে ইয়াৰ বহল বাখ্যা আগবঢ়োৱা নাই । মঙলবাৰৰ পৰা চৰকাৰৰ এক বিশেষ বৈঠক অনুষ্ঠিত হ'ব । য'ত মুখ্যতঃ সংগ্ৰামশীল অৰ্থনীতিক উন্নত কৰাৰ বাবে চৰকাৰে কি পদক্ষেপ ল'ব তাৰ যিকোনো ইংগিতৰ বাবে তীক্ষ্ণভাৱে নজৰ দিয়া হৈছে । প্ৰধানমন্ত্ৰী কিয়াঙে উদ্বোধনী অনুষ্ঠানত এক বাৰ্ষিক প্ৰতিবেদন উত্থাপন কৰিব য'ত ২০২৪ চনৰ বাবে চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ লক্ষ্য অন্তৰ্ভুক্ত থাকিব বুলি আশা কৰা হৈছে ।

চীনৰ অৰ্থনীতিৰ বিকাশ সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হ'ব । লগতে প্ৰধানমন্ত্ৰীয়ে বিশেষ ৰোডমেপ প্ৰকাশ কৰিব । ইয়াতেই প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক বিকাশৰ লক্ষ্য উপস্থাপন কৰা হ'ব । সচৰাচৰ আইনসভাৰ বাৰ্ষিক অধিবেশনৰ পিচত প্ৰধানমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে । কিন্তু তাৰ পূৰ্বে চীনৰ প্ৰধানমন্ত্ৰীৰ বাৰ্ষিক সংবাদমেল বাতিল কৰাৰ লগে লগে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :আফগানিস্তানত প্ৰচণ্ড তুষাৰপাত; বৰ্তমান পৰ্যন্ত মৃত্যু 15 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.