ETV Bharat / international

আফগানিস্তানত প্ৰচণ্ড তুষাৰপাত; বৰ্তমান পৰ্যন্ত মৃত্যু 15 জনৰ

author img

By ANI

Published : Mar 2, 2024, 8:25 AM IST

several killed and injured in Heavy snowfall in Afghanistan; devastating impact on livestock
আফগানিস্তানত প্ৰচণ্ড তুষাৰপাত; বৰ্তমান পৰ্যন্ত মৃত্যু 15 জনৰ

Heavy snowfall in Afghanistan: প্ৰচণ্ড তুষাৰপাতৰ ফলত আফগানিস্তানত বৰ্তমান পৰ্যন্ত 15 জন লোকৰ মৃত্যু আৰু প্ৰায় 30 জন ব্যক্তি আঘাতপ্ৰাপ্ত ৷ প্ৰায় দহ হাজাৰ জীৱ-জন্তুৰ মৃত্যু । বাট-পথ বন্ধ হৈ পৰাৰ ফলত সমস্যাৰ সন্মুখীন সৰ্বসাধাৰণ ৷ ক্ষতিগ্ৰস্তলৈ আগবঢ়োৱা হৈছে প্ৰশাসনিক সাহায্য ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী: আফগানিস্তানৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড তুষাৰপাত ৷ যোৱা তিনিদিনত দেশখনৰ কেইবাখনো প্ৰদেশত ব্যাপকভাৱে তুষাৰপাত হোৱাৰ ফলত 15 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 30 জন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হৈছে বুলি স্থানীয় সংবাদ পত্ৰত প্ৰকাশ ৷ ইয়াৰোপৰিও বালখ আৰু ফাৰিয়াব প্ৰদেশত হোৱা তুষাৰপাতে পশুধনৰ ওপৰত বিধ্বংসী প্ৰভাৱ পেলাইছে ৷ বৰ্তমান পৰ্যন্ত প্ৰায় দহ হাজাৰ জীৱ-জন্তুৰ মৃত্যু হৈছে ।

ছাৰ-ই-পুলৰ এগৰাকী বাসিন্দা আব্দুল কাদিৰে তুষাৰপাতে জনজীৱনত পেলোৱা প্ৰভাৱ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়, "তুষাৰপাত অব্যাহত আছে ৷ ইয়াৰ বাবে জনসাধাৰণে উদ্বিগ্নতাত ভুগিছে ৷ কাৰণ সকলোৰে পশুধনৰ ক্ষতি হৈছে ৷ বহু বাট-পথ বন্ধ হৈ পৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷"

আন এজন বাসিন্দা আমানুল্লাই বিশেষকৈ পথ বন্ধ আৰু ভোকাতুৰ পশুধনৰ দুৰ্দশাৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰী সাহায্যৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখ্য যে, এই প্ৰাকৃতিক সংকটৰ প্ৰতি সঁহাৰি জনাই আফগানিস্তানে বিশেষকৈ পশুধনৰ মালিকৰ ক্ষতিৰ সমাধানৰ বাবে বিভিন্ন মন্ত্ৰণালয়ক লৈ এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে । বালখ, জাউজজান, বদঘিছ, ফাৰিয়াব আৰু হেৰাট প্ৰদেশৰ পশুধনৰ মালিকসকলক সহায় কৰিবলৈ পঞ্চাশ নিযুত আফগানীক কৰ্তৃপক্ষই আবণ্টন দিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কৃষি, জলসিঞ্চন আৰু পশুধন মন্ত্ৰণালয়ৰ তালিবানে নিযুক্তি দিয়া মুখপাত্ৰ মিছবাহুদ্দিন মুস্তাইনে সকলো প্ৰদেশতে গঠন হোৱা সমিতিৰ দ্ৰুত সঁহাৰি সন্দৰ্ভত আলোকপাত কৰে । এই সমিতিসমূহে বন্ধ হৈ থকা পথবোৰ মুকলি কৰাৰ লগতে ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক খাদ্য আৰু পশুখাদ্য বিতৰণ কৰা, প্ৰচণ্ড বৰফৰ ফলত আবদ্ধ হৈ থকাসকলক উদ্ধাৰৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে ।

আফগান ৰেড ক্ৰীচেণ্ট ছ’চাইটিৰ মুখপাত্ৰ এৰফানুল্লাহ শ্বাৰাফজ’ইয়ে কয় যে শীতকালীন সেৱাৰ কৰ্মীসকলে ইতিমধ্যে বদঘিছ, ঘোৰ, ফাৰাহ, কান্দাহাৰ, হেলমাণ্ড, জাউজজান, আৰু নুৰিস্তান আদি প্ৰদেশত সহায় আগবঢ়াইছে ৷ শেহতীয়াকৈ বৰফ পৰাৰ ফলত ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ ওচৰতো উপস্থিত হৈছে এইসকল কৰ্মী ৷

তীব্ৰ তুষাৰপাতৰ ফলত ছালাং পাছকে ধৰি মূল পৰিবহণ পথসমূহ বন্ধ হৈ পৰিছে আৰু ঘোৰ, বদঘীছ, গাজনি, হেৰাট, বামিয়ান আদি বিভিন্ন প্ৰদেশলৈ যোৱাৰ পথ বন্ধ হৈ পৰিছে । ৰাজহুৱা কাম-কাজ মন্ত্ৰণালয়ৰ মুখপাত্ৰ মহম্মদ আশ্ৰাফ হাকশ্বেনছে বিগত দুদিন ধৰি প্ৰচণ্ড তুষাৰপাত হোৱাৰ বাবে এই পথসমূহ অস্থায়ীভাৱে বন্ধ হৈ পৰা বুলি কয় ।

লগতে পঢ়ক: বৰফৰ শুভ্ৰ আচ্ছাদন: চেলা পাছৰ পৰা ৭০ জন পৰ্যটকক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.