ETV Bharat / state

বৰফৰ শুভ্ৰ আচ্ছাদন: চেলা পাছৰ পৰা ৭০ জন পৰ্যটকক উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:47 PM IST

Heavy Snowfall Near Sela Pass : প্ৰচণ্ড তুষাৰপাতৰ বাবে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা পাছত আৱদ্ধ পৰ্যটকসহ স্থানীয় লোক ৷ বৃহস্পতিবাৰে নিশাৰ পৰা চেলা পাছত আৱদ্ধ হৈ থকা কমেও 70 জন পৰ্যটক আৰু স্থানীয় লোকক উদ্ধাৰ কৰিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে ।

Heavy Snowfall Near Sela Pass
বৰফৰ শুভ্ৰ আচ্ছাদন: চেলা পাছৰ পৰা ৭০ জন পৰ্যটকক উদ্ধাৰ

বৰফৰ শুভ্ৰ আচ্ছাদন: চেলা পাছৰ পৰা ৭০ জন পৰ্যটকক উদ্ধাৰ

তেজপুৰ, ২৩ ফেব্ৰুৱাৰী : দেশৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো প্ৰচণ্ড তুষাৰপাতৰ ফলত জন জীৱন ব্যাহত হৈছে ৷ ফেব্ৰুৱাৰী মাহৰ পৰা অৰুণাচলৰ সীমান্তৰ পৰা চেলা পাছলৈ শুকুলা বৰফৰে আবৃত্ত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ৷ ইতিমধ্যে জনসাধাৰণৰ বাবে প্ৰশাসনে সতৰ্কতামূলক জাননী জাৰি কৰিছে ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ বৈশাখিৰ পৰা চেলা পাছ আৰু নুৰানঙলৈ যান-বাহনৰ চলাচলত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰিছিল টাৱাং জিলা আয়ুক্তই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰচণ্ড তুষাৰপাতৰ বাবে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা পাছত আৱদ্ধ হৈ পৰিছিল ট্ৰাকৰ লগতে পৰ্যটকৰ বাহন ৷ তাৰ পিচতে বৃহস্পতিবাৰে নিশাৰ পৰা চেলা পাছত আৱদ্ধ হৈ থকা কমেও 70 জন পৰ্যটক আৰু স্থানীয় লোকক উদ্ধাৰ কৰিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে । শুকুৰবাৰে সন্ধিয়া প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে এই কথা অৱগত কৰে ৷

ইয়াৰোপৰি BRO য়ে যাতায়তৰ বাবে পথ মুকলি কৰিবলৈ বৰফ খান্দি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । জানিব পৰা অনুসৰি, ইফালে বৃহস্পতিবাৰৰ নিশা পৰাই আৰু শুকুৰবাৰৰ দিনৰ ভাগত কিছু বাহন আৱদ্ধ হৈ পৰে ৷ ইয়াৰ পিচতে প্ৰজেক্ট ভাৰ্টকৰ ৪২ বি আৰ টি এফে তেওঁলোকৰ লোক আৰু সা-সঁজুলিৰে সংগঠিত এটা লোকে পৰ্যটকসহ স্থানীয় লোকসকলক উদ্ধাৰ কৰে ।

ওৰে নিশা BRO ৰ কৰ্মকৰ্তাসকলে -১০ ডিগ্ৰী চেলছিয়াছৰ শীতকো আওকান কৰি লোকসকলক সুকলমে উদ্ধাৰ কৰি শুকুৰবাৰে পুৱা 4.30 বজাৰ ভিতৰত তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যাবলৈ সক্ষম হয় । প্ৰজেক্ট ভাৰ্টকে কেৱল চেলা পাছতেই নহয়, অঞ্চলটোৰ অন্যান্য গুৰুত্বপূৰ্ণ পথসমূহতো 24 ঘণ্টাই বি আৰ অ’ৰ কৰ্মী নিয়োগ কৰিছে ৷ যাতে সকলো সময়তে পথটো যাতায়তৰ বাবে সুলভ হৈ থাকে।

লগতে পঢ়ক: প্ৰচণ্ড তুষাৰপাত : টাৱাঙৰ চেলা পাছত বিঘ্নিত জনজীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.