ETV Bharat / state

প্ৰচণ্ড তুষাৰপাত : টাৱাঙৰ চেলা পাছত বিঘ্নিত জনজীৱন

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 9:37 PM IST

Heavy Snowfall Near Sela Pass : টাৱাং জিলাৰ চেলা পাছত আৱদ্ধ হৈ আছে প্ৰায় 30 খনৰো অধিক ট্ৰাক ৷ প্ৰচণ্ড তুষাৰপাতৰ বাবে 5 ফেব্ৰুৱাৰীৰ পৰাহে পৰ্যটকৰ বাবে মুকলি হ’ব পশ্চিম কামেং আৰু টাৱাংৰ মাজত পথ যোগাযোগ ব্যৱস্থা ৷ বৰ্তমান জিলাখনত তাপমাত্ৰ -১৩৹C ডিগ্ৰী চেলচিয়াচ ৷

Heavy Snowfall Near Sela Pass
প্ৰচণ্ড তুষাৰপাতত ব্যাহত জনজীৱন
চেলা পাছত প্ৰচণ্ড তুষাৰপাত

তেজপুৰ, 3 ফেব্ৰুৱাৰী : পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা পাছত আৱদ্ধ হৈ আছে প্ৰায় 30 খনৰো অধিক ট্ৰাক ৷ সামগ্ৰী ভৰ্তি ট্ৰাক সমূহ ভালুকপুং দিশৰ পৰা টাৱাঙলৈ গৈ থকা অৱস্থাত চেলা পাছৰ পূৰ্বেই যোৱা তিনিদিন ধৰি আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পিছতে টাৱাং জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ৷ বহুতো পৰ্যটকৰ গাড়ী বৰফৰ বাবে আবদ্ধ হৈ পৰিছে ৷ এই প্ৰচণ্ড তুষাৰপাতৰ বাবে 5 ফেব্ৰুৱাৰীৰ পৰাহে পৰ্যটকৰ বাবে মুকলি হ’ব পশ্চিম কামেং আৰু টাৱাংৰ মাজত পথৰ যোগাযোগ ব্যৱস্থা ৷

টাৱাং জিলা আয়ুক্তই শুকুৰবাৰে পুনৰ এক নিৰ্দেশনা জাৰি কৰিছে ৷ বিগত সময়ছোৱাত জিলাখনত অত্যন্ত তুষাৰপাত, হিমস্খলনৰ ফলত জনজীৱন বিঘ্নিত হৈ পৰিছে ৷ সীমান্তৰ পৰা চেলা পাছলৈ এতিয়া শুকুলা বৰফৰে আবৃত্ত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ৷ জনসাধাৰণৰ বাবে প্ৰশাসনে সতৰ্কতামূলক জাননী পুনৰ জাৰি কৰিছে ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ বৈশাখিৰ পৰা চেলা পাছ আৰু নুৰানঙলৈ যান-বাহনৰ চলাচলত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷

বৰ্তমান এই জিলাখনত (-১৩৹C) ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰ চলি আছে ৷ যি কোনো পৰ্যটকে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণলৈ যাওতে পূৰ্বে পথ নিৰ্দেশনা আৰু যোগাযোগ ব্যৱস্থা জানি ল’বলৈ আহ্বান জনাইছে প্ৰশাসনে ৷ আনহাতে 2 ফেব্ৰুৱাৰীত 5, 7, 9 আৰু 11 তাৰিখে টাৱাং জিলাৰ জঙৰ পৰা পৰ্যটক আৰু ভাৰতীয় সেনা বাহিনীৰ লোক পিশ্চিম কামেং তথা নামনি ঠাইলৈ আহিবৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে টাৱাং জিলা প্ৰশাসনে ৷ জিলা আয়ুক্ত কাঙ্কি ডেৰাংৰ শুকুৰবাৰৰ নিৰ্দেশনা মতে টাৱাঙৰ পৰা যশোৱন্ত গড় হৈ চেলা পাছ পাৰ হোৱাৰ সময় পুৱা 10.30 বজাৰ পৰা 11.30 বজালৈ দিয়া হৈছে ৷ এই নিৰ্দেশ জৰুৰীকালীন সেৱা, এম্বুলেন্সৰ বাহিৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব ৷

আনহাতে ইয়াৰ পৰিৱৰ্তে পশ্চিম কামেং জিলাৰ ডিৰাঙৰ পৰা টাৱাং যাবলৈ 6, 8, 10, 12 তাৰিখে চেলা পাছ পাৰ হ’বলৈ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ জিলা আয়ুক্তই আৰক্ষী প্ৰশাসন আৰু বিভিন্ন সুৰক্ষা বাহিনীৰ লোকৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে ৷ আনহাতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শুকুৰবাৰে বিয়লি টাৱাংৰ চেলা পাছৰ সুৰংগ পৰিদৰ্শন কৰে ৷ তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সুৰংগ দেশৰ বাবে শীঘ্ৰেই উৎসৰ্গিত কৰিব ৷

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.