ETV Bharat / politics

মাজুলীত বিজেপিৰ বিশাল গণ সমাৱেশ

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 5:34 PM IST

Majuli BJP meeting: মাজুলীত বিজেপিৰ বিশাল গণ সমাৱেশ ৷ মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতা ৷

bjp state president Bhabesh Kalita visits majuli
ভাৰতীয় জনতা পাৰ্টীৰ সমাৱেশ

ভবেশ কলিতাৰ মন্তব্য

মাজুলী, 13 ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে মঙলবাৰে মাজুলীলৈ আহে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতা । আজি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি গৰাকীয়ে মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন বিশাল সভাত অংশ গ্ৰহণ কৰে ।

ভবেশ কলিতাৰ উপস্থিতিত মঙলবাৰে প্ৰায় তিনি শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰে । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে এই সভাত অংশগ্ৰহণ কৰে । গড়মূৰ মিনি ষ্টেডিয়ামত ৰাইজক সম্বোধন কৰি দিয়া ভাষণত বিজেপি দলৰ সভাপতি গৰাকীয়ে কয় যে মাজুলীৰ প্ৰাক্তন বিধায়ক তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত যি উন্নয়নৰ কাম আৰম্ভ কৰিছিল সেই কাম খুব খৰতকীয়া বাবে হোৱাৰ বাবে মাজুলীত আজি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

মাজুলীবাসীয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ দিব লাগে কিয়নো তেওঁলোকৰ দিনত মাজুলীত দুখনকৈ দলঙৰ কাম সুন্দৰকৈ হৈ আছে । এই চৰকাৰৰ দিনত দেশত উন্নয়নৰ ধাৰা বৈ গৈছে । মহিলাসকলৰ বাবে এইখন চৰকাৰে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰিছে । যাতায়ত, শিক্ষা ব্যৱস্থা, চিকিৎসা ব্যৱস্থাৰ এই চৰকাৰৰ দিনত যথেষ্ট উন্নতি হৈছে যাৰ বাবে ৰাইজে এই চৰকাৰক ধন্যবাদ দিব লাগে ।

এক কথাত কবলৈ গ’লে যেন যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণডংকা আৰম্ভ হ'ল মাজুলীৰ পৰা ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাইজক ভোট দিবলৈ আহ্বান ভবেশ কলিতাৰ লগতে সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ভুৱন গামৰ । ‘আমাৰ চৰকাৰ ৪৭ চনলৈ থাকিব, বেলেগ চৰকাৰ আহিব নোৱাৰে, কিবা মৰ্চা এক গোট হৈ লাভ নাই, তেওঁলোকক কেৱল শোষণ কৰাৰ ক্ষমতা লাগে’, মাজুলীত এই মন্তব্য ভবেশ কলিতাৰ । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা কোনে খেলিব বৰ্তমানলৈকে নিশ্চিত হোৱা নাই ৷ মিত্ৰজোঁটৰ আলোচনাৰ অন্ততহে নিশ্চিত হ’ব কোনে ক’ত খেলিব ।

লগতে পঢ়ক : বৰপেটা লোকসভা সমষ্টি বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব : ভবেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.