বৰপেটা লোকসভা সমষ্টি বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব : ভবেশ কলিতা - Organisational meeting of BJP

🎬 Watch Now: Feature Video

thumbnail
বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা (undefined)

By ETV Bharat Assamese Team

Published : February 2, 2024 at 10:01 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী, ২ ফেব্ৰুৱাৰী : নৱগঠিত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱাত আজি বিজেপিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । এই সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মন্তব্য় কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে এইবাৰ বৰপেটা লোকসভা সমষ্টি বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব বুলি দবী কৰে ।

ভবেশ কলিতাই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিত দলৰ সাংগঠনিক কাম-কাজৰ বুজ লয় । ইফালে, অহা ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ কৰিব বুলি কয় । তদুপৰি বিজেপিত যোগদান সন্দৰ্ভত ভবেশ কলিতাই কয়," বহুলোকে বিজেপিত যোগদান কৰিব । যোগদান কৰিবলগীয়া ব্যক্তিৰ এক দীঘলীয়া তালিকা আছে । অতি শীঘ্ৰেই আয়োজন কৰা হ'ব যোগদান কাৰ্যসূচী । যোগদান কাৰ্যসূচীত দেখিব কোনে কোনে বিজেপিত যোগদান কৰে ।"

লগতে পঢ়ক:শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ? শাসক-বিৰোধীৰ যুদ্ধকালীন তৎপৰতা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details