ETV Bharat / politics

শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ? শাসক-বিৰোধীৰ যুদ্ধকালীন তৎপৰতা

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:24 PM IST

Lok Sabha election 2024 : লোকসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগেই এতিয়া ৰাজ্যত ৰাজনৈতিক দল সমূহে যুদ্ধ গতিত আৰম্ভ কৰিছে প্ৰস্তুতি ৷ সংসদীয় সমষ্টি সমূহত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিৰ লগতে আন আন দল সমূহে ৷ গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি শোণিতপুৰক লৈয়ো ব্যস্ত হৈ পৰিছে দল সমূহ ৷ চৰ্চা চলিছে কাৰ দখললৈ যাব শোণিতপুৰ ৷ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ প্ৰতিবেদন...

Lok Sabha election 2024
শোণিতপুৰ লোকসভা সমষ্টিক লৈ চৰ্চা

তেজপুৰ, 2 ফেব্ৰুৱাৰী : চমু চাপি আহিছে লোকসভা নিবাৰ্চনৰ দিন ৷ ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে নিবাৰ্চনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ৰাজনৈতিক দল আৰু বিভিন্ন মহলে ধাৰণা কৰিছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰঙালী বিহুৰ পূৰ্বেই অনুষ্ঠিত হ’ব নিবাৰ্চন ৷ ফলত স্বাভাৱিকতেই নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ তাৰ মাজতেই শাসকীয় দল বিজেপিয়ে লোকসভা সমষ্টি ভিত্তিত নিবাৰ্চনী কাযাৰ্লয়ৰ শুভাৰম্ভণি কৰাৰ লগতে বিভিন্ন সভা-সমিতি, কাৰ্যকৰ্তা সন্মিলন আদিৰ আয়োজন কৰিছে ৷ গুৰুত্বপূৰ্ণ সমষ্টি শোণিতপুৰতো বিজেপিৰ লগতে বাকী দল সমূহে আৰম্ভ কৰিছে তৎপৰতা ৷

নিবাৰ্চনক লৈ বিজেপি দলটোৰ তৎপৰতা বৃদ্ধি পালেও দলীয় প্ৰাৰ্থী কোন হ’ব অথবা মিত্ৰ দল অগপক শোণিতপুৰ সংসদীয় সমষ্টি এৰি দিয়া হ’ব নেকি ইত্যাদি প্ৰশ্নৰ উত্তৰ নাই নেতা-কৰ্মীৰ হাতত ৷ 29 জানুৱাৰীত তেজপুৰৰ চানমাৰীত লোকসভা নিবাৰ্চনৰ কাযাৰ্লয় মুকলি কৰি মন্ত্ৰী পীযুষ হাজৰীকাই শোণিতপুৰত পূৰ্বৰ নিবাৰ্চনৰ তুলনাত 10 গুণ ভোটাৰ বৃদ্ধিৰ পৰিকল্পনা কৰা বুলি মন্তব্য কৰে ৷ একেদৰে মন্ত্ৰী অশোক সিংহলো সমষ্টিটো বিজেপিৰ দখলত থাকিব বুলি এক প্ৰকাৰ নিশ্চিত ৷ কিন্তু প্ৰাৰ্থী কোন হ’ব সেই কথা কোনেও নাজানে ! অৱশ্যে বিভিন্ন মহলত চলা চৰ্চা অনুসৰি এইবাৰ শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী আশ্চৰ্যজনক ভাৱে সলনি হোৱাৰ সম্ভাৱনা আছে ৷

বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসে পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি একাংশই মতপোষণ কৰিছে যদিও আন একাংশৰ মতে প্ৰাৰ্থিত্বৰ দৌৰত আছে প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত ৷ একেদৰে সমষ্টিটোক চাহ জনগোষ্ঠীৰ সামন্তৰালকৈ নেপালী ভোটাৰৰ নিণাৰ্য়ক ভূমিকা থকা বুলি দাবী কৰি একাংশই বিচাৰিছে অশোক ভট্টৰায়ৰ দৰে প্ৰাৰ্থীক ৷ অৱশ্য কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰাৰ পিছতহে এন ডি এৰ প্ৰাৰ্থী নিশ্চিত হ’ব ৷

ইফালে কংগ্ৰেছ দলে বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে ৷ সেই পেনেল অনুসৰি শোণিতপুৰত প্ৰাক্তন সাংসদ আৰ. পি. শৰ্মা, প্ৰেমলাল গুঞ্জু আৰু বণাৰ্লী ফুকনৰ নামো আছে ৷ অৱশ্যে পেনেলত নথকা কোনো ব্যক্তিয়ে প্ৰাৰ্থিত্ব লাভ কৰিলেও অচৰিত হ’বলগীয়া একো নাই ৷ কংগ্ৰেছে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰাৰ সময়তে মিত্ৰ দল আপে বিচাৰিছে শোণিতপুৰ সমষ্টি ৷ ৰাজ্যখনৰ 14 টা সমষ্টিৰ তিনিটা লাগে আপক ৷ একেদৰে তৃণমূলকো লাগে আন তিনিটা সমষ্টি ৷ বিশেষকৈ শোণিতপুৰ সমষ্টিটোৰ প্ৰতি ইণ্ডি মিত্ৰজোঁটৰ আপ, তৃণমূল আৰু কংগ্ৰেছ দলৰ সমানেই আগ্ৰহী ৷ গতিকে শেষত কোনে প্ৰাৰ্থিত্ব লাভ কৰে তাৰ বাবে হয়তো কিছুদিন অপেক্ষা কৰিব লাগিব ৷

আনহাতে বিজেপিৰ মিত্ৰ দল অগপই বৃহস্পতিবাৰে তেজপুৰত নিবাৰ্চনৰ ৰণ শিঙা বজাই দলৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত ক’লে- দলটোৱে যিকোনো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ সাজু আছে ৷ শোণিতপুৰতো দলীয় স্থিতি মজবুত ৷ অগপৰ সভাপতিৰ এই মন্তব্যই শোণিতপুৰ সমষ্টিটোক লৈ আন এক ইংগিত বহন কৰিছে ৷ এতিয়া প্ৰতিটো দলৰে তৃণমুল কৰ্মী সকলৰ মাজত কৌতুহল কেৱল মাত্ৰ প্ৰাৰ্থিত্বক লৈ ৷ মন কৰিবলগীয়া যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ মাজত সম্ভাব্য অন্তৰ্দন্দ্ব সমূহ আগতীয়াকৈ মষিমূৰ কৰাত সহায়ক হোৱাৰ লক্ষ্যৰে কেতবোৰ তাৎক্ষণিক সালসলনি কৰা হৈছে বুলি এক ভিতৰুৱা সূত্ৰ যোগে জানিব পৰা গৈছে ৷ কিয়নো নিৰ্বাচনৰ সময়ত যাতে দলৰ জিলা পৰ্যায়ত কোনো ধৰণৰ আসোঁৱাহ নাথাকে সেই দিশটো কেন্দ্ৰীয় নেতৃত্বই প্ৰাধান্য দিয়া দেখা গৈছে ৷

অৱশ্যে বিধানসভা নিৰ্বাচনৰ বাবে বহু দূৰ যদিও লোকসভা নিৰ্বাচনত বিজেপিয়ে চাহ বাগিচা অধ্যুষিত অঞ্চলত যাতে বৰ্তমান সময়ত হেৰাই যাব ধৰা স্থিতি পুনৰ বাহাল ৰাখিব পাৰে তাৰ বাবেও বিশেষ ৰণনীতি তৈয়াৰ কৰিছে ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা (বৰ্তমান শোণিতপুৰ) লোকসভা সমষ্টিৰ 9 টা বিধানসভা সমষ্টিৰ পৰা ভোটদান হৈছিল মুঠ 11,91,885 ৷ অৰ্থাৎ মুঠ 79.48 শতাংশ ভোট গ্ৰহণ হৈছিল ৷ ইয়াৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসে 6,84,166 ভোট লাভ কৰি 57.48 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন আমোলা এম জি ভি কে ভানুয়ে 4,41,325 টা ভোট লাভ কৰি 37.08 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : লোকসভাৰ আসনক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত শীতল যুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.