ETV Bharat / politics

লোকসভাৰ আসনক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত শীতল যুদ্ধ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 7:11 PM IST

LOK SABHA ELECTION 2024 : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ ভিতৰচ’ৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক শীতল যুদ্ধ ৷ আসন বুজাবুজিৰ সন্দৰ্ভত বিৰোধী ঐক্য মঞ্চৰ দলসমূহৰ‌ মাজত এতিয়াও অচলাৱস্থা অব্যাহত আছে ৷

LOK SABHA ELECTION 2024
কংগ্ৰেছৰ ভিতৰ চ’ৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক শীতল যুদ্ধ (ETV BHARAT ASSAM)

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দলৰ‌ মাজত আসন ভাগ-বাটোৰাক লৈ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে ৷ এইবাৰ অসমত লোকসভা নিৰ্বাচনত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰধান বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু আসন বুজাবুজিৰ সন্দৰ্ভত বিৰোধী ঐক্য মঞ্চৰ দলসমূহৰ‌ মাজত এতিয়াও অচলাৱস্থা অব্যাহত আছে ৷ কিন্তু ইয়াৰ‌ মাজতে কেইবাটাও লোকসভা সমষ্টিক লৈ কংগ্ৰেছৰ ভিতৰ চ’ৰাত শীতল যুদ্ধ আৰম্ভ হৈছে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ এক বৈঠকত এখন তালিকা প্ৰস্তুত কৰা হৈছে ৷ নিৰ্বাচন কমিটীৰ সভাপতি ভূপেন বৰা আৰু উপ-সভাপতি দেৱব্ৰত শইকীয়াই 14 টা সমষ্টিৰ বাবে তিনিজনীয়া পেনেল প্ৰস্তুত কৰি স্ক্ৰীনিং কমিটীৰ ওচৰত জমা দিছে ৷ উল্লেখ্য যে কংগ্ৰেছৰ নিৰ্বাচন কমিটীয়ে 14 টা লোকসভা সমষ্টিতে সম্ভাব্য প্ৰার্থীৰ তালিকা চূড়ান্ত কৰিছে ৷ স্ক্ৰীনিং কমিটীয়ে পর্যালোচনা কৰাৰ অন্তত কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷

উল্লেখ্য যে কংগ্ৰেছ দলৰ মাজত এতিয়া কেবাটাও লবীৰ সৃষ্টি হৈছে ৷ নগাঁও, লখিমপুৰ, গুৱাহাটী, বৰপেটা আদি কেইবাটাও সমষ্টিৰ বাবে কংগ্ৰেছৰ ভিতৰ চ’ৰাত আৰম্ভ হৈছে শীতল যুদ্ধ, লবী কেন্দ্ৰীক ৰাজনীতি ৷ লক্ষণীয় যে লোকসভাত সৰৱ ভূমিকা গ্ৰহণ কৰা সাংসদ গৌৰৱ গগৈৰ নাম দুটা লোকসভা সমষ্টিৰ পেনেলত আছে ৷ যোৰহাট আৰু নগাঁও লোকসভা সমষ্টিৰ পেনেলত তেওঁৰ নাম ৰখা হৈছে ৷ গগৈয়ে নগাঁও নে যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে তাক লৈ বিজেপিও উৎসুক হৈ আছে ৷ কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিক সম্ভৱনা আছে ৷

ইফালে গগৈয়ে যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশংকা কৰি বিজেপিয়ে সমষ্টিটোত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট সমষ্টিৰ সাংগঠনিক কাম-কাজৰ দায়িত্ব মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্তমল্ল বৰুৱাক দিছে ৷ কংগ্ৰেছৰ নিৰ্বাচন কমিটীয়ে প্ৰস্তুত কৰা পেনেলত নগাঁও সমষ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ নাম আছে ৷ আকৌ যোৰহাটত গৌৰৱ গগৈ আৰু কৃষ্ণা গগৈৰ নাম আছে ৷ গৌৰৱ গগৈয়ে নগাঁও নে যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে তাকে লৈ চৰ্চা অব্যাহত আছে ৷ এইক্ষেত্ৰত শেষ সিদ্ধান্ত তেওঁ নিজেই ল'ব বুলি জানিব পৰা গৈছে ৷

নগাঁৱৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছৰ প্ৰভাৱী নেতা প্ৰদ্যুৎ বৰদলৈক অন্য সমষ্টিত প্ৰাৰ্থিত্ব দিব লাগিব ৷ কিন্তু এই ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও সমষ্টিত কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী বুলি দাবী কৰি আহিছে ৷ ইফালে লখিমপুৰত ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকাৰ নাম প্ৰাৰ্থী পেনেলত আছে ৷ ইয়াকে লৈ লখিমপুৰৰ ৰাণী নৰহ পন্থীয়ে উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থী পেনেলত ৰখাৰ বাবে অসন্তুষ্টিত আছে ৷ বিজেপিৰ পৰা কংগ্ৰেছ দলত যোগদান কৰা উদয় শংকৰ হাজৰিকাক লখিমপুৰত প্ৰাৰ্থী পেনেলত ৰখাৰ বাবে ৰাণী নৰহ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছে ৷

আনহাতে গুৱাহাটী সমষ্টিৰ বাবে কংগ্ৰেছৰ মহিলা নেত্ৰী মীৰা বৰঠাকুৰ আৰু বৰপেটা সমষ্টিৰ বাবে কংগ্ৰেছৰ সেৱা দলৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নে আকোৰগোজ হৈ থকাৰ বাবে কংগ্ৰেছৰ ভিতৰ চ’ৰাত শীতল যুদ্ধ চলি আছে ৷ মন কৰিবলগীয়া যে বিৰোধী ঐক্য মঞ্চৰ বুজাবুজি অনুসৰি কেন্দ্ৰীয় নেতৃত্বই যিকেইটা সমষ্টি মিত্ৰদলক এৰি দিব, সেইকেইটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা নকৰে ৷ বৰপেটা সমষ্টিৰ বাবে চি পি আই এম দলে আৰু আপে বিশেষকৈ গুৱাহাটীত তেওঁলোকৰ প্ৰাৰ্থী দিয়াৰ বাবে আকোৰগোজ হৈ আছে ৷ গতিকে এনে পৰিস্থিতিত আগন্তুক লোকসভা নিৰ্বাচনত আসন বুজাবুজি কংগ্ৰেছৰ আৰু সহযোগী বিৰোধী দলসমূহৰ মাজত কিদৰে হয় সেয়া সময়হে ক'ব ৷

লগতে পঢ়ক : এয়া তেল নহয়, এজন দায়বদ্ধ বিধায়কৰ ৰাজনৈতিক সৌজন্যতা : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.