ETV Bharat / politics

এয়া তেল নহয়, এজন দায়বদ্ধ বিধায়কৰ ৰাজনৈতিক সৌজন্যতা : অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:33 PM IST

MLA Akhil Gogoi
সমালোচকক সামাজিক মাধ্যমত প্ৰত্যুত্তৰ অখিল গগৈৰ

MLA Akhil Gogoi : মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ বাবে সমালোচিত হোৱা বিধায়ক অখিল গগৈৰ সমালোচকক সামাজিক মাধ্যমত প্ৰত্যুত্তৰ ৷ এয়া তেল নহয়; এয়া সৌজন্যতা, ভদ্ৰতা, অতিথিপৰায়ণতা বুলি উল্লেখ বিধায়কজনৰ ৷

MLA Akhil Gogoi
মুখ্যমন্ত্ৰীক অভিনন্দন

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ উখল-মাখল ৷ নতুন ৰূপ পাব ৰংঘৰ প্ৰাংগণে ৷ অসমৰ ঐতিহ্যৰ ধ্বজাবাহী তথা পৰ্যটনৰ অন্যতম আকৰ্ষণ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কামৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মঞ্চত শৰাই দি আদৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ সততে মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা-সৰকা কৰা অখিল গগৈয়ে মঞ্চত মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে শিৱসাগৰৰ বিধায়ক হিচাবে এই প্ৰকল্পৰ বাবে ধন্যবাদো জ্ঞাপন কৰিলে ৷ যিটো অখিল গগৈৰ ক্ষেত্ৰত সততে দেখা নাযায় ৷

লগে লগে একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হ’ল যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দনত ব্যস্ত হ’ল অখিল গগৈ ৷ একাংশই সমালোচনা কৰিলে- মানুহক দেখুৱাই মুখেৰে কঠোৰ সমালোচনা কৰিলেও আচলতে মুখ্যমন্ত্ৰীক তৈলমৰ্দনহে কৰে বিধায়ক গগৈয়ে ৷ এই সমালোচনাৰেই সামাজিক মাধ্যমত প্ৰত্যুত্তৰ দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

বিধায়কজনে লিখিছে যে- “শিৱসাগৰ সমষ্টিৰ বাবে আজি ঐতিহাসিক দিন ৷ ৰংঘৰ প্ৰকল্পৰ নিৰ্মাণৰ শুভ আৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৷ স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ শিৱসাগৰৰ পৰ্যটন বিকাশৰ আটাইতকৈ ডাঙৰ প্ৰকল্পটো মোৰ কাৰ্যকালত ল’বলৈ পাই আজি কিমান যে আনন্দ লাগিছে ৷ তদুপৰি 'তলাতল ঘৰ প্ৰকল্প', যমুনাৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্প, জয়সাগৰ পুখুৰী সৌন্দৰ্যবৰ্দ্ধন , ৰংঘৰ চাৰি আলিত দিখৌৰ ওপৰত এখন নতুন দলং, দিখৌৰ বৃটিছ যুগৰ ঐতিহাসিক ষ্টীলৰ দলংখনৰ সুৰক্ষা তথা সৌন্দৰ্যবৰ্দ্ধন, বৰপাত্ৰ আলিৰ ওপৰত ৰেল গে’ট এখনৰ দাবী পেছ কৰোতে উপস্থিত হাজাৰ হাজাৰ ৰাইজৰ উল্লাস ভৰা সমৰ্থন আছিল এই ঐতিহাসিক দিনটোৰ তাৎপৰ্যপূৰ্ণ দিশ ৷”

লগতে অখিল গগৈয়ে দাবী কৰে যে বিজেপিৰ কৰ্ম-কৰ্তাৰে ভৰা এই জনসভাত ৰাইজে তেওঁক বিপুলভাৱে সমৰ্থন জনায় ৷ তেওঁ উল্লেখ কৰিছে- “সভালৈ মানুহ গোটাইছিল চৰকাৰ আৰু বিজেপিয়ে; কিন্তু মোৰ দাবীসমূহত ৰাইজৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে প্ৰৱলভাৱে সমৰ্থন কৰি শিৱসাগৰবাসীৰ উন্নয়নৰ ৰাজনীতিৰ প্ৰতি থকা প্ৰৱল আগ্ৰহকে প্ৰমাণ কৰিলে ৷ বহুত টেনছনত আছিলোঁ, কিন্তু সামৰণি বহুত ভাল হ’ল ৷ আজিৰ দিনটোৰ বাবে মই সুখী ৷”

শেষত অখিল গগৈয়ে মুখ্যমন্ত্ৰীক তেল মৰা বুলি সমালোচনা কৰা সকললৈ বুলি দিছে এক কঢ়া প্ৰত্যুত্তৰ- “ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই তেল মৰা বুলি উচ্চাৰণ কৰিব খোজা সংবাদ গোষ্ঠীক মই কওঁ, এয়া তেল নহয়; এয়া সৌজন্যতা, ভদ্ৰতা, অতিথিপৰায়ণতা ৷ মই এজন বিধায়ক আৰু মোৰ সমষ্টিৰ উন্নয়নৰ প্ৰতি মই দায়ৱদ্ধ ৷ দায়ৱদ্ধ বিধায়কৰ ৰাজনৈতিক সৌজন্যতা এয়া ৷ মই মোৰ আদৰ্শত চিৰদিন অটল ৷” উল্লেখযোগ্য যে বিৰোধীৰ বিধায়ক অখিল গগৈয়ে দীৰ্ঘদিন ধৰি শিৱসাগৰক লৈ এলানি প্ৰকল্পৰ পৰিকল্পনা লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আহিছিল ৷

কিন্তু আজিৰ এই ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কামৰ শুভাৰম্ভণিৰ চৰকাৰী বিজ্ঞাপনত উপেক্ষিত আছিল অখিল গগৈ ৷ কিন্তু তাৰ বিপৰীতে অখিল গগৈয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই একাধিক পোষ্ট আপলোড কৰিছিল ৷ তাৰ পিছত মুকলি সভাতো মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছিল তেঁওৰ প্ৰস্তাৱিত প্ৰকল্পৰ কথাসমূহত চৰকাৰে গুৰুত্ব দিয়াৰ বাবে ৷ তাৰ পিছতেই একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত অখিল গগৈয়ে মুখ্যমন্ত্ৰীক তৈল মৰ্দন কৰা বুলি সমালোচিত হৈছিল ৷ ইয়াৰ পিছতেই অখিল গগৈয়ে এয়া তেল নহয়; এজন দায়ৱদ্ধ বিধায়কৰ ৰাজনৈতিক সৌজন্যতা বুলি সমালোচকক প্ৰত্যুত্তৰ দিয়ে ৷

লগতে পঢ়ক : ৰংঘৰৰ ৰং চৰাবলৈ ভূমিপূজন; মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিল অখিল গগৈও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.