ETV Bharat / politics

চোৰ-ডকাইতৰ পৰা আমাক বচাই ৰাখক ! কিয় ক'লে বদৰুদ্দিন আজমলে ? - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 9:40 PM IST

AIUDF campaigning: কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক চয়তানৰ চেলা আৰু চোৰ-ডকাইত আখ্যা বদৰুদ্দিন আজমলৰ । মন্দিয়া বিধানসভা সমষ্টিৰ জনিয়াত AIUDF ৰ বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় । সভাত বদৰুদ্দিন আজমল আৰু চিৰাজ আজমলে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ।

Lok Sabha election 2024
AIUDF campaigning

AIUDF ৰ বিশাল নিৰ্বাচনী জনসভা

জনিয়া, ৩০ এপ্ৰিল: মঙলবাৰে বিয়লি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জনিয়াত AIUDF দলৰ এক বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল, ভাতৃ চিৰাজ উদ্দিন আজমলৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল । সভাত ৰকিবুল হুছেইন গ' বেক, ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হুছেইনৰ দালালি নচলিব, অখিল গগৈ-লুৰীণ গগৈৰ বদমাছী নচলিব আদি বিভিন্ন শ্ল'গানেৰে বদৰুদ্দিন আজমলে আকাশ-বতাহ কঁপাই তোলে ।

ৰকিবুল হুছেইন, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক সমালোচনা কৰি আজমলে বাংলা ডায়লগেৰে কয়, "চোৰে চোৰে আলি, এক চোৰে বিয়া কৰে আৰেক চোৰেৰ শালী" ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে বিধায়ক চিৰাজ উদ্দিন আজমল, ৰফিকুল ইছলাম আৰু আমিনুল ইছলামে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে । লগতে কয় ৰকিবুল হুছেইন ডাঙৰ চোৰ, তেওঁৰ লগতে আছে দুটা সৰু সৰু চোৰ । অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ লগত কাম কৰি হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ, এইবাৰ আহিছে ৰকিবুল হুছেইনৰ পৰা টকা ল'বলৈ ।

ৰকিবুল হুছেইনৰ টকাৰ গৰম নাথাকে বুলি তীব্র সমালোচনা কৰে বদৰুদ্দিন আজমল । সভাৰ শেষত বদৰুদ্দিন আজমলে আল্লাহৰ ওচৰত দোৱা জনাই কয়, "চোৰ-ডকাইতৰ পৰা আমাক বচাই ৰাখক" ৷

উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিত অহা ৭ মে'ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ । AIUDF ৰ পৰা বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৰকিবুল হুছেইনক আৰু অগপ-বিজেপি-ইউপিপিএল মিত্ৰজোঁটে অগপৰ জাভেদ ইছলামক প্ৰক্ষেপ কৰিছে ।

লগতে পঢ়ক: 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম- অখিল গগৈ - Lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.