ETV Bharat / politics

2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম- অখিল গগৈ - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 8:53 PM IST

Akhil Gogoi election campaign
2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম- অখিল গগৈ

Akhil Gogoi election campaign : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথো কেইটামান দিন ৷ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপি আৰু এ আই ইউ ডি এফ-ক কটাক্ষ বিধায়ক অখিল গগৈৰ ৷

2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম- অখিল গগৈ

জনীয়া, 30 এপ্ৰিল : "মৌলানা বদৰুদ্দিন আজমল অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ গাড্ডাৰ ৷ আপোনালোকে যদি সঁচাকৈ অসমত শান্তিৰে থাকিবলৈ বিচাৰিছে, তেনেহ’লে এ আই ইউ ডি এফ নামৰ দলটোক নাইকিয়া কৰি দিব লাগিব ৷ এতিয়া ধুবুৰীত বতাহ সলনি হ’ল ৷ আজমলৰ সভাত 200 মানুহো নহয় ৷ আমাৰ সভাত 10/20 হাজাৰ লোক হয় ৷ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দালাল বিধায়কজনেই হৈছে কৰিমুদ্দিন বৰভূঞা"- এই মন্তব্য অখিল গগৈৰ ৷

মঙলবাৰে কলগাছিয়াৰ বালিকুৰিত নিৰ্বাচনী সভাত এইদৰে বদৰুদ্দিন আজমলক তুলাধূনা বিধায়ক অখিল গগৈৰ ৷ 2 নং ধুবুৰী লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অখিল গগৈয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপি আৰু এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা কৰি অখিল গগৈয়ে কয়, ইতিমধ্যে তিনি গগৈয়ে উজনি অসমত বিজেপিক চাফা কৰি দিলো ৷ আমি তিনি গগৈয়ে মিলি যোৰহাট, ডিব্ৰুগড়ত বিজেপিক হৰুৱালো ৷ তাৰ পিচতে নগাঁও আৰু কৰিমগঞ্জতো বিজেপিক পৰাস্ত কৰিলো, এতিয়া ধুবুৰীতো বিজেপিক হৰুৱাবলৈ সিদ্ধান্ত লৈছো ৷ গুৱাহাটীতো আমি বিজেপিক হৰুৱাবলৈ চেষ্টা কৰিম ৷

বিজেপিয়ে 14 আসনৰ ভিতৰত 5 খন আসনতকৈ বেছি আসন নাপাব ৷ সম্প্ৰতি মানুহ জাগ্ৰত হৈছে ৷ বিজেপিয়ে যথেষ্ট উৎপাত কৰিলে ৷ এইবাৰ 2014 চনত বিজেপি উৎখাত হ’ব ৷ ইয়াৰোপৰি 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি গগৈয়ে গেৰুৱা দলটোক কঠোৰ সমালোচনা কৰে ৷

আনহাতে, গগৈৰ ভাষণৰ মাজতে একাংশ সমৰ্থকে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, বদৰউদ্দিন আজমল মুৰ্দাবাদ আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: ৰংজুলিত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.