অসমত বিৰোধী ঐক্য সফল নোহোৱাত দুখ প্ৰকাশ আপ নেত্ৰী আতিশী মাৰ্লেনাৰ - Lok sabha Election 2024
Dibrugarh Lok Sabha constituency: আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ ডিব্ৰুগড়ত উপস্থিত আপ নেত্ৰী আতিশী মাৰ্লেনা সিং ৷ অসমত বিৰোধী ঐক্য সফল নোহোৱাত দুখ প্ৰকাশ কৰে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ।

Published : April 8, 2024 at 1:51 PM IST
ডিব্ৰুগড়, 8 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিত দেশৰ হাই প্ৰফাইল নেতাই ভিৰ কৰা পৰিলক্ষিত হৈছে । এটা দিনৰ পূৰ্বে ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ মৰাণত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক জিতেন্দ্ৰ সিঙে প্ৰচাৰ চলাই যোৱাৰ পাছত নিৰ্বাচনী প্ৰচাৰৰ বাবে সোমবাৰে ডিব্ৰুগড়ত উপস্থিত হয় আপ নেত্ৰী আতিশী মাৰ্লেনা সিং ।
ডিব্ৰুগড় আৰু শোণিতপুৰত আপৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত আপৰ নেত্ৰীগৰাকী উপস্থিত হোৱাৰ পাচত আপৰ নেতা-কৰ্মীসকলে ডিব্ৰুগড় বিমান বন্দৰত উষ্ম আদৰণি জনায় আতিশীক । আজি দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ এটা নিৰ্বাচনী ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আপ নেত্ৰীগৰাকীয়ে ।
বিমান বন্দৰত উপস্থিত হৈয়ে ৰাজ্য চৰকাৰৰ কাম-কাজ সন্দৰ্ভত ক্ষুৰধাৰ সমালোচনা কৰে আপ নেত্ৰীগৰাকীয়ে । লগতে অসমত বিৰোধী ঐক্য সফল নোহোৱাত দুখ প্ৰকাশ কৰে আতিশী মাৰ্লেনাই । তেওঁ কয়, " সমগ্ৰ দেশতে বিৰোধী ঐক্য সফল হৈছে ৷ কিন্তু অসমত নহ’ল ৷ হ‘লে ভাল হ’লহেতেন ৷ তথাপিও যিধৰণে লোকসভা নিৰ্বাচনত আপ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপ প্ৰাৰ্থী জয়ী হোৱাটো খাতাং ৷"
অসমৰ 2 খন লোকসভা আসন ক্ৰমে ডিব্ৰুগড় লোকসভা আৰু শোণিতপুৰত জয়ী হোৱাৰ কথা ব্যক্ত কৰে আপ নেত্ৰী আতিশীয়ে । তাৰোপৰি অসম চৰকাৰে চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
ইয়াৰোপৰি চাহ বাগানৰ শ্ৰমিকসকলক প্ৰাপ্য মজুৰিৰ পৰা বিজেপি চৰকাৰে সদায়ে বঞ্চিত কৰি আহিছে বুলি অভিযোগ তোলে আপ নেত্ৰী আতিশী মাৰ্লেনাই । সংবাদ মাধ্যমযোগে আপে চাহ বাগানৰ মানুহক প্ৰাপ্য মজুৰি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি আগবঢ়ায় নেত্ৰীগৰাকীয়ে ।

