ETV Bharat / politics

চাহ বাগিচাৰ ভোটাৰক লৈ অংক: ডিব্ৰুগড়ত প্ৰত্যাহ্বানমূলক তিনিকোণীয়া যুঁজৰ সম্ভাৱনা - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 3:27 PM IST

Dibrugarh Lok Sabha constituency
ডিব্ৰুগড় লোকসভা সমষ্টি

ডিব্ৰুগড় সমষ্টিত বিশেষ আকৰ্ষণীয় হ'ব নিৰ্বাচনী যুঁজখন । সমষ্টিটোত আছে ৩০ শত‍াংশ চাহ জনগোষ্ঠীৰ ভোটাৰ । বাগিচাৰ ভোটাৰক লৈ চাহ জনগোষ্ঠীয় নেতা মনোজ ধানোৱাৰৰ হিচাপ-নিকাচ । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নৰ শ্লোগান লৈ ৰাইজৰ কাষত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল । 'কা'ৰ লগতে বিজেপিৰ অপশাসন আৰু জাতীয় সমস্যাৰ প্ৰসংগ লৈ বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ব্যাপক প্ৰচাৰ অভিযান ।

গুৱাহাটী, ২ এপ্ৰিল: মাজত মাত্র কেইটামান দিন বাকী । তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম প্ৰৰ্যায়ৰ নিৰ্বাচন ১৯ এপ্ৰিলত অসমৰ ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব । ইটিভি ভাৰতৰ আগৰ প্ৰতিবেদনটো উল্লেখ কৰা হৈছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চাহ জনগোষ্ঠীৰ ভোটাৰে বিশেষ প্ৰভাৱ পেলাব। পাঁচটা সমষ্টিৰ চাৰিটাতে চাহ বাগিচাৰ ভোটাৰৰ বিশেষ প্ৰাধান্য আছে। ইয়াৰ ভিতৰত ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভাৰ ভিতৰত সৰ্বাধিক ৯টা সমষ্টিতেই আছে চাহ জনগোষ্ঠীৰ ভোটাৰৰ আধিপত্য ।

এই সমষ্টিটোৰ অন্তৰ্গত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা, লাহোৱাল, খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া সমষ্টিত আছে চাহ জনগোষ্ঠীৰ ভোটাৰৰ প্ৰভাৱ। এই সমষ্টিকেইটাত চাহ জনগোষ্ঠীৰ ২৫-৩৭ শতাংশ পর্যন্ত ভোটাৰ আছে । যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় সমষ্টিত নিৰ্বাচনী যুঁজখন বিশেষ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে। আনহাতে, ডিব্ৰুগড় সমষ্টিত ত্রিকোণীয় ভোটযুদ্ধ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । সমষ্টিটোত বিজেপিৰ প্রার্থী তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু আম আদমি পার্টীৰ মনোজ ধানোৱাৰে প্রার্থিত্ব আগবঢ়াইছে ।

ডিব্ৰুগড় লোকসভা সমষ্টিটো স্বাধীনতাৰ পাছৰে পৰা কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল । এতিয়ালৈ অনুষ্ঠিত ১৫ টা লোকসভা নিৰ্বাচনৰ ভিতৰত ১২ বাৰেই এই সমষ্টিৰ পৰা কংগ্ৰেছৰ প্রার্থী বিজয়ী হৈছিল । লক্ষণীয়ভাৱে সমষ্টিটোৰ ৩০ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । যাৰ সুবিধা গ্ৰহণ কৰি আহিছিল কংগ্ৰেছ দলে । কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত চাহ বাগনৰ ৰাজনীতিৰো ছবিখন সলনি হ'ল । ২০১৪ চনৰ পাছত কংগ্ৰেছৰ এই শক্তিশালী দুর্গ ভেদ কৰি চাহ বাগিচাত বিজেপিয়ে খোপনি পুতিবলৈ সক্ষম হয় । এইবাৰৰ নিৰ্বাচনতো ত্রিকোণীয় যুঁজখনত বাগিচাৰ ভোটক লৈ তিনিওগৰাকী প্ৰাৰ্থীয়ে নিজ নিজ ৰণনীতিৰে প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে ।

বিজেপি দলে দুবাৰৰ সাংসদ তথা চাহ জনগোষ্ঠীয় নেতা ৰামেশ্বৰ তেলীক এইবাৰ বঞ্চিত কৰি সৰ্বানন্দ সোণোৱালক প্রার্থিত্ব দিয়ে । সেই সূত্ৰে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত একমাত্ৰ চাহ জনগোষ্ঠীয় প্রার্থী হৈছে আম আদমি পার্টী চমুকৈ আপৰ মনোজ ধানোৱাৰ। যাৰ বাবে আপৰ মনোজ ধানোৱাৰে চাহ বাগিচাৰ ভোটাৰসকলক লক্ষ্য কৰি নিৰ্বাচনী অংক কৰিছে । লক্ষণীয় বিষয় যে অসমৰ মুঠ ৮০৩খন পঞ্জীকৃত চাহ বাগিচাৰ ২৯৯খন চাহ বাগিচা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত আছে । ইয়াৰে ১৭৭খন চাহ বাগিচা ডিব্ৰুগড় জিলাত আৰু ১২২খন চাহ বাগিচা তিনিচুকীয়া জিলাত আছে । চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে এতিয়া এই চাহ বাগিচাতেই ভোটদাতাৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে ।

ইফালে, বিজেপিয়ে চাহ জনগোষ্ঠীয় নেতা ৰামেশ্বৰ তেলীক আঁতৰাই জনগোষ্ঠীটোক অন্যায় কৰা বুলিও বহু বাগিচাত প্ৰচাৰ চলোৱা হৈছে । চাহ জনগোষ্ঠীটোৰ হকে দিল্লীত মাত মতা এতিয়া নেতাৰ অভাৱ হৈছে । সেয়েহে বিজেপিৰ শোষণ, উৎপীড়ন, বঞ্চনা আৰু প্ৰতাৰণাৰ বাবে আপৰ প্রার্থী মনোজ ধানোৱাৰক দিল্লীৰ মচনদলৈ পঠিয়াব লাগে বুলি বাগানে বাগানে আপে প্ৰচাৰ চলাইছে ।

ইফালে, বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্রার্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও পূৰ্ণোদ্যমে চলাই গৈছে প্ৰচাৰ কাৰ্য। তেওঁ ‘কা’ বলৱৎ কৰা, চৰকাৰী যন্ত্ৰক বিজেপিয়ে ব্লেক মেইলিঙৰ অস্ত্ৰ হিচাপে লোৱা, বিজেপিৰ অপশাসন আৰু প্ৰতাৰণা, বিজেপিৰ শাসনত সংবিধান তথা গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকি সমূহক নির্বাচনী ইচ্ছ্যু হিচাপে লৈ ব্যাপক প্ৰচাৰ অভিযান চলাই আছে । তেওঁ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ, জনগোষ্ঠীয় ভোটাৰ, নৱপ্ৰজন্মৰ ভোটাৰক আকৃষ্ট কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে আৰু বহুক্ষেত্রত তেওঁক ৰাইজে সমৰ্থন কৰাও পৰিলক্ষিত হৈছে ।

আছুৰ সাধাৰণ সম্পাদক পদত থাকোতেই এক শক্তিশালী কণ্ঠ ৰূপে বিশেষ পৰিচয় লাভ কৰা লুৰীণজ্যোতি গগৈয়ে নিজৰ স্বভাৱসুলভ কথনশৈলীৰে ব্যাপক নির্বাচনী প্ৰচাৰ চলাই আছে । সমান্তৰালভাৱে চাহ বাগিচাতো তেওঁ ব্যাপক প্ৰচাৰ চলাইছে । তেওঁ বাগেনে বাগানে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে । লক্ষণীয় বিষয় যে ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ এটা নির্দিষ্ট ভোট বেংক আছে । ইফালে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ো তেওঁৰ প্ৰচাৰত জড়িত হৈ আছে ।

উল্লেখ্য যে ডিব্ৰুগড় সমষ্টি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰৰ বহুখিনি প্ৰভাৱ আছে । ইফালে, বিজেপি দলৰ হেভীৱেইট প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰচাৰ অভিযানত কোনো ত্ৰুটি ৰখা নাই । সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক কাম-কাজক মূল আধাৰ হিচাপে লৈ প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিৰ প্ৰসংগৰে তেওঁ ৰাইজৰ কাষ চাপিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া কাৰ্যকালৰ জয়গান গাই তেওঁ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে ।

লক্ষণীয় বিষয় যে দুটা দশকৰ পাছত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে । ২০০৪ ত অগপৰ প্ৰাৰ্থী হিচাপে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । এইবাৰ তেওঁক দলে ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰে । ইফালে, সমষ্টিটোৰ বৰ্ত্তমানৰ সাংসদ ৰামেশ্বৰ তেলীক প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ বিষয়টো বিশেষভাৱে চৰ্চালৈ আহিছে । যাৰ প্ৰভাৱ চাহ জনগোষ্ঠীয় ভোট বেংকত পৰিব পাৰে বুলিও সৰৱ চৰ্চা হৈছে । অৱশ্যে সৰ্বানন্দ সোণোৱালে বাগানে বাগানে ভোটাৰ ৰাইজৰ মনত স্থান লাভৰ বাবে পূৰ্ণোদ্যমে চলাই গৈছে প্ৰচাৰ অভিযান । মুঠৰ ওপৰত ডিব্ৰুগড় লোকসভা সমষ্টিত এতিয়া নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে ।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব বুলি ধাৰণা কৰা হৈছে। কাৰো বাবে জয়ী হোৱাৰ পথ সহজ নহ'ব । সমষ্টিটোত কোনে শেষ হাঁহি মাৰিব তাৰ বাবে কিছু অপেক্ষা কৰিব লাগিব যদিও প্ৰতিদ্বন্দ্বিতা যথেষ্ট প্ৰত্যাহ্বান হ'ব সেয়া নিশ্চিত ।

লগতে পঢ়ক: ডিফুত বিজেপি প্ৰাৰ্থী অমৰচিং তিছ’ৰ হৈ মুখ্যমন্ত্ৰীৰ বিশাল জনসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.