ETV Bharat / politics

এঘড়ী যুঁজিব: আমবাৰীত টঙালি বান্ধিলে অগপই

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 6:59 PM IST

Updated : Feb 27, 2024, 8:19 PM IST

Asom Gana Parishad extended executive meeting in guwahati
বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

Asom Gana Parishad meeting: গুৱাহাটীত মঙলবাৰে অগপৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ দলটোত নতুন নতুন মুখ দেখি সন্তুষ্টি লাভ কৰা বুলি সভাপতি অতুল বৰাই মন্তব্য কৰে ৷

অতুল বৰাৰ মন্তব্য

গুৱাহাটী, 27 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে সাজু হৈছে অগপ দল ৷ নৱ-প্ৰজন্মৰ আগমন ঘটিছে অগপ দললৈ ৷ বিগত 19 ফেব্ৰুৱাৰীৰ দিনটো এই দলটোৰ বাবে আছিল এটা ঐতিহাসিক দিন, কিয়নো অগপৰ জন্মস্থান গোলাঘাটত দলটোৱে শক্তি প্ৰদৰ্শন কৰে ৷ এটা দলীয় অনুষ্ঠানত সহস্ৰাধিক লোকে যোগদান কৰে অগপত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসম গণ পৰিষদৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমাবাৰীৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় । মঙলবাৰে কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ ১৭০ জন বিষয়ববীয়া উপস্থিত থাকে । অগপৰ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত কয় যে আগন্তুক সময়ত বিভিন্ন জিলাৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ।

আনহাতে কেতবোৰ জিলাত বাকী থকা বুথ কমিটীসমূহ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ দ্বায়িত্ব দিয়া হৈছে । এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অহা ১১ মাৰ্চৰ আগতেই সম্পূৰ্ণ কৰাৰ দিহা কৰা হৈছে । তেওঁ লগতে কয় যে অগপৰ এখন পষেকীয়া মুখপত্ৰ প্ৰকাশৰ দিহা কৰা হৈছে আৰু ইয়াৰ বাবে বিভিন্নজনক দায়িত্ব অৰ্পণ কৰা হৈছে । ন্যায়িক কোষ স্থাপন কৰাৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ দায়িত্ব‌ অৰ্পণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।

আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে দলে টঙালি বান্ধিছে আৰু অতি কম সময়ৰ ভিতৰতে ইয়াৰ ঘোষণা কৰা হ’ব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে ৷ আনহাতে লোকসভাৰ আসন বিজেপি দলে ঠিক কৰি দিব নেকি বুলি সোধা প্ৰশ্ন তেওঁ এৰাই চলে ৷ অগপ দলত ৰাণা গোস্বামীয়ে যোগদান কৰাৰ কথাও তেওঁ স্পষ্টকৈ উল্লেখ কৰাৰ পৰা বিৰত থাকি কেৱল কয় যে এইবাৰ লোকসভাত নিশ্চিতভাৱে অগপৰ প্ৰতিনিধি থাকিব ৷

লগতে পঢ়ক : অগপৰ দুৱাৰ-খিৰিকী সকলোৰে বাবে খোলা আছে : অতুল বৰা

Last Updated :Feb 27, 2024, 8:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.