ETV Bharat / politics

অগপৰ দুৱাৰ-খিৰিকী সকলোৰে বাবে খোলা আছে : অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:23 PM IST

Atul Bora
অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা

Atul Bora: অগপৰ সকলো দুৱাৰ-খিৰিকী সকলো লোকৰ বাবে খোলা আছে বুলি মন্তব্য অতুল বৰাৰ ৷ অগপ দললৈ নতুন প্ৰজন্মৰ তেজৰ আগমন ঘটিছে আৰু কেন্দ্ৰীয় সমিতিতো নতুন প্ৰজন্মৰ প্ৰতিভাক সুবিধা দিয়া হৈছে বুলি কয় দলটোৰ সভাপতিগৰাকীয়ে ।

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা

যোৰহাট, 17 ফেব্ৰুৱাৰী: অগপৰ দুৱাৰ-খিৰিকী সকলোৰে বাবে খোলা আছে বুলি মন্তব্য কৰিছে আঞ্চলিক দলটোৰ সভাপতি অতুল বৰাই ৷ বৰ্তমান অগপলৈ নতুন প্ৰজন্মৰ তেজৰ আগমন ঘটিছে বুলিও মন্তব্য কৰে দলৰ সভাপতিগৰাকীয়ে ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু অগপৰ সাংগঠনিক তৎপৰতা বিৰোধীতকৈ আগত আছে ৷ সেয়েহে বৰ্তমান বিৰোধী দল কংগ্ৰেছৰ লগতে অন্যান্য দল-সংগঠনৰ পৰা অগপত বিভিন্ন নেতা-কৰ্মীয়ে যোগদান কৰিছে ৷ ফলত এতিয়া অগপ অতি উৎসাহী হৈ পৰা দেখা গৈছে ।

শনিবাৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্মাৱতনত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই কয় যে অগপৰ সকলো দুৱাৰ-খিৰিকী সকলো লোকৰ বাবে খোলা আছে ৷ বৰ্তমান অগপৰ দললৈ নতুন প্ৰজন্মৰ তেজৰ আগমন ঘটিছে আৰু কেন্দ্ৰীয় সমিতিতো নতুন প্ৰজন্মৰ প্ৰতিভাক সুবিধা দিয়া হৈছে ।

অতুল বৰাই কয় যে অগপ দলটো ৰাইজৰ তেজৰ বিনিময়ত জন্ম হোৱা এটা দল আৰু পূৰ্বে তেওঁলোকৰ কিছু ভুলৰ বাবে নেতা-কৰ্মী দলৰ পৰা ওলাই গৈছিল ৷ পুনৰ দললৈ তেওঁলোকৰ আগমন ঘটা বুলি মন্তব্য কৰে অতুল বৰাই ৷

আনহাতে অধিক লোক অগপলৈ আহিব বুলি অগপৰ সভাপতি অতুল বৰাই আওপকীয়াকৈ উল্লেখ কৰে । লোকসভা, বিধান সভা আৰু পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ বিপৰ্যয় ঘটিব বুলি মন্তব্য কৰে বিজপিৰ সহযোগী দলটোৰ সভাপতিয়ে ৷

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ফলত সমষ্টিৰ জনগাঁথনি সলনি হোৱাৰ বাবে প্ৰাথিত্বৰ ক্ষেত্ৰত আলাপ-আলোচনা চলি আছে বুলি সদৰী কৰে অতুল বৰাই ৷ আনহাতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে অগপত যোগদানৰ সন্দৰ্ভত এই পৰ্যন্ত কোনোধৰণৰ আলোচনা কৰা নাই বুলি অতুল বৰাই জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি অগপৰ সভাপতি অতুল বৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক আৰু তেওঁ দুৰদৰ্শী চিন্তাক উচ্চ প্ৰশংসাৰে উপচাই পেলায় ।

লগতে পঢ়ক: বিৰোধী দলত ঐক্য আছেনে ? কোনে কি কয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.