ETV Bharat / politics

দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিশাল পদযাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 7:56 PM IST

Lok Sabha Election 2024 : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টি দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিশাল পদযাত্ৰা ৷ বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ পৰা এজন প্ৰাৰ্থী দিয়াৰ পোষকতা মনোজ ধানোৱাৰৰ ৷

Lok Sabha Election 2024
আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ পদযাত্ৰা

দুলীয়াজানত আপৰ বিশাল পদযাত্ৰা

মৰাণ, 18 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো তৎপৰ হৈছে ৷ 2024ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে 12 খন আসনত জয়লাভ কৰাৰ কথা ঘোষণা কৰাৰ মাজতে বিৰোধী ঐক্য মঞ্চত থকা আপে ৰাজ্যৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ৷ ইয়াৰ পাছতে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা মনোজ ধানোৱাৰে আৰম্ভ কৰিছে নিৰ্বাচনী কাম-কাজ ৷

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ বৰ্তমানৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টি দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিশাল পদযাত্ৰা ৷ আজি দুলীয়াজানত উপস্থিত হোৱাৰ পাছতেই দলীয় কৰ্মীয়ে আদৰণি জনাই মনোজ ধানোৱাৰক ৷ ধানোৱাৰে হাতত ঝাৰু লৈ দুলীয়াজানৰ গগৈ মাৰ্কেটৰ পৰা অইল বজাৰলৈকে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি দলীয় প্ৰচাৰ চলায় ৷

প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে আপ নেতা মনোজ ধানোৱাৰে ৷ আগন্তুক নিৰ্বাচনত ৰাজ্যৰ তিনিটা সমষ্টিত কিদৰে বিজেপিক পৰাস্ত কৰিব পাৰি তাৰ বাবে আম আদমী পাৰ্টি সাজু হোৱা বুলি কয় আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ৷ লগতে বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ পৰা এজন প্ৰাৰ্থী দিয়াৰ পোষকতা কৰি তেওঁ কয় যে, আপ আজিও বিৰোধী ঐক্যত আছে ৷ ডিব্ৰুগড়ত অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব দিয়া বিষয়টো কেৱল সংবাদ মাধ্যমতহে চৰ্চা চলা বিষয় ৷ বিৰোধীৰ ঐক্য মঞ্চৰ আলোচনাত অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা নাছিল বুলি কয় তেওঁ ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত আপে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ চহৰ দুলীয়াজানতো আজি ৰাইজে আপৰ প্ৰাৰ্থী গৰাকীক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ কেবাজনো বিধায়কে যোগ দিব অগপত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.