ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ কেবাজনো বিধায়কে যোগ দিব অগপত

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 11:41 AM IST

Lok Sabha polls : অগপত যোগ দিয়াৰ কথা স্পষ্ট কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে । অপেক্ষাত আছিল মুখ্যমন্ত্ৰীৰ সেউজ সংকেটৰ । মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'লে নিৰ্বাচন খেলাৰ বাবে সাজু আছে ছিদ্দিক আহমেদ । চৰ্চা অনুসৰি কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুৰ ৰচিদ মণ্ডল আৰু বিধায়িকা নন্দিতা দাসে অগপত যোগদান কৰাৰ সম্ভাৱনা ।

Congress MLAs to join AGP
অসমত কংগ্ৰেছৰ অতিকৈ বেয়া দিন চলিছে

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : অসমত কংগ্ৰেছৰ অতিকৈ বেয়া দিন চলিছে । কংগ্ৰেছৰ নেতা-কৰ্মীৰ কথা বাদেই এজনৰ পাচত আনজনকৈ কংগ্ৰেছ বিধায়কে আন দল তথা চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই দলটোক চৰম বিপৰ্যয়ৰ দিশলৈ ঠেলি দিছে । শেহতীয়াকৈ কংগ্ৰেছৰ দুজনকৈ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপি চৰকাৰলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ পাচতে আন কেইবাগৰাকী বিধায়কে ভৰি দাঙিছে আন দললৈ যোৱাৰ বাবে ।

বিধানসভা নিৰ্বাচনলৈ যথেষ্ট সময় থকাৰ পৰিপ্ৰেক্ষিতত বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে দল ত্যাগ কৰাৰ বিপৰীতে চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ অভিনব পন্থা হাতত লৈছে । বিধানসভা নিৰ্বাচন অহাৰ লগে লগে কংগ্ৰেছৰ এইসকল নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাটো নিশ্চিত ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত কেইজন বিধায়ক থাকিব, সেয়া সময়হে ক'ব যদিও এইবাৰ বিজেপিৰ মিত্ৰদল অগপলৈ যোৱাৰ কথা সদৰী কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে । অৱশ্যে বিধায়ক আহমেদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেট পালেই অগপত যোগদান কৰিব বুলি ইতিমধ্যেই সদৰী কৰিছিল ।

ইফালে খবৰ অনুসৰি আন কেইবাজনো কংগ্ৰেছী বিধায়কে অগপত যোগদানৰ সম্ভাৱনা আছে । কিন্তু সদ্যহতে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে স্পষ্টভাৱে অগপলৈ যোৱাৰ কথা সদৰী কৰিছে । হয়টো তেওঁ কোৱাৰ দৰেই মুখ্যমন্ত্ৰীৰ সেউজ সংকেট লাভ কৰাৰ বাবেই অগপত যোগদান কৰাৰ কথা সদৰী কৰিছে ।

বিধায়কগৰাকীয়ে সদৰী কৰা মতে নিৰ্বাচনৰ পূৰ্বে তেওঁ অগপত যোগদান কৰিব । বিধায়কগৰাকীৰ স্পষ্ট কথা যে তেওঁ আৰু কংগ্ৰেছ দলত নাথাকে । এ আই ইউ ডি এফলৈ নোযোৱাৰ প্ৰসংগত তেওঁ কয় যে তেওঁৰ বাবে অগপত যোগদানৰ কোনো বিকল্প নাই । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী হোৱাৰ তেওঁ আশা পুহি ৰাখিছে ।

উল্লেখ্য যে, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীয়ে বিজেপি মিত্ৰজোঁট চৰকাৰলৈ সমৰ্থন জনোৱাৰ পৰিপ্ৰেক্ষিততে দলৰ পৰা নিলম্বিত হৈছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠ ছিদ্দিক আহমেদে বিজেপিত যোগদান কৰিব বুলিও চৰ্চা অব্যাহত আছে ।

লক্ষণীয় বিষয় যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি বিজেপি, অগপ আৰু ইউ পি পি এলত যোগদান সন্দৰ্ভত উমৈহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কিছুদিন পূৰ্বে ম মুখ্যমন্ত্ৰীয়ে কৈছিল যে বিজেপি, অগপ আৰু ইউ পি পি এল একেটাই দল ।

কোনে বিজেপিত যোগদান কৰিব আৰু কোনে অগপ বা ইউ পি পি এলত যোগদান কৰিব সেয়া মুখ্যমন্ত্ৰী, অতুল বৰা আৰু প্ৰমোদ বড়োৱে সিদ্ধান্ত লয় । আলোচনা কৰি কাক কোনটো দলত লোৱা হয় সেয়া নিৰ্ধাৰণ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল ।

মুখ্যমন্ত্ৰীৰ সেই মন্তব্যক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে ছিদ্দিক আহমেদে অগপত যোগদান কৰিবলৈ সাজু হোৱাৰ বিষয়টো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে । কংগ্ৰেছত থাকি ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা তথা মন্ত্ৰীত্বৰ ল‍াভ কৰা ছিদ্দিক আহমেদৰ মতে লোকসভা নিৰ্বাচনত অসমতো বিজেপিৰ অভাৱনীয় বিজয় হোৱাৰ বিপৰীতে নিঃশেষ হ’ব কংগ্ৰেছ ।

তেওঁৰ মতে কংগ্ৰেছৰ কোনো ভৱিষ্যৎ নাই । অগপত যোগদান কৰাৰ পিচত তেওঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰার্থী হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আহমেদে কয় যে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে । অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে । ইফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদলৈ আৰু ভাল খবৰ অহাৰ চৰ্চা চলিছে ।

চৰ্চা অনুসৰি কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুৰ ৰচিদ মণ্ডল আৰু বিধায়িকা নন্দিতা দাসে অগপত যোগদান কৰাৰ সম্ভাৱনা আছে । অৱশ্যে তেওঁলোকে ইয়াক নসাৎ কৰিছে ।

লগতে পঢ়ক : হ’ব লাগিছিল কি, হৈ আছে কি : নিৰ্বাচনৰ প্ৰস্তুতিৰ বিপৰীতে কংগ্ৰেছত দিনে-নিশাই গৃহকন্দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.