ETV Bharat / international

টেক্সাছক প্ৰব্ৰজন আইন কাৰ্যকৰী কৰাত বাধা আৰোপ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

author img

By ANI

Published : Mar 19, 2024, 6:48 AM IST

US SC on Immigration Law : যেতিয়ালৈকে ন্যায়ালয়ে বাইডেন প্ৰশাসন আৰু আনসকলৰ জৰুৰীকালীন আপীলৰ বিষয়ে বিবেচনা কৰে, তেতিয়ালৈকে এই স্থগিতাদেশ অব্যাহত থাকিব । চিএনএনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

টেক্সাছক প্ৰব্ৰজন আইন কাৰ্যকৰী কৰাত বাধা আৰোপ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ
টেক্সাছক প্ৰব্ৰজন আইন কাৰ্যকৰী কৰাত বাধা আৰোপ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইণ্টাৰনেচনেল ডেস্ক, ১৯ মাৰ্চ : আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে টেক্সাছক প্ৰব্ৰজন বা অভিবাসন আইন কাৰ্যকৰী কৰাত বাধা আৰোপ কৰে । চিএনএনৰ প্ৰতিবেদন অনুসৰি, এই আইনে ৰাজ্যিক বিষয়াসকলক অবৈধভাৱে দেশখনত প্ৰৱেশৰ সন্দেহ কৰা লোকসকলক গ্ৰেপ্তাৰ বা আটক কৰিবলৈ সক্ষম কৰিব ।

ন্যায়াধীশ চেমুৱেল আলিটোৱে এই নিৰ্দেশ জাৰি কৰিছে, যিহেতু তেওঁ আপীল আদালতৰ পৰা উদ্ভৱ হোৱা বিষয়বোৰ তদাৰক কৰি আছে ৷ যিটো বৰ্তমান গোচৰটোত বিবেচনা কৰি থকা হৈছে । অৱশ্যে ন্যায়াধীশ আলিটোৱে জাৰি কৰা আদেশটোত স্থগিতাদেশৰ সময়সীমা উকলি যোৱাৰ কোনো তাৰিখ দিয়া নাই ।

চিএনএনৰ প্ৰতিবেদন অনুসৰি, যেতিয়ালৈকে ন্যায়ালয়ে বাইডেন প্ৰশাসন আৰু আনসকলৰ জৰুৰীকালীন আপীলৰ বিষয়ে বিবেচনা কৰে, তেতিয়ালৈকে স্থগিতাদেশ অব্যাহত থাকিব ৷ যিসকলে বিচাৰে যে ন্যায়াধীশসকলে আইনখন প্ৰৱৰ্তন কৰাত বাধা দিব ৷ কিয়নো ইয়াৰ প্ৰতি তেওঁলোকৰ আইনী প্ৰত্যাহ্বানবোৰ চলি আছে ।

ডিচেম্বৰত টেক্সাছৰ ৰিপাব্লিকান গভৰ্ণৰ গ্ৰেগ এবটৰ দ্বাৰা চিনেট বিধেয়ক ৪-ত স্বাক্ষৰিত হোৱাৰ পিচত টেক্সাছত ৰাজ্যিক কৰ্তৃপক্ষৰ দ্বাৰা বৰ্ধিত জাতিগত শ্ৰেণীকৰণ আৰু আটক তথা বিতাড়নৰ চেষ্টাৰ প্ৰব্ৰজন অধিবক্তাসকলে উদ্বেগৰ সৃষ্টি কৰিছিল । আনহাতে, চিএনএনৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ ন্যায় বিভাগে কৈছে যে আইনখনে 'প্ৰায় ১৫০ বছৰ ধৰি প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত আমেৰিকা আৰু ৰাজ্যসমূহৰ মাজত বিদ্যমান স্থিতি'ৰ 'গভীৰভাৱে' সংশোধন কৰিব ।

আদালতৰ কাকতত দুটাকৈ প্ৰব্ৰজন গোটৰ এটৰ্ণী আৰু এল পাছো কাউণ্টিয়ে লিখিছিল, "মানুহে প্ৰব্ৰজনৰ বিষয়ে অসন্মত হ'ব পাৰে । তেওঁলোকৰ সদায়ে এইটো থাকে । আৰু টেক্সাছ শেহতীয়া প্ৰব্ৰজনৰ বিষয়ে গভীৰভাৱে চিন্তিত হ'ব পাৰে ।"

"কিন্তু ১৮৭০-ৰ দশকত কেলিফ'ৰ্ণিয়া, ১৯৩০-ৰ দশকত পেনচিলভেনিয়া আৰু মিচিগান আৰু ২০১২ চনত এৰিজোনাৰ ক্ষেত্ৰতো একেই কথা প্ৰত্যাশিত আছিল । তথাপিও ১৫০ বছৰ ধৰি এই ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ৰাজ্যসমূহক প্ৰৱেশ আৰু অপসাৰণৰ মূল প্ৰব্ৰজন ক্ষেত্ৰটো নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিয়া নহয় ।" তেওঁলোকে লগতে কয় ।

উল্লেখ্য যে, টেক্সাছৰ অষ্টিনৰ এগৰাকী ফেডাৰেল ন্যায়াধীশে ৰাজ্য চৰকাৰক এই আইন বলৱৎ কৰাত বাধা প্ৰদান কৰে । অৱশ্যে পঞ্চম ইউএছ চাৰ্কিট কোৰ্ট অব আপীলে নিম্ন আদালতে ঘোষণা কৰা সিদ্ধান্তৰ ওপৰত অস্থায়ী স্থগিতাদেশ প্ৰদান কৰে । ন্যায়ালয়ে কৈছে যে উচ্চতম ন্যায়ালয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আইনখন ১০ মাৰ্চত কাৰ্যকৰী কৰা হ'ব ।

লগতে পঢ়ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত পুনৰ পুটিন; 87.17 শতাংশ ভোট লাভৰে অপ্ৰতিৰোধ্য বিজয় সাব্যস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.