ETV Bharat / international

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত পুনৰ পুটিন; 87.17 শতাংশ ভোট লাভৰে অপ্ৰতিৰোধ্য বিজয় সাব্যস্ত

author img

By ANI

Published : Mar 18, 2024, 7:52 AM IST

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত পুনৰ পুটিন
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত পুনৰ পুটিন

Russia President Election 2024 : পুনৰ ৰাছিয়াৰ ৰাজপাট ভ্লাদিমিৰ পুটিনৰ দখললৈ ৷ ফেডাৰেল প্লেটফৰ্মত অনলাইন ভোটদানত চূড়ান্ত ভোটদানৰ হাৰ আছিল 94 শতাংশ । অৰ্থাৎ 4.4 নিযুত লোকে অনলাইনত ভোটদান কৰে । ভোটদানৰ ফলাফল অনুসৰি, পুটিনে ৮৭.১৭ শতাংশ ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে ।

ইণ্টাৰনেচনেল ডেস্ক, ১৮ মাৰ্চ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়ান ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে । কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ তথ্যৰ উদ্ধৃতি দি ৰাছিয়াস্থিত সংবাদ প্ৰতিষ্ঠান টাছে জনোৱা মতে, ৭০ শতাংশ নিৰ্বাচনী প্ৰটোকল প্ৰক্ৰিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ৮৭.১৭ শতাংশ ভোট লাভেৰে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে ।

আনহাতে, ৰাছিয়ান ফেডাৰেচনৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী নিকোলাই খাৰিটোনভে ৪.৮ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে । ইয়াৰ বিপৰীতে নিউ পিপ'ল পাৰ্টিীৰ প্ৰাৰ্থী ভ্লাডিশ্লাভ ডাভানকভে ৪.১ শতাংশ ভোটেৰে তৃতীয় স্থানত আছে ।

লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিী অব ৰাছিয়াৰ (এলডিপিআৰ) প্ৰাৰ্থী লিঅ'নিড স্লুটস্কিয়ে গণনা কৰা ভোটৰ মাত্ৰ ৩.১৫ শতাংশহে লাভ কৰে ।

দেওবাৰে সন্ধিয়া ৬ বজালৈকে (মস্কোৰ সময় অনুসৰি) প্ৰাপ্ত প্ৰাথমিক তথ্য অনুসৰি, ১৫-১৭ মাৰ্চৰ পৰা তিনি দিনৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৪.২২ শতাংশ । আনহাতে, ২০১৮ চনত অনুষ্ঠিত নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৬৭.৫৪ শতাংশ ।

পুটিনে ২০১৮ চনৰ নিৰ্বাচনৰ তুলনাত অধিক ভোট লাভ কৰে । তেওঁ গণনা কৰা মুঠ ভোটৰ ৭৬.৬৯ শতাংশ লাভ কৰে । প্ৰতিবেদন অনুসৰি, ২০১৮ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পূৰ্বৰ প্ৰতিদ্বন্দ্বীসকলৰ তুলনাত আন প্ৰাৰ্থীসকলৰ প্ৰদৰ্শন স্তিমিত আছিল ।

২০১৮ চনত ৰাছিয়ান ফেডাৰেচনৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী পাভেল গ্ৰুডিনিনে ১১.৭৭ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে এলডিপিআৰ প্ৰাৰ্থী ভ্লাদিমিৰ জিৰিনোভস্কিয়ে (এলডিপিআৰ) ৫.৬৫ শতাংশ ভোট লাভ কৰিছিল ।

২০২৪ চনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী মনোনীত কৰা তিনিওটা দলে ফেডাৰেল বাজেটৰ পৰা পুঁজি লাভ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে । টাছে এক প্ৰতিবেদনত দেখুৱাইছে যে আইন অনুসৰি সকলো দলৰে পুঁজি লাভ কৰাৰ অধিকাৰ আছে । কিয়নো তেওঁলোকৰ প্ৰাৰ্থীয়ে ৰাষ্ট্ৰপ্ৰধান পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি তিনি শতাংশ সীমা অতিক্ৰম কৰিছে । প্ৰতিটো ভোটৰ বাবে দলটোৱে 152 ৰুবলকৈ লাভ কৰিব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে ৰাছিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে ৰিম'ট ইলেক্ট্ৰ'নিক ভোটিং ব্যৱহাৰ কৰা হৈছিল । আৱাসীসকলে ২৮ টা অঞ্চলত ফেডাৰেল প্লেটফৰ্ম ব্যৱহাৰ কৰে । আনহাতে, মস্কোৰ মানুহে তেওঁলোকৰ নিজৰ প্লেটফৰ্মত ভোট দিয়ে ।

ফেডাৰেল প্লেটফৰ্মত অনলাইন ভোটদানত চূড়ান্ত ভোটদানৰ হাৰ আছিল 94 শতাংশ । অৰ্থাৎ 4.4 নিযুত লোকে অনলাইনত ভোটদান কৰে । আনহাতে, মস্কোত প্ৰায় 3.7 নিযুত ইলেক্ট্ৰ'নিক বেলট জাৰি কৰা হৈছিল । ইয়াৰে ভিতৰত ভোটাৰসকলে ভোটকেন্দ্ৰত বিশেষ টাৰ্মিনেল ব্যৱহাৰ কৰে ।

ফেডাৰেল প্লেটফৰ্মত ৰিম'ট ইলেক্ট্ৰ'নিক ভোটদানৰ ফলাফল অনুসৰি, পুটিনে ৮৭.৪১ শতাংশ ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে আৰু ডাভানকভে ৬.২৮ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে । স্লুটস্কিয়ে ৩.৭৫ শতাংশ আৰু খাৰিটোনভে গণনা কৰা ভোটৰ মাত্ৰ ২.৫৬ শতাংশহে লাভ কৰে ।

পুটিনে মস্কোত ৮৯.১ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে আৰু তাৰ পিচত ৪.৪ শতাংশৰ সৈতে ডাভানকভ দ্বিতীয় স্থানত থাকে । খাৰিটোনভ আৰু স্লুটস্কি ক্ৰমান্বয়ে ৩.৩ শতাংশ আৰু ৩.২ শতাংশ ভোটৰ সৈতে তৃতীয় আৰু চতুৰ্থ স্থানত লাভ কৰে ।

পুটিনে ডনবাছ আৰু নভোৰোচিয়াত বৃহৎ ব্যৱধানত সুন্দৰ জয়লাভ কৰে । তেওঁ ইউক্ৰেইনৰ খেৰচন, লুহানস্ক, জাপোৰিজজিয়া আৰু ডনেটস্কৰ দৰে অঞ্চলতো জয়লাভ কৰে । টাছৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

১০০ শতাংশ প্ৰটোকল প্ৰক্ৰিয়াকৰণৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পুটিনে খেৰচন অঞ্চলত ৮৮.১২ শতাংশ, জাপোৰিজজিয়াত ৮৮.১২ শতাংশ, লুহানস্ক পিপ'লছ ৰিপাব্লিকত ৯৪.১২ শতাংশ আৰু ডনেটস্ক পিপ'লছ ৰিপাব্লিকত ৯৫.২৩ শতাংশ ভোট লাভ কৰে ।

ইফালে পুটিনে তেওঁৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু এই কথাত জোৰ দিয়ে যে ৰাছিয়া 'আৰু অধিক শক্তিশালী আৰু অধিক কাৰ্যকৰী' হ'ব লাগিব । তেওঁ ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা সামৰিক অভিযানত জড়িত থকাৰ পৰিস্থিতি স্বীকাৰ কৰিও ভোট দিয়াৰ বাবে ৰাছিয়াৰ জনসাধাৰণকো ধন্যবাদ জনায় ।

লগতে পঢ়ক :কানাডাৰ ব্ৰেম্পটনত নিঃশেষ হৈ গ’ল এটা ভাৰতীয় মূলৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.