গোলাপৰ পাহিৰ পেষ্ট তৈয়াৰ কৰি সৰস্বতী পূজাৰ পূৰ্বে লওক ছালৰ যতন ?
Skin Care: সৰস্বতী পূজাৰ পূৰ্বে কিদৰে ল'ব ছালৰ যতন ? এই সময়চোৱাত ঘৰুৱাভাৱে কেনেদৰে যতন ল'ব ? এই সম্পৰ্কে জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

Published : February 12, 2024 at 11:22 AM IST
গুৱাহাটী, 12 ফেব্ৰুৱাৰী: সমাগত সৰস্বতী পূজা ৷ সেয়ে সৰস্বতী পূজা উপলক্ষে বাগদেৱীক আৰাধনা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল সাজু হোৱাৰ সমান্তৰালকৈ নিজকে সুন্দৰকৈ সজাই-পৰাই তুলিবলৈও সাজু হৈ উঠিছে ৷ এইবর্ষত ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যজুৰি অনুষ্ঠিত হ'ব সৰস্বতী পূজা ৷ ইফালে একেদিনাই উদযাপন কৰা হ’ব প্ৰেমৰ দিন ভেলেণ্টাইন ডে' ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে এই বিশেষ দিনটোৰ পূৰ্বে কেনেকৈ আমি আমাৰ ছালৰ যতন ল’ব লাগে যাতে আমাৰ ছালখন নিমজ আৰু উজ্বল দেখাই সেই বিষয়ে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই কিছু বিশেষ টিপছ ইটিভি ভাৰত অসম সুখীভৱৰ জৰিয়তে শ্বেয়াৰ কৰে ৷ তেন্তে আহক এই টিপছসমূহ আপুনিও জানি লওক-
এইসময়ত ঘৰুৱাভাৱে ফেচ পেক তৈয়াৰ কৰি আপোনাৰ ছালৰ যতন তথা উজ্জ্বল কৰি ৰাখক ৷
ছালখন উজ্জ্বল কৰি ৰাখিবলৈ কি কৰিব লাগিব ?
- ঘৰুৱাভাৱে ছালৰ যতন লৈ ছালৰ উজ্জ্বলতা বজাই কৰি ৰাখিবলৈ আপোনাক লাগিব এচামুচ বাৰ্লি পাউদাৰ, এচামুচ সতেজ কেঁচা গাখীৰ, আৰু এপাহি সুগন্ধি গোলাপৰ পাহিৰ এটা পেষ্ট ৷ গোলাপৰ পাহিৰ এই পেষ্টটোৰ লগত এচামুচ বাৰ্লি পাউদাৰ, এচামুচ সতেজ কেঁচা গাখীৰ মিহলাই ভালদৰে এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব ৷
- মিশ্ৰণটো তৈয়াৰ হোৱাৰ পাছত প্ৰথমে আপোনাৰ ছালৰ বাবে দৈনন্দিন ব্যৱহাৰৰ কৰা Face Cleanserৰে মুখখন ভালদৰে চাফা কৰি ধুই লওক ৷ তাৰ পাছত ভালদৰে আপোনাৰ মুখ আৰু ডিঙিত লগাব ৷ এনেদৰে এই মিশ্ৰণটো আপোনাৰ মুখ আৰু ডিঙিত লগোৱাৰ ১৫ মিনিট পাছত পানীৰে ধুই লওক ৷
- এনেদৰে ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ছালখন উজ্জ্বল হোৱাৰ লগতেই ছালৰ চিকমিকনি বাঢ়িব, ছালখন উজ্জ্বল হোৱাৰ লগতেই নিমজ আৰু সুন্দৰ হৈ পৰিব ৷
- সৰস্বতী পূজা বা ভেলেণ্টাইন ডে'ৰ সমান্তৰালকৈ বৰ্তমান যিহেতু উৎসৱ-পাৰ্বণ বা বিয়া বাৰুৰ সময় চলি আছে ৷ এই সময়চোৱাত এই ফেচ পেকটো ব্যৱহাৰ কৰি আপোনাৰ ছাল ছালখন উজ্জ্বল, নিমজ কৰি ৰখাৰ লগতেই সুন্দৰ ছালৰ গৰাকী হৈ পৰক ৷
লগতে পঢ়ক: কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ দিশতো সমানে উপকাৰী নেমু

