চেলিব্ৰিটি পুষ্টিবিদ ৰুজুতা দিৱেকাৰৰ এই ৩টা টিপছৰ সহায়ত দূৰ কৰক মেদবহুলতা
Weight Loss Tips From Expert: পুষ্টিবিদ ৰুজুতা দিৱেকাৰৰ মতে ওজন কমোৱাটো এক যাত্ৰা, যাৰ কোনো অন্ত নাই । কাৰণ যেতিয়া আপুনি আপোনাৰ বিচৰা মতে ওজন লাভ কৰে তেতিয়াও আপুনি সেইটো বজাই ৰাখিবলৈ অশেষ চেষ্টা কৰি থাকিব লাগিব । সেয়ে ওজন কমোৱাৰ যাত্ৰাৰ সৈতে জড়িত কিছুমান ভুলৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় ।

Published : February 12, 2024 at 5:37 PM IST
যদি আপুনি আপোনাৰ মেদবহুলতাৰ বাবে অশান্তি পাইছে আৰু ইয়াৰ পৰা মুক্তি পাবলৈ ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে বা তেনে কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে অতি লাভদায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷ কাৰণ আজি আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো চেলিব্ৰিটি নিউট্ৰিশ্যনিষ্ট ৰুজুতা দিৱেকাৰে আগবঢ়োৱা ওজন হ্ৰাস কৰাৰ কিছু বিশেষ টিপছ, যিবোৰ শেহতীয়াকৈ তেওঁ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে শ্বেয়াৰ কৰিছে ৷
পুষ্টিবিদ ৰুজুতাই তেওঁৰ পোষ্টত বুজাইছে যে, ওজন হ্ৰাসৰ যাত্ৰা কেৱল অতিৰিক্ত চৰ্বি হ্ৰাস কৰাই নহয়, ই আপোনাৰ সামগ্ৰিক স্বাস্থ্য আৰু সুখৰ সৈতেও জড়িত ৷ এনে পৰিস্থিতিত আপোনাৰ বাবে মননশীল হোৱাটো অতি প্ৰয়োজনীয় ৷ কাৰণ আপোনাৰ সৰু সৰু অভ্যাসবোৰে এই যাত্ৰা আপোনাৰ বাবে কঠিন আৰু সহজ দুয়োটাই কৰি তুলিব পাৰে ৷ এনে পৰিস্থিতিত এই তিনিটা কথা মনত ৰখাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰে-
প্ৰথম কথা
ডায়েটত থকাৰ সময়ত ভুলতে যদি কিবা খালে তাৰ অৰ্থ এইটো নহয় যে সেইদিনা ওজন কমাব পৰা খাদ্য স্থগিত ৰাখিব লাগে ৷ পুষ্টিবিদসকলে কয় যে, ভুল হৈ যোৱা এটা খাদ্যৰ প্ৰভাৱ মেৰামতি কৰিবলৈ দিনটোৰ বাকী খাদ্যখিনি পৰিকল্পনা অনুসৰি খাব লাগে ৷
দ্বিতীয় কথা
বহু সময়ত আমি ভুল কৰো যে ৬০ মিনিটৰ ব্যায়ামৰ সময় নাথাকিলে কোনো ধৰণৰ কাম একেবাৰেই নকৰো ৷ পুষ্টিবিদসকলৰ মতে ৬০ মিনিটৰ পৰা ০ মিনিট ব্যায়ামৰ হিচাপ কৰিলে আপোনাৰ যাত্ৰা কঠিন হৈ পৰে ৷ ইয়াৰ বাবে সময়ৰ লগে লগে ওজন কমি যোৱাৰ পৰিৱৰ্তে বাঢ়িবলৈ আৰম্ভ কৰে ৷ গতিকে যি সময়তে নিয়মিত ব্যায়াম কৰক ৷
তৃতীয় কথা
আপোনাৰ পৰিয়ালক কেতিয়াও সুধিব নালাগে যে আপোনাক দেখাত কেনেকুৱা লাগিছে ৷ কাৰণ যদি তেওঁলোকে আপোনাৰ ইচ্ছা অনুসৰি উত্তৰ নিদিয়ে তেন্তে আপুনি ডিমটিভেট হ’ব পাৰে ৷ মনত ৰাখিব এইটো আপোনাৰ নিজৰ যাত্ৰা ৷ গতিকে নিজকে নিজেই সমৰ্থন কৰক আৰু ভাল পাবলৈ শিকক৷ চাব লাহে লাহে আপুনি সুস্থ অৱস্থাত থাকিব ৷
লগতে পঢ়ক: আলু খালে সঁচাকৈয়ে ওজন বৃদ্ধি পায় নেকি ? কিমান সঁচা এই কথা

