ETV Bharat / health

আলু খালে সঁচাকৈয়ে ওজন বৃদ্ধি পায় নেকি ? কিমান সঁচা এই কথা

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 12:31 PM IST

Updated : Feb 11, 2024, 12:50 PM IST

Does potato increase weight: আলু নোহোৱাকৈ আমি শাক-পাচলিৰ কল্পনা কৰিব নোৱাৰো ৷ কিন্তু যিসকল লোক নিজৰ স্বাস্থ্য সম্বন্ধে সচেতন তেওঁলোকে আলু কমাই খাই অথবা আলু খোৱাৰ পৰা বিৰত থাকে। এই সন্দৰ্ভত সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷

Does potato cause weight gain?
আলু খোৱাৰ অপকাৰিতা

আলু এনেকুৱা এবিধ পাচলি যি আমাৰ খাদ্যৰ অবিচ্ছেদ্য অংগ । প্ৰায় সকলো খাদ্যতে আমি আলু ব্যৱহাৰ কৰো ৷ কিন্তু, স্বাস্থ্যৰ প্ৰতি চিন্তিত লোকসকলে আলু খোৱাৰ পৰা অলপ বিৰত থাকে । বহুতে ভাৱে যে, আলু খালে ওজন বৃদ্ধি হয় আৰু শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি পায় । ইয়াৰ বাবে শৰীৰ ডায়েবেটিছ, হৃদৰোগ আদি বহুতো ৰোগৰ বলি হ’ব পাৰে । কিন্তু, মেদবহুল ৰোগীয়ে আলু খোৱাৰ বাবে বেছি চিন্তিত । কাৰণ বেছিভাগ মানুহৰে মনত এটাই প্ৰশ্ন উদয় হয়, আলু খালে ওজন বৃদ্ধি পায় আৰু ইয়াৰ ফলত পেটৰ চৰ্বি বৃদ্ধি পায় । গতিকে, এই কথাত কিমান সত্য সত্যতা আছে জানো আহক । কিন্তু তাৰ আগতে আপুনি জানি লওক আলুত কিমান ষ্টাৰচ থাকে ?

আলুত ষ্টাৰচৰ পৰিমাণ

আলুত ষ্টাৰচৰ পৰিমাণ অতি পৰিৱৰ্তনশীল হ’ব পাৰে । সাধাৰণতে সতেজ আলুত ৬০-৮০% ষ্টাৰচ থাকে, এই ষ্টাৰচৰ ৭০-৮০% এমাইল’পেক্টিন থাকে আৰু ইয়াক খোৱাৰ আটাইতকৈ ডাঙৰ সমস্যা এইটোৱেই । কিয় আৰু কেনেকৈ, জানি লওক সবিশেষ ।

এমাইল’পেক্টিন ষ্টাৰচে মেদবহুলতা বৃদ্ধি কৰে

আচলতে এমাইল’পেক্টিন দ্ৰুতগতিত ভাঙি যায় আৰু ইয়াৰ গ্লাইচেমিক ইনডেক্স উচ্চ, অৰ্থাৎ ইয়াক খোৱাৰ পিচত তেজৰ চেনি দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে । কাৰ্বহাইড্ৰেট সমৃদ্ধ আলু খালে ইনচুলিন, কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও বৃদ্ধি পাব পাৰে । ইয়াৰ ফলত ইনচুলিন প্ৰতিৰোধ ক্ষমতা আৰু চৰ্বি জমা হয় ।

এই সকলোবোৰৰ উপৰিও আলুত কেলৰিৰ পৰিমাণ অধিক থাকে । এই কাৰণে আলু বেছিকৈ সেৱন কৰিলে মেদবহুলতা বৃদ্ধি পাব পাৰে । গতিকে, যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে বেছি আলু খোৱাৰ পৰা বিৰত থাকক । খালেও দিনটোত ১টাতকৈ বেছি আলু নাখাব ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: খালী পেটত নহৰু খোৱাটো লাভজনক ! কিন্তু জানি লওক খোৱাৰ সঠিক পদ্ধতি

Last Updated : Feb 11, 2024, 12:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.