ETV Bharat / entertainment

পুষ্পা ২ৰ চেটৰ পৰা ভাইৰেল ৰশ্মিকাৰ প্ৰথম লুক, ৰঙা শাৰীত দেখা গ’ল শ্ৰীৱল্লীক

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 1:59 PM IST

Rashmika Mandanna Pushpa 2 look: অতি সোনকালে মুক্তি পাব আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্নাৰ বহু প্ৰত্যাশিত ছবি পুষ্পা ২ । ইফালে ছবিখনৰ চেটৰ পৰা ৰশ্মিকাৰ প্ৰথম লুক ভাইৰেল হৈ পৰিছে ।

Rashmika Mandanna arrives in red saree on Pushpa 2 set WATCH Video Viral
পুষ্পা ২’ৰ পৰা ভাইৰেল ৰশ্মিকাৰ প্ৰথম লুক

চিটাৰা ডেস্ক, ২০ মাৰ্চ : দক্ষিণৰ তাৰকা আল্লু অৰ্জুনৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘পুষ্পা ২’ চলিত বৰ্ষত মুক্তি পাব । এই ছবিখনৰ বাবে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ছবিখনৰ প্ৰথম খণ্ডৰ দৰেই এই খণ্ডতো আল্লু অৰ্জুনৰ সৈতে ৰশ্মিকা মন্দন্নাক দেখা যাব । এতিয়া ছবিখনৰ চেটৰ পৰা অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুক ভাইৰেল হৈ পৰিছে।

‘পুষ্পা ২’ৰ পৰা ভাইৰেল ৰশ্মিকাৰ প্ৰথম লুক

ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ । এই ভিডিঅ’টোত শ্ৰীৱল্লী অৰ্থাৎ পুষ্পা ২ ৰ ৰশ্মিকা মন্দন্নাৰ লুকৰ প্ৰথম আভাস দেখা গৈছে । ভিডিঅ’টোত ৰশ্মিকাই পৰিধান কৰিছে ৰঙা শাৰী । লগতে চুলিত গজৰা লগোৱা পৰিলক্ষিত হৈছে । ৰশ্মিকাৰ এই লুকে পুনৰ অনুৰাগীক উন্মাদ কৰি তুলিছে । ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক চাৰিওফালৰ পৰা নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰি থকা দেখা গৈছে আৰু তেওঁ শ্বুটিঙৰ বাবে চেটলৈ গৈ আছে ।

ৰশ্মিকাৰ এই ভিডিঅ’টো তেওঁৰ এটা ফেন পেজে শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে কেপচনত লিখা আছে,‘‘এইটো শ্ৰীৱল্লীৰ প্ৰথম লুক ।’’

উল্লেখ্য যে, পুষ্পা: দ্য ৰাইজত ৰশ্মিকা মন্দন্নাৰ শ্ৰীৱল্লীৰ চৰিত্ৰটো দৰ্শকে খুব ভাল পাইছিল । ছবিখনৰ পিচত ৰশ্মিকাৰ জনপ্ৰিয়তা আৰু অধিক বাঢ়ি গৈছিল । ছবিখনত ৰশ্মিকা আৰু আল্লু অৰ্জুনৰ কেমিষ্ট্ৰীও দৰ্শকে খুব পছন্দ কৰিছিল । এতিয়া অভিনেত্ৰীগৰাকীক ইয়াৰ দ্বিতীয় খণ্ডতো দেখিবলৈ পোৱা যাব ।

'পুষ্পা ২' কেতিয়া মুক্তি পাব ?

ৰশ্মিকাই এক সাক্ষাৎকাৰত কৈছিল, ‘‘এই ছবিখন ‘পুষ্পা দ্য ৰাইজ’তকৈও ডাঙৰ হ’বলৈ গৈ আছে । পুষ্পা ২ক ব্লকবাষ্টাৰ কৰিবলৈ সকলোৱে কঠোৰ পৰিশ্ৰম কৰি আছে ।’’ আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্না অভিনীত ছবি ‘পুষ্পা ২’ চলিত বৰ্ষৰ ১৫ আগষ্টত বহু ভাষাত ছবিগৃহত মুক্তি পাব । অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক: গেম চেঞ্জাৰৰ চেটৰ পৰা ভাইৰেল হৈ পৰিছে কিয়াৰা আদৱানী-ৰাম চৰণৰ লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.