ETV Bharat / entertainment

গেম চেঞ্জাৰৰ চেটৰ পৰা ভাইৰেল হৈ পৰিছে কিয়াৰা আদৱানী-ৰাম চৰণৰ লুক

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:17 PM IST

Kiara-Ram Charan Game Changer Look Leak: বিশাখাপট্টনমত চলি আছে কিয়াৰা আদৱানী আৰু ৰাম চৰণ অভিনীত ‘গেম চেঞ্জাৰ’ৰ শ্বুটিং । এতিয়া ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে কিয়াৰা আদৱানী আৰু ৰাম চৰণৰ চেটৰ পৰা তেওঁলোকৰ লুকৰ ফটো আৰু ভিডিঅ’ ।

Ram Charan-Kiara Advani's Game Changer Shoot Creates Frenzy in Vizag, Fans Swarm Location - Watch
গেম চেঞ্জাৰৰ চেটৰ পৰা ভাইৰেল কিয়াৰা আদৱানী-ৰাম চৰণৰ লুক

চিটাৰা ডেস্ক, ১৬ মাৰ্চ: ৰাম চৰণ আৰু কিয়াৰা আদৱানীক একেলগে দেখা যাব ‘গেম চেঞ্জাৰ’ ছবিখনত । এই ছবিখনৰ শ্বুটিং চলি আছে আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছবিখন ছবিগৃহত মুক্তি পাব পাৰে । ‘গেম চেঞ্জাৰ’ৰ মুক্তিৰ তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই আৰু নিৰ্মাতাই এতিয়ালৈকে কোনো পোষ্টাৰ বা টিজাৰো মুকলি কৰা নাই ৷ আনকি ছবিখনৰ পৰা প্ৰকাশ পোৱা নাই কিয়াৰা বা ৰাম চৰণৰ লুকো । কিন্তু এতিয়া ছবিখনৰ পৰা দুয়োগৰাকী তাৰকাৰ লুক ভাইৰেল হৈ পৰিছে ।

ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে কিয়াৰা আদৱানী আৰু ৰাম চৰণৰ লুকৰ ছবি আৰু ভিডিঅ’ ৷ ‘গেম চেঞ্জাৰ’ ছবিখনৰ শ্বুটিং বৰ্তমান বিশাখাপট্টনমত চলি আছে । চেটৰ পৰা ভাইৰেল হোৱা এখন ফটোত কিয়াৰাক ক্ৰীম ব্লাউজৰ সৈতে নীলা ৰঙৰ বানাৰসী শাৰী পৰিধান কৰা দেখা গৈছে । কপালত বিন্দি পৰিধান কৰা কিয়াৰাই চুলিকোচা পনিটেইল কৰি ৰাখিছিল, য’ত অভিনেত্ৰীগৰাকীক অতি সহজ-সৰল ৰূপত দেখা গৈছিল ।

ৰাম চৰণৰ লুকো ভাইৰেল হৈ পৰিছে

ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ৰাম চৰণৰ লুকৰ এটা ভিডিঅ’ । ইয়াত অভিনেতাগৰাকীয়ে পাতল গোলাপী ৰঙৰ চাৰ্ট, পেণ্ট আৰু জোতা পিন্ধা দেখা গৈছে । ৰাম চৰণে ৰিমলেছ চশমাৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছে । ভিডিঅ’টোত অভিনেতাজনক গাড়ীৰ পৰা নামি অহা দেখা গৈছে ।

ইফালে ৰাম চৰণৰ আন এটা ভিডিঅ’ ওলাইছে য’ত তেওঁৰ লগত চেলফি তুলিবলৈ চেষ্টা কৰা অনুৰাগীৰ ভিৰ দেখা গৈছে । এই ভিডিঅ’টোত অভিনেতাজনে মুখখন ঢাকিবলৈ চেষ্টা কৰা দেখা গৈছে ।

গেম চেঞ্জাৰ'ৰ কাহিনী কি হ’ব ?

উল্লেখ্য যে, ‘গেম চেঞ্জাৰ’ হ’ব এখন ৰাজনৈতিক নাটক যিখন সঁচা পৰিঘটনাৰ ওপৰত আধাৰিত । ৰাম চৰণে ছবিখনত ৰাজনৈতিক কৌশলবিদৰ চৰিত্ৰত অভিনয় কৰিব । এই ছবিখনত ৰাম চৰণ আৰু কিয়াৰাৰ উপৰিও অঞ্জলি, জয়ৰাম, সুনীল, সমুথিৰাকানী, নবীন চন্দ্ৰ আৰু নাছাৰকো দেখা যাব ।

লগতে পঢ়ক: স্বামী সিদ্ধাৰ্থৰ ছবি যোদ্ধা চোৱাৰ পিচত কিয়াৰা আদৱানীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.