ETV Bharat / entertainment

আলিয়া-ৰণবীৰে দুই মাতৃৰ সৈতে এনেদৰে উদযাপন কৰিলে মাতৃ দিৱস; চাওক ফটো - Mothers Day 2024

author img

By ETV Bharat Entertainment Team

Published : May 13, 2024, 11:47 AM IST

Mother's Day 2024: মাতৃ দিৱসৰ দিনা আলিয়া ভাটে শ্বেয়াৰ কৰিলে এখন সুন্দৰ ছবি, য'ত মাতৃ ছোনী ৰাজদান, শাহুৱেক নীতু কাপুৰ, স্বামী ৰণবীৰ কাপুৰ আৰু ভগ্নী শ্বাহীনক তেওঁৰ সৈতে দেখা গৈছে ।

Mother's Day 2024 Alia Bhatt Ranbir Kapoor grand Family party for maa Neetu Kapoor and Soni Razdan see
আলিয়া-ৰণবীৰে দুই মাতৃৰ সৈতে এনেদৰে উদযাপন কৰিলে মাতৃ দিৱস; চাওক ফটো (SOURCE: INSTAGRAM)

চিটাৰা ডেস্ক, 13 মে’ : 12 মে' দেওবাৰে সমগ্ৰ বিশ্বই পালন কৰিলে মাতৃ দিৱস ৷ প্ৰতি বছৰে মে' মাহৰ দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰা হয় ৷ পুৱাৰ পৰা সকলোৱে মাতৃৰ সৈতে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা দেখা গ’ল ৷

ছাৰা আলী খান, অনন্যা পাণ্ডে আৰু ছাইৰা বানু খানকে ধৰি বহু চেলিব্ৰিটিয়ে মাতৃক স্মৰণ কৰি তেওঁলোকৰ সৈতে ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে ৷ বিগত নিশা আলিয়া ভাটে মাতৃ দিৱস উদযাপনৰ আভাস ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ৷

আলিয়াৰ মাতৃ দিৱস উদযাপন

দুবছৰ পূৰ্বে আলিয়া ভাটে নিজেই মাতৃত্বৰ সুখ অৰ্জন কৰিছিল ৷ জন্ম দিয়ে এটি অতি মৰমলগা কন্যা সন্তান ৰাহা কাপুৰক ৷ এনে পৰিস্থিতিত মাতৃৰ প্ৰতি তেওঁৰ মৰম যেন আৰু বৃদ্ধি পাইছে ৷

ইফালে, ‘গাংগুবাই’ৰ অভিনেত্ৰীগৰাকীয়ে মাতৃ দিৱস উপলক্ষে উদযাপনৰ এখন ফটো সকলোৰে সৈতে শ্বেয়াৰ কৰে, য’ত আলিয়া, নীতু কাপুৰ, ছোনী ৰাজদান, ভগ্নী শ্বাহীন ভাট আৰু স্বামী ৰণবীৰ কাপুৰক দেখা গৈছে ৷ এই সময়ছোৱাত সকলোকে সকলো বগা সাজত দেখা যায় ৷

অনুৰাগীয়ে মন্তব্য কৰিছে

আলিয়াৰ এই ফটোখনত অনুৰাগীসকলে বিভিন্ন মন্তব্য কৰা দেখিবলৈ পোৱা গ’ল ৷ ইয়াৰ বাহিৰেও বহু অনুৰাগীৰ এটাই প্ৰশ্ন যে ক'ত আছে ৰাহা ? আপোনালোকৰ সৈতে ছবিখনত ৰাহা কিয় নাই ?

আলিয়া ভাটৰ আগন্তুক চিনেমা

অভিনেত্ৰী আলিয়া ভাটৰ আগন্তুক ছবিৰ লানি নিচিগা লাইন আছে ৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুক্তি পাবলগীয়া ‘জিগ্ৰা’ ছবিখনত তেওঁক দেখিবলৈ পোৱা যাব ৷ ইয়াৰ সহ-প্ৰযোজনাও কৰিব আলিয়াই নিজেই ৷ লগতে আছে সঞ্জয় লীলা ভাঞ্চালীৰ আগন্তুক ছবি ‘লাভ এণ্ড ৱাৰ’ ৷ ইয়াৰ উপৰিও তেওঁক এখন স্পাই থ্ৰিলাৰ ছবিত দেখা যাব ৷

এই স্পাই থ্ৰিলাৰ ছবিখনত আলিয়াই ছুপাৰ চোল্ডাৰৰ চৰিত্ৰত অভিনয় কৰিব ৷ শিৱ ৰাৱাইলে পৰিচালনা কৰা ছবিখনৰ শ্বুটিং জুলাই মাহৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ট্ৰ’লাৰসকলক উভতি ধৰিলে অদিতি ৰাও হাইদৰীয়ে - HEERAMANDI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.