ETV Bharat / entertainment

ট্ৰ’লাৰসকলক উভতি ধৰিলে অদিতি ৰাও হাইদৰীয়ে - HEERAMANDI

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:57 PM IST

Aditi Rao Hydari on Sharmin Sehgal Trollers: বলীউডৰ অভিনেত্ৰী অদিতি ৰাও হাইদৰীৰ সমানে সহ অভিনেতা শৰ্মিন সহগালেও ৱেব শ্ব’ "হীৰামণ্ডী" ত কৰা অভিনয়ৰ বাবে সন্মুখীন হৈছে ট্ৰ’লৰ ৷ এই চিৰিজটো প্ৰচাৰিত হৈছে নেটফ্লিক্সত ৷

Aditi Rao Hydari
ট্ৰ’লাৰসকলক উভতি ধৰিলে অদিতি ৰাও হাইদৰীয়ে (Instagram)

চিটাৰা ডেস্ক, 12 মে’: বলীউডৰ অভিনেত্ৰী অদিতি ৰাও হাইদৰীয়ে সহ অভিনেতা শৰ্মিন সহগালৰ পক্ষত থিয় দিছে ৷ অদিতিৰ লগতে অভিনেতা শৰ্মিন ছেহগালেও হীৰামণ্ডীত কৰা অভিনয়ৰ বাবে ইতিমধ্যে ট্ৰ’লৰ সন্মুখীন হৈছে ৷

অভিনেতাগৰাকীক ইনষ্টাগ্ৰামত ইমানে ট্ৰ’ল কৰা হৈছিল যে, তেওঁ কমেণ্ট ছেকচনটো অৱশেষত বন্ধ কৰি দিয়ে । হীৰমণ্ডীত আলমজেব নামৰ চৰিত্ৰটোত অভিনয় কৰিছে শৰ্মিনে ।

অদিতিয়ে দিলে ট্ৰ’লৰ প্ৰত্যুত্তৰ:

এটা সাক্ষাৎকাৰত অদিতিক এই বিষয়ে সোধাত অভিনেত্ৰীগৰাকীয়ে এইদৰে কয় যে, "এয়া হোৱাটো একেবাৰেই উচিত হোৱা নাই । কাৰোবাক টাৰ্গেট কৰি লোৱাতো অতিকৈ ভয়ংকৰ কথা । মই জানো যে যিকোনো ছবি বা ধাৰাবাহিকতে কিছুমান কথা দৰ্শকে ভাল নাপায় ৷ বিপৰীতে একাংশ দৰ্শকৰ কোনো অভিযোগ নাথাকে । কিন্তু কোনো অভিনেতা বা অভিনেত্ৰীক মুখ দেখুৱাই ট্ৰ’ল কৰাতো অথবা তেওঁৰ বিষয়ে বেয়াকৈ লিখাতো একেবাৰেই ভাল কথা নহয় । মই ভাবো আমি সকলোৱে এই কথা বুজি ইজনে সিজনৰ সমৰ্থনত থিয় দিয়া উচিত" ।

এওঁলোকেও কৰিছিল সমৰ্থন:

অদিতি ৰাও হায়দৰীৰ উপৰিও সঞ্জয় লীলা ভাঞ্চালীৰ "হীৰামণ্ডী : দ্য ডাইমণ্ড বাজাৰ" ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেতা ৰজত কৌলেও শৰ্মিনৰ ট্ৰ’লাৰসকলক কঠোৰ সমালোচনা কৰে ।

হীৰামণ্ডী নামৰ ছবিখনত বিবোজনৰ চৰিত্ৰত অভিনয় কৰিছে অদিতি ৰাও হাইদৰীয়ে । আনহাতে, শ্বৰ্মিনে আলমজেবৰ চৰিত্ৰত অভিনয় কৰিছে ৷ যাৰ কেন্দ্ৰ কৰি অভিনেতাগৰাকীক নেপটিজিমৰ বাবে ট্ৰ’ল কৰা হৈছে ।

উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালীৰ এয়া প্ৰথমটো অ’টিটি প্ৰজেক্ট ৷ য’ত সোণাক্ষী সিনহা, ৰিচা চড্ডা, অদিতি ৰাও হাইদৰী, মনীষা কৈৰালা, সঞ্জিদা শ্বেখ আৰু শৰ্মিন ছেহগালে বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: Heeramandi Teaser Release: ৱেব শ্ব' হীৰামণ্ডীৰ টিজাৰ মুকলি, থাকিব এই বিষয়বস্তু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.