ETV Bharat / entertainment

Heeramandi Teaser Release: ৱেব শ্ব' হীৰামণ্ডীৰ টিজাৰ মুকলি, থাকিব এই বিষয়বস্তু

author img

By

Published : Feb 18, 2023, 3:59 PM IST

সঞ্জয় লীলা ভাঞ্চালীৰ বহু প্ৰত্যাশিত ৱেব ছিৰিজ হীৰামণ্ডীৰ টিজাৰ মুকলি কৰা হৈছে । এয়া ভাঞ্চালীৰ প্ৰথমটো অ’টিটি প্ৰজেক্ট য’ত সোনাক্ষী সিনহা, ৰিচা চড্ডা, অদিতি ৰাও হাইদাৰী, মনীষা কৈৰালা, সঞ্জীদা শ্বেখ আৰু শৰ্মিন ছেহগালক বিভিন্ন চৰিত্ৰত দেখা যাব ।

First look of Sanjay Leela Bhansali's 'Heeramandi' released, the story of the web show is based on this theme
ৱেব শ্ব' হীৰামণ্ডীৰ টিজাৰ মুকলি, থাকিব এই বিষয়বস্তু

চিটাৰা ডেস্ক, 18 ফেব্ৰুৱাৰী: হীৰামণ্ডীৰ সৈতে OTTত দখল কৰিবলৈ সাজু হৈছে পৰিচালক সঞ্জয় লীলা ভাঞ্চালী । ডিজিটেল মিডিয়াত তেওঁৰ এইটোৱেই প্ৰথম পদক্ষেপ গতিকে বহুতে এই কাহিনীটো চাবলৈ নিজৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ OTTৰ বাবে হীৰামণ্ডী এক মহাকাব্যিক কাম হ’বলৈ গৈ আছে(Heeramandi Teaser)৷ এইবাৰ দেখিবলৈ পোৱা গ'ল ছবিখনৰ টিজাৰ পোষ্টাৰ ৷ এই প্ৰকল্পৰ এটা টিজাৰ পোষ্টাৰ শনিবাৰে নেটফ্লিক্সে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি ইয়াৰ মুখ্য চৰিত্ৰসমূহ সৈতে পৰিচয় কৰাই দিয়ে(First look of Sanjay Leela Bhansali's 'Heeramandi')৷

শনিবাৰে নিৰ্মাতাসকলে শ্বেয়াৰ কৰা টিজাৰ পোষ্টাৰখনত লিখা আছে, ‘অন্য এক যুগ, অন্য এক সময়(heeramandi netflix)। সঞ্জয় লীলা ভাঞ্চালীয়ে সৃষ্টি কৰা যাদুকৰী জগতখনৰ অংশ হ’বলৈ আমি ৰৈ থাকিব নোৱাৰো(sanjay leela bhansali next movie cast)। ইয়াত হীৰমণ্ডীৰ অদ্ভুত পৃথিৱীৰ কিছু আভাস দিয়া হ’ল । সঞ্জয় লীলা ভাঞ্চালীয়ে অদিতি ৰাও হাইদাৰী, মনীষা কৈৰালা, সোনাক্ষী সিন্হা, ৰিচা চড্ডা, শৰ্মিন ছেগল, সঞ্জীদা শ্বেখৰ সৈতে কাম কৰিব । তেওঁলোকৰ লুক এই টিজাৰটোত দেখিবলৈ পোৱা গৈছে(heeramandi web series)৷

শেহতীয়াকৈ ভাঞ্চালীয়ে এই বিশেষ ধাৰাবাহিকখনৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কৈছে, তেওঁ কয় যে, মই ডাঙৰ ডাঙৰ ছবি নিৰ্মাণ কৰিছো সঁচা কিন্তু ডিজিটেল জগতত ভৰি দিয়াটো মোৰ বাবে এক ডাঙৰ কাম(heera mandi sanjay leela bhansali)। তেওঁ হীৰামণ্ডীকো তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট হিচাপে উল্লেখ কৰে ৷ কেৱল সেয়াই নহয়, ৱেব ছিৰিজ নিৰ্মাণ আৰু ২-৩ ঘণ্টীয়া ছবি নিৰ্মাণৰ মাজত পাৰ্থক্য বুজাই তেওঁ কয় যে, দুই-তিনি ঘণ্টীয়া ছবি নিৰ্মাণ কৰিলে পৰিচালকজনক যিমান ধ্বংস কৰা নহয়, সিমান খণ্ডত নিৰ্মিত ছিৰিজ বা ধাৰাবাহিকে তেওঁক ভাগৰুৱা কৰি তোলে । কাৰণ কাহিনীটোত বহুতো নতুন প্ৰত্যাহ্বান আহিছে(Heeramandi Teaser)৷

হীৰামণ্ডী পাকিস্তানৰ লাহোৰৰ এখন ঠাই । এই ঠাইতে আগতে বেশ্যাবৃত্তিত জড়িতসকলে বসবাস কৰিছিল । 'হীৰমণ্ডী' হৈছে বেশ্যালয়ত প্ৰেম, ৰাজনীতি, বিশ্বাসঘাতকতা আৰু উত্তৰাধিকাৰৰ কাহিনী । এই শ্ব’টো নেটফ্লিক্সত প্ৰদৰ্শিত হ’ব ।

Netflixত আহিবলগীয়া সঞ্জয় লীলা ভাঞ্চালীৰ এই ছবিখনৰ কাহিনীৰ বিষয়ে অৱশ্যে সঠিকভাৱে এতিয়াও জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডাঙৰ পৰ্দাত তেওঁৰ ছবি গংগুবাই কঠিয়াৱাড়ীয়ে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আলিয়াৰ অভিনয়েও বলীউড জগতত খলকনিৰ সৃষ্টি কৰিবলৈও সক্ষম হৈছিল ৷ বৰ্তমান এই ৱেব চিৰিজখনক লৈও বহু আশা কৰিছে ধাৰাবাহিক নিৰ্মাতা, পৰিচালক তথা কলা-কুশলীসকলে ৷

লগতে পঢ়ক: Project K release date: শীঘ্ৰেই মুক্তি লাভ কৰাৰ দিশত Project K, ইনষ্টাগ্ৰামযোগে মুক্তি লাভৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.